Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দণ্ডক্ৰম পৰায়ণম সম্পূৰ্ণ কৰাৰ বাবে বেদমূৰ্তি দেৱব্ৰত মহেশ ৰেখেক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ল যজুৰ্বেদৰ মধ্যমণ্ডিনী শাখাৰ ২,০০০ টা মন্ত্ৰেৰে গঠিত দণ্ডক্ৰম পৰায়ণম ৫০ দিনত বিৰামহীনভাৱে সম্পূৰ্ণ কৰাৰ বাবে বেদমূৰ্তি দেৱব্ৰত মহেশ ৰেখেক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে ১৯ বছৰীয়া বেদমূৰ্তি দেৱব্ৰত মহেশ ৰেখেই যি কৰিছে সেয়া পৰৱৰ্তী প্ৰজন্মই মনত ৰাখিব। ‘কাশীৰ সাংসদ হিচাপে এই পবিত্ৰ চহৰখনত এই অসাধাৰণ কৃতিত্ব সম্পন্ন হোৱাত মই আনন্দিত হৈছো। তেওঁৰ পৰিয়াল, সমগ্ৰ ভাৰতৰ পৰা তেওঁক সমৰ্থন কৰা সাধু, ঋষি, পণ্ডিত আৰু সংগঠনলৈ মোৰ প্ৰণাম’, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘১৯ বছৰীয়া বেদমূৰ্তি দেৱব্ৰত মহেশ ৰেখেই যি কৰিছে সেয়া পৰৱৰ্তী প্ৰজন্মই মনত ৰাখিব!

ভাৰতীয় সংস্কৃতিৰ প্ৰতি আগ্ৰহী প্ৰতিজন ব্যক্তিয়ে বিৰামহীনভাৱে ৫০ দিনত শুক্ল যজুৰ্বেদৰ মধ্যমণ্ডিনী শাখাৰ ২,০০০ টা মন্ত্ৰেৰে গঠিত দণ্ডক্ৰম পৰায়ণম সম্পূৰ্ণ কৰাৰ বাবে তেওঁক লৈ গৌৰৱান্বিত। ইয়াত কেইবাটাও বৈদিক শ্লোক আৰু নিখুঁতভাৱে আবৃত্তি কৰা পবিত্ৰ শব্দ অন্তৰ্ভুক্ত আছে। তেওঁ আমাৰ গুৰু পৰম্পৰাৰ শ্ৰেষ্ঠতম প্ৰতীক।

কাশীৰ সাংসদ হিচাপে এই পবিত্ৰ চহৰখনত এই অসাধাৰণ কৃতিত্ব সম্পন্ন হোৱাত মই আনন্দিত হৈছো। তেওঁৰ পৰিয়াল, সমগ্ৰ ভাৰতৰ পৰা তেওঁক সমৰ্থন কৰা সাধু, ঋষি, পণ্ডিত আৰু সংগঠনলৈ মোৰ প্ৰণাম।’

***

MJPS/VJ/HS