Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুৰ্বেদ দিৱস উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপন কৰিছে।

পৰম্পৰাগত চিকিৎসাৰ কালজয়ী জ্ঞানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আয়ুৰ্বেদ কেৱল চিকিৎসাৰ এক প্ৰণালী নহয়, ই এক স্বাস্থ্যসন্মত আৰু সন্তুলিত জীৱনশৈলীৰ বাবে এক ফলপ্ৰসূ মাধ্যম। তেওঁ সকলোকে এই সমৃদ্ধ ঐতিহ্য গ্ৰহণৰ সংকল্প শক্তিশালী কৰিবলৈ আহ্বান জনায়। এই উপলক্ষে শ্ৰী মোদীয়ে আয়ুৰ্বেদৰ সামগ্ৰিক প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;

‘আয়ুৰ্বেদ দিৱস উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা! আয়ুৰ্বেদ কেৱল চিকিৎসাৰ উপায় নহয়, ই এক স্বাস্থ্যসন্মত আৰু সন্তুলিত জীৱনশৈলী গঢ়ি তোলাৰ এক শক্তিশালী ব্যৱস্থা। আহক, আমি আমাৰ এই সমৃদ্ধ উত্তৰাধিকাৰক আঁকোৱালি লোৱাৰ সংকল্প গ্ৰহণ কৰো আৰু শক্তিশালী কৰো।

हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्।

मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते।।

যি বিজ্ঞানত এইটো ব্যাখ্যা কৰা হৈছে যে মানুহৰ বাবে কি ধৰণৰ জীৱনশৈলী উপকাৰী বা ক্ষতিকাৰক, কিহে জীৱন সুখী বা অসুখী কৰে, কিহে সুস্থ জীৱনক ৰোগগ্ৰস্ত জীৱনৰ পৰা পৃথক কৰে, দীৰ্ঘ তথা স্বাস্থ্যসন্মত জীৱনৰ বাবে কি গ্ৰহণ বা পৰিহাৰ কৰিব লাগে আৰু য’ত জীৱনকালৰ প্ৰকৃতি আৰু জোখ বিশদভাৱে আলোচনা কৰা হয়, তাকেই আয়ুৰ্বেদ বুলি কোৱা হয়।

 

****

MJPS/SS/PRK/HS