পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি জল শক্তি মন্ত্ৰালয়ৰ জল জীৱন অভিযানৰ (JJM) আন্তঃগাঁথনি সৃষ্টিৰ পৰা সেৱা প্ৰদানলৈ ৰূপায়ণৰ পুনৰ্গঠন আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ প্ৰস্তাৱত অনুমোদন জনায়। এয়া হৈছে বহনক্ষম গ্ৰামীণ পাইপেৰে খোৱাপানী যোগানৰ বাবে খোৱাপানী ব্যৱস্থা আৰু প্ৰতিষ্ঠানিক বাতাবৰণৰদ্বাৰা সমৰ্থিত।
গাঁথনিগত সংস্কাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি জেজেএম-ৰ পুনৰ্গঠনৰ বাবে কেবিনেটে ২০১৯-২০ ত অনুমোদিত ১.৫১ লাখ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় অংশসহ ২.০৮ লাখ কোটি টকাৰপৰা মুঠ ৩.৫৯ লাখ কোটি টকা কেন্দ্ৰীয় সাহায্যসহ মুঠ ব্যয় ৮.৬৯ লাখ কোটি টকালৈ বৃদ্ধিত অনুমোদন জনায়।
ইয়াৰ বাবে এটি ইউনিফৰ্ম ৰাষ্ট্ৰীয় ডিজিটেল কাঠামো “সুজলাম ভাৰত” গঢ়ি তোলা হ’ব। ইয়াৰ অধীনত প্ৰতিখন গাঁৱক উৎসৰ পৰা টেপলৈ সম্পূৰ্ণ খোৱাপানী যোগান ব্যৱস্থাৰ ডিজিটেল মেপিং কৰি একক সুজল গাঁও / সেৱা এলেকা আইডি প্ৰদান কৰা হ’ব। স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ “জল অৰ্পণ”ৰ জৰিয়তে আঁচনিসমূহৰ কমিচনিং আৰু আনুষ্ঠানিক হস্তান্তৰত জিপি আৰু ভিডব্লিউএছচি সমূহক জড়িত কৰা হ’ব।
এটা গাঁও পঞ্চায়তে ৰাজ্য চৰকাৰে পৰ্য্যাপ্ত গাঁও পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থা স্থাপন কৰা বুলি নিশ্চিত কৰাৰ পিছতহে কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণ দিব আৰু নিজকে “হৰ ঘৰ জল” বুলি ঘোষণা কৰিব। কাৰ্য্যকৰী ফলপ্ৰসূতা আৰু উৎসৰ বহনক্ষমতাৰ বাবে সামূহিক মালিকীস্বত্ব আৰু অংশগ্ৰহণক অতিশয় গুৰুত্বপূৰ্ণ বুলি স্বীকাৰ কৰি এই কাৰ্য্যক্ৰমে “জল উৎসৱ”ক এটি বাৰ্ষিক, সমাজ-নেতৃত্বাধীন ৰক্ষণাবেক্ষণ আৰু পৰ্য্যালোচনা কাৰ্য্যসূচী হিচাপে প্ৰচাৰ কৰিব। এই কাৰ্য্যসূচীয়ে স্থানীয় সাংস্কৃতিক নীতি-নিয়মক একত্ৰিত কৰাৰ লগতে খোৱাপানীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সামূহিক দায়িত্ববোধ গভীৰ কৰিব।
২০১৯-ত টেপৰ পানীৰ সংযোগ থকা ৩.২৩ কোটি (১৭%) গ্ৰামীণ গৃহস্থীৰ বেচলাইনৰ পৰা এতিয়ালৈকে জেজেএম-ৰ অধীনত ১২.৫৬ কোটিৰো অধিক অতিৰিক্ত গ্ৰামীণ গৃহস্থীক টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে। বৰ্তমান দেশৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে চিনাক্ত কৰা ১৯.৩৬ কোটি গ্ৰামীণ গৃহস্থীৰ ভিতৰত আজিলৈকে প্ৰায় ১৫.৮০ কোটি (৮১.৬১%) গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে।
এইসমূহ কৃতিত্বৰ বাহিৰেও বিশিষ্ট ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান/ব্যক্তিয়ে জেজেএম-ৰ প্ৰভাৱসমূহৰ মূল্যায়ন কৰিছে। এছবিআই ৰিচাৰ্চে প্ৰকাশ কৰা অনুসৰি জেজেএম-এ ৯ কোটি মহিলাক পানী কঢ়িওৱাৰ পৰা মুক্ত কৰিছে। ইয়াৰ ফলশ্ৰুতিত তেওঁলোকৰ আন-আন অৰ্থনৈতিক কাম-কাজত অধিক অংশগ্ৰহণ সম্ভৱ হৈ উঠিছে। বিশ্ব স্বাস্থ্য সংস্থাই (WHO) অনুমান কৰিছে যে ইয়াৰ জৰিয়তে দৈনিক ৫.৫ কোটি ঘন্টা ৰাহি, ৪ লাখ ডায়েৰিয়া-জনিত মৃত্যু ৰোধ আৰু ১৪ নিযুত ডিচেবিলিটি এডজাষ্টেড লাইফ ইয়েৰ (DALY) ৰাহিৰে মহিলাসকলৰ কষ্ট লাঘৱ হ’ব। নোবেল বঁটা বিজয়ী অধ্যাপক মাইকেল ক্ৰেমাৰে ইয়াৰ ফলশ্ৰুতিত পাঁচ বছৰ-অনূৰ্ধ শিশুৰ মৃত্যুৰ হাৰ ৩০% হ্ৰাসৰ সম্ভাৱনা ব্যক্ত কৰিছে। একেদৰে বছৰি ১,৩৬,০০০ লোকৰ জীৱন ৰক্ষা পৰিব। আইআইএম-বেংগালুৰু আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাই (ILO) ইয়াৰ জৰিয়তে ৫৯.৯ লাখ প্ৰত্যক্ষ আৰু ২.২ কোটি পৰোক্ষ ব্যক্তি-বছৰ সম্ভাৱ্য নিয়োগ সৃষ্টিৰ অনুমান কৰিছে। অৰ্থাৎ জেজেএম-এ গ্ৰামীণ জীৱিকাক সুদৃঢ় কৰিব বুলি অনুমান কৰা হৈছে। এই হস্তক্ষেপৰ প্ৰধান হিতাধিকাৰী হৈছে মহিলা আৰু কন্যা শিশুসকল। ইয়াৰ জৰিয়তে তেওঁলোকৰ কষ্ট লাঘৱ, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি, মৰ্য্যাদা বৃদ্ধি আৰু শিক্ষা তথা জীৱিকাৰ কাৰ্য্যকলাপৰ সুযোগ বৃদ্ধি পাইছে।
জেজেএম ২.০-এ সকলো গাঁও পঞ্চায়তক ‘হৰ ঘৰ জল’ হিচাপে প্ৰমাণীকৰণৰ সুবিধা প্ৰদান কৰিব। উক্ত পদক্ষেপে ২০২৮-ৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশৰ সকলো ১৯.৩৬ কোটি গ্ৰামীণ গৃহস্থীলৈ টেপৰ পানী সংযোগৰ ব্যৱস্থা কৰিব। লগতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ সৈতে পৃথক বুজাবুজিৰ চুক্তিৰ (MoU) জৰিয়তে সময়সীমা অনুসৰণ, আঁচনিৰ বহনক্ষমতা আৰু নাগৰিক-কেন্দ্ৰিক জল সেৱা প্ৰদান কৰাটো নিশ্চিত কৰিব। জেজেএম ২.০-এ গাঁথনিগত সংস্কাৰৰ জৰিয়তে আন্তঃগাঁথনি-কেন্দ্ৰিক পদ্ধতিৰ পৰা নাগৰিক-কেন্দ্ৰিক উপযোগিতা-ভিত্তিক সেৱা প্ৰদানৰ পদ্ধতিলৈ ৰূপান্তৰিত হৈ নিশ্চিত ২৪×৭ গ্ৰামীণ খোৱাপানী যোগানেৰে বিকশিত ভাৰত @২০৪৭-ৰ দৃষ্টিভংগীকো লালন-পালন কৰিছে।
সমগ্ৰ চৰকাৰ দৃষ্টিভংগীৰে জল জীৱন অভিযান ২.০-ৰ অধীনত গ্ৰামীণ পানী যোগানৰ আন্তঃগাঁথনি আৰু আঁচনিৰ উৎসৰ বহনক্ষম আৰু দীৰ্ঘ-ম্যাদী পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ বাবে ভাৰত চৰকাৰ পৰ্য্যায়ত ভিন্ন বিভাগৰ মাজত কৌশলগত সহযোগিতা স্থাপনৰো পৰিকল্পনা কৰা হৈছে।
***
MJPS/ST/SB
The Cabinet decision on Jal Jeevan Mission marks a major step towards ensuring sustainable and reliable tap water supply for rural households across India. It shifts the focus from only infrastructure creation to citizen-centric service delivery supported by strong local…
— Narendra Modi (@narendramodi) March 10, 2026