Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইৰাকৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে আলী ফালিহ কাধিম আল-জাইদীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে


ইৰাকৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফালিহ কাধিম আল-জাইদীক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতে ইৰাকৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অত্যধিক মূল্য দিয়ে আৰু সকলো ক্ষেত্ৰতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক  অধিক শক্তিশালী কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে:

“ইৰাকৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে আলী ফালিহ কাধিম আল-জাইদীলৈ আন্তৰিক অভিনন্দন।

ভাৰতে ইৰাকৰ সৈতে দীৰ্ঘদিনীয়া  বন্ধুত্বপূৰ্ণ সম্পৰ্কক অত্যদিক  মূল্য দিয়ে আৰু সকলো ক্ষেত্ৰতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

মই তেওঁক মোৰ শুভেচ্ছা জনাইছো আৰু আমাৰ দুয়োখন দেশৰ  ভাগ-বাটোৱাৰা  কৰা প্ৰগতি তথা  সমৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী ।”

***

MJPS/SS/VJ/DM