Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গোৱাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে গোৱা ইয়াৰ জীৱন্ত সংস্কৃতি, সমৃদ্ধ ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু আন্তৰিক হৃদয়ৰ লোকসকলৰ বাবে বহুলভাৱে পৰিচিত।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই দিনটো হৈছে গোৱাৰ প্ৰগতি আৰু পৰিচয়ৰ বাবে অক্লান্তভাৱে কাম কৰা সকলোকে কৃতজ্ঞতাৰে স্মৰণ কৰাৰ এক সুযোগ।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে গোৱাই সমৃদ্ধি লাভ কৰি থাকিব আৰু বিকশিত ভাৰত গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

শ্ৰী মোদীয়ে গোৱাৰ প্ৰতিগৰাকী নাগৰিকৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

‘গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক শুভেচ্ছা জনাইছো। গোৱাৰ জীৱন্ত সংস্কৃতি, সমৃদ্ধ ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু উষ্ম হৃদয়ৰ লোকসকল বহুলভাৱে পৰিচিত। এই দিনটো ইয়াৰ প্ৰগতি আৰু পৰিচয়ৰ বাবে অক্লান্তভাৱে কাম কৰা সকলোকে কৃতজ্ঞতাৰে স্মৰণ কৰাৰ এক সুযোগ। গোৱা সমৃদ্ধিশালী হৈ থাকক আৰু বিকশিত ভাৰত গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক। গোৱাৰ প্ৰতিগৰাকী নাগৰিকৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো’।

 

*************

MJPS/SS/ST/MK