প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত আজি ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ক্ষেত্ৰত ২০২৬-২৭ বৰ্ষৰ (০১.১০.২০২৬ৰ পৰা ৩১.০৩.২০২৭লৈ) ৰবিশস্যৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এন বি এছ)ৰ হাৰত অনুমোদন জনাইছে। ২০২৬-২৭ৰ ৰবিশস্যৰ বতৰৰ বাবে আনুমানিক বাজেটৰ প্ৰয়োজন হ’ব প্ৰায় ৬২,৩৭০.০২ কোটি টকা।এয়া ২০২৫-২৬ বৰ্ষৰ ৰবিশস্যৰ বাজেটৰ প্ৰয়োজনতকৈ প্ৰায় ২৪,৪১৭.৭৩ কোটি টকা বেছি। ২০২৫-২৬ বৰ্ষৰ ৰবিশস্যৰ বাজেট আছিল ৩৭,৯৫২.২৯ কোটি টকা।
লাভসমূহ:
ৰূপায়ণৰ কৌশল আৰু লক্ষ্যসমূহঃ
ডি এ পি আৰু এন পি কে এছ গ্ৰেডকে ধৰি পি এণ্ড কে সাৰত ৰাজসাহায্য ২০২৬-২৭ বৰ্ষৰ ৰবিশস্যৰ বাবে অনুমোদিত হাৰ অনুসৰি (০১.১০.২০২৬ ৰ পৰা ৩১.০৩.২০২৭ লৈ প্ৰযোজ্য) প্ৰদান কৰা হ’ব। যাতে কৃষকসকলক সুলভ মূল্যত এই সাৰসমূহ সহজে উপলব্ধ কৰাব পৰা যায়।
পটভূমি
চৰকাৰে সাৰ প্ৰস্তুতকাৰী/আমদানিকাৰীৰ জৰিয়তে কৃষকসকলক ৰাজসাহায্যযুক্ত মূল্যত ডি এ পিকে ধৰি ২৮টা গ্ৰেডৰ পি এণ্ড কে সাৰ প্ৰদান কৰি আহিছে।পি এণ্ড কে সাৰৰ ৰাজসাহায্য ০১.০৪.২০১০ তাৰিখৰ পৰা এন বি এছ আঁচনিৰ দ্বাৰা পৰিচালিত হৈছে । কৃষক অনুকূল প্ৰয়াসৰ সৈতে সংগতি ৰাখি চৰকাৰে কৃষকসকলৰ বাবে সুলভ মূল্যত পি এণ্ড কে সাৰৰ উপলব্ধতা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
ইউৰিয়া, ডি এ পি, এম অ’ পি আৰু চালফাৰৰ দৰে সাৰ আৰু কেঁচামালৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া ধাৰাটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ডি এ পি আৰু এন পি কে এছ গ্ৰেডকে ধৰি ফছফেটিক আৰু পটাছিক সাৰৰ ক্ষেত্ৰত ২০২৬-২৭ বৰ্ষৰ (০১.১০.২০২৬- ৩১.০৩.২০২৭) ৰ ৰবিশস্য বতৰলৈ এন বি এছ হাৰত অনুমোদন জনোৱাৰ সিদ্ধান্ত লৈছে। কৃষকসকলে যাতে সুলভ মূল্যত সাৰ লাভ কৰে তাৰ বাবে অনুমোদিত আৰু অধিসূচিত হাৰ অনুসৰি সাৰ কোম্পানীসমূহক এই ৰাজসাহায্য প্ৰদান কৰা হ’ব।
***
MJPS/BC