পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উডুপীস্থিত শ্ৰী পেজাৱৰ অধোক্ষজ মঠৰ শ্ৰী শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামীজী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে পদ্মবিভূষণ ‘যতিকুল চক্ৰৱৰ্তী’ শ্ৰী বিশ্বেশ তীৰ্থ স্বামীজীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ ল’গ’ উন্মোচন কৰে। তেওঁ উল্লেখ কৰে যে স্বামীজীৰ ভক্তি, জ্ঞান আৰু সেৱাৰ জীৱনে আজিও অগণন লোকক প্ৰেৰণা যোগাই আহিছে। শ্ৰী মোদীয়ে লগতে কয় যে জন্ম শতবাৰ্ষিকীৰ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে তেওঁৰ মহান আদৰ্শসমূহক আৰু অধিক আগুৱাই লৈ যাব।
‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:
“উডুপীৰ শ্ৰী পেজাৱৰ অধোক্ষজ মঠৰ শ্ৰী শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামীজী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰিলোঁ।
পদ্মবিভূষণ ‘যতিকুল চক্ৰৱৰ্তী’ শ্ৰী বিশ্বেশ তীৰ্থ স্বামীজীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ ল’গ’ উন্মোচন কৰিলোঁ। তেওঁৰ ভক্তি, জ্ঞান আৰু সেৱাৰ জীৱনে অগণন লোকক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীয়ে তেওঁৰ মহান আদৰ্শসমূহক অধিক আগুৱাই লৈ যাব।”
Met Sri Sri Vishwaprasanna Tirtha Swamiji of Sri Pejavara Adhokshaja Matha, Udupi, along with other dignitaries.
Unveiled the logo of the Birth Centenary Celebrations of Padma Vibhushan Yatikula Chakravarti Sri Vishwesha Tirtha Swamiji. His life of devotion, learning and… pic.twitter.com/an2ExoXDcM
— Narendra Modi (@narendramodi) September 22, 2026
***
MJPS/SS/PRK/DB