Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এনভিএছ-০৩ কঢ়িয়াই নিয়া জিএছএলভি-এফ ১৮ৰ সফল উৎক্ষেপণত ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তা সকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন.ভি.এছ-০৩ ক কঢ়িয়াই নিয়া জি.এছ.এল.ভি.-এফ.১৮ ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযান ভাৰতৰ নিজা উপগ্ৰহভিত্তিক দিক্‌ নিৰ্ণায়ক ব্যৱস্থা ‘নেভিক’ ক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অধিক উন্নত ক্ষমতাৰে সজ্জিত এনভিএছ-০৩ য়ে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতা অৰ্জনৰ প্ৰচেষ্টাক অধিক আগুৱাই নিব আৰু দেশবাসীৰ সুবিধাৰ্থে দিক্‌নিৰ্ণায়ক সেৱাক অধিক শক্তিশালী কৰিব।

শ্ৰী মোদীয়ে ভাৰতৰ মহাকাশ বিজ্ঞানীসকলৰ নিষ্ঠা আৰু প্ৰতিভাক প্ৰশংসা কৰি কয় যে তেওঁলোকৰ ধাৰাবাহিক সাফল্যই দেশখনক গৌৰৱান্বিত কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে পোষ্ট কৰে—

“এনভিএছ-০৩ কঢ়িয়াই নিয়া জিএছএলভি-এফ ১৮ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছোঁ।

এই অভিযানে আমাৰ নিজা উপগ্ৰহভিত্তিক দিক্‌নিৰ্ণায়ক ব্যৱস্থা ‘নেভিক’ক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। অধিক উন্নত সক্ষমতাৰে সজ্জিত এনভিএছ-০৩-এ গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ আমাৰ প্ৰচেষ্টাক অধিক আগুৱাই নিব আৰু জনসাধাৰণৰ উপকাৰ সাধন কৰা দিক্‌নিৰ্ণায়ক সেৱাসমূহক সহায় কৰিব।

আমাৰ মহাকাশ বিজ্ঞানীসকলৰ নিষ্ঠা আৰু উদ্ভাৱনী প্ৰতিভাই আমাৰ দেশক ধাৰাবাহিকভাৱে গৌৰৱান্বিত কৰি আহিছে।

@isro

*****

MJPS/SS/VJ/DM