Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৫ বৰ্ষৰ কাবাডী বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা কাবাডী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহিলা কাবাডী দলক ২০২৫ বৰ্ষৰ কাবাডী বিশ্বকাপত তেওঁলোকৰ উল্লেখনীয় বিজয়ৰ বাবে অভিনন্দন জনায়।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়:

২০২৫ চনৰ কাবাডী বিশ্বকাপ জয় কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে আমাৰ ভাৰতীয় মহিলা কাবাডী দলক অভিনন্দন জনাইছো। তেওঁলোকে অসামান্য সাহস, দক্ষতা আৰু নিষ্ঠাৰ পৰিচয় দিলে। তেওঁলোকৰ এই বিজয়ে অগণন যুৱক-যুৱতীক কাবাডীৰ প্ৰতি তেওঁলোকৰ সপোন আৰু লক্ষ্য আৰু অধিক উচ্চতৰ হ’বলৈ অনুপ্ৰাণিত কৰিব।”

 

******

MJPS/SR/DB