Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৯ নৱেম্বৰত সামাজিক ন্যায় আৰু সৱলীকৰণ বিষয়ক বিভাগীয় সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২৬ তাৰিখে বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত অনুষ্ঠিত হ’বলগীয়া সামাজিক ন্যায় আৰু সবলীকৰণ বিষয়ক বিভাগীয় সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ উপস্থিত ৰাইজকো সম্বোধন কৰিব।

 

১৮-১৯ নৱেম্বৰ, ২০২৬ত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বিভাগীয় সন্মিলনখনত সামাজিক ন্যায় আৰু সৱলীকৰণ তথা প্ৰতিবন্ধী ব্যক্তিৰ সৱলীকৰণ খণ্ডৰ সৈতে জড়িত ৰাজ্যসমূহৰ ৰাজনৈতিক নেতৃত্ব আৰু বিষয়াৰাসকল একত্ৰিত হ’ব। সমবায় যুক্তৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰা, ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰত যৌথ মালিকীস্বত্ব বৃদ্ধি কৰা আৰু কেন্দ্ৰ-ৰাজ্যৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে ফলাফল ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা বিভাগীয় সন্মিলনসমূহৰ শৃংখলাৰ এয়া হৈছে তৃতীয়খন সন্মিলন।

 

সন্মিলনত তলত দিয়া চাৰিটা প্ৰধান বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’বঃ

  • নিচামুক্ত ভাৰতৰ বাবে প্ৰতিৰোধ আৰু নিচাজাতীয় সামগ্ৰীৰ চাহিদা হ্ৰাসকৰণৰ কৌশলক নতুন ৰূপ দিয়া।
  • এক ৰাষ্ট্ৰ এক জলপানি পৰ্টেল —সুলভ জলপানি, সৱলীকৃত ছাত্ৰ-ছাত্ৰী।
  • প্ৰাৰম্ভিক হস্তক্ষেপ আৰু প্ৰতিবন্ধকতাৰ বোজা হ্ৰাসকৰণ।
  • বিকশিত ভাৰতৰ বাবে সুগম্য ভাৰত।

এই বিভাগীয় সন্মিলনখনে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহক অভিজ্ঞতা বিনিময়, উৎকৃষ্ট প্ৰথাসমূহ ভাগ বতৰা কৰা আৰু গুৰুত্বপূৰ্ণ খণ্ডভিত্তিক অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব, য’ত কাৰ্যকৰী প্ৰত্যাহ্বানসমূহ সমাধান কৰা আৰু শাসন ব্যৱস্থা তথা সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি ঘটোৱাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

 

***

MJPS/SS/VJ/DB