পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্য শ্ৰীযুত কাছিম-জ’মাৰ্ট টোকায়েভক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কাজাখস্তানৰ সৈতে ভাৰতৰ প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ কথা স্মৰণ কৰে আৰু শেহতীয়া বছৰবোৰত ভাৰত-কাজাখস্তানৰ সম্পৰ্কৰ নিৰন্তৰ বিকাশত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ৰাজনৈতিক, বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সংযোগ, শক্তি, গুৰুত্বপূৰ্ণ খনিজ, উদীয়মান প্ৰযুক্তি, সৃষ্টিশীল অৰ্থনীতি তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে। তেওঁলোকে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ ওপৰতো দৃষ্টিভংগী বিনিময় কৰে।
নেতাদ্বয়ে দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ লগতে অঞ্চলটোত শান্তি, সুস্থিৰতা, উন্নয়ন আৰু সমৃদ্ধিৰ বাবে কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে।
*********
MJPS/SS/ST/MK
PM @narendramodi met President @TokayevKZ in Delhi today. The two leaders discussed ways to give fresh momentum to the India-Kazakhstan Strategic Partnership, with a focus on trade, energy, technology, connectivity, investment and innovation. They also emphasised strengthening… pic.twitter.com/GAasX9dUSb
— PMO India (@PMOIndia) September 13, 2026
Glad to meet President Kassym-Jomart Tokayev during his first visit to India as President.
— Narendra Modi (@narendramodi) September 13, 2026
We had a very productive discussion on giving fresh momentum to the India-Kazakhstan Strategic Partnership.
We see immense potential to deepen cooperation in trade, investment, energy,… pic.twitter.com/fIc6AHPUAf