Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰপ্তানিকাৰকৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চিজিএছই)ত অনুমোদন কেবিনেটৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰপ্তানিকাৰকসকলৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চিজিএছই) আৰম্ভ কৰাত অনুমোদন জনায়। ইয়াৰ ফলত নেচনেল ক্ৰেডিট গেৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেডে (এনচিজিটিচি) সদস্য ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান (এমএলআই)ক ১০০% ঋণ নিশ্চয়তা কভাৰেজ প্ৰদান কৰি এমএছএমইকে ধৰি যোগ্য ৰপ্তানিকাৰকক ২০,০০০ কোটি টকা পৰ্যন্ত অতিৰিক্ত ঋণৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যসমূহ:

বিত্তীয় সেৱা বিভাগে নেচনেল ক্ৰেডিট গেৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেড (এনচিজিটিচি)ৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰিব যাতে এমএলআইসমূহে এমএছএমইকে ধৰি যোগ্য ৰপ্তানিকাৰকসকলক অতিৰিক্ত ঋণ সহায় আগবঢ়াব পাৰে। ডিএফএছ সচিবৰ অধ্যক্ষতাত এখন পৰিচালনা সমিতিয়ে আঁচনিখনৰ অগ্ৰগতি আৰু ৰূপায়ণৰ তদাৰক কৰিব।

মূল প্ৰভাৱ:

এই আঁচনিখনে বিশ্বজুৰি ভাৰতীয় ৰপ্তানিকাৰকসকলক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাৰ লগতে নতুন আৰু উদীয়মান বজাৰসমূহত বৈচিত্ৰ্যৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। চিজিএছইৰ অধীনত বন্ধকীমুক্ত ঋণৰ সুবিধা প্ৰদান কৰি এই আঁচনিখনে তাৰল্যতা শক্তিশালী কৰিব, মসৃণ ব্যৱসায়িক কাৰ্য্যকলাপ নিশ্চিত কৰিব আৰু ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ভাৰতৰ অগ্ৰগতিত ইন্ধন যোগাব। ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰতৰ দিশত দেশৰ যাত্ৰা আৰু অধিক শক্তিশালী হ’ব।

*****

MJPS/BM/DB