Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ


নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মেক্ৰ’নক ভাৰতৰ সমূহ জনসাধাৰণৰ তৰফৰ পৰা তথা নিজৰ তৰফৰ পৰাও নৱবৰ্ষৰ শুভেচ্ছা জনায়৷
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মেক্ৰ’নৰ সৈতে পূৰ্বে বিয়াৰিটজ আৰু চেণ্টিলিত হোৱা সাক্ষাৎকাৰসমূহৰ কথা সোঁৱৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত সহযোগিতা সৱলীকৰণ কৰা প্ৰতিশ্ৰুতি দোহাৰে৷ দুয়োখন দেশৰ মাজৰ বৰ্ধিত সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ ব্যক্ত কৰে৷

দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন পৰ্যায়ত পাৰস্পৰিক গুৰুত্ব থকা বিষসমূহত নিজৰ মন্তব্য প্ৰদান কৰে৷
দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, অসামৰিক নিউক্লিয়েৰ শক্তি আৰু নৌসাগৰীয় নিৰাপত্তা দিশত থকা কৌশলগত সহযোগিতা বৰ্তাই ৰাখিবলৈ দুয়োগৰাকী নেতাই সন্মত হয়৷

***

VRRK/AKP/SKS/MANN