পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মিক্সড ডাবলছ টেবুল টেনিছ শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে মানুষ শ্বাহ আৰু দিয়া চিতালেক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদকে ভাৰতত টেবুল টেনিছৰ বৰ্ধিত জনপ্ৰিয়তাত আন এক গৌৰৱৰ মুহূৰ্ত যোগ কৰিছে। তেওঁ ভৱিষ্যতৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ সংকল্পই বহু যুৱ খেলুৱৈক এই ক্ৰীড়া গ্ৰহণ কৰিবলৈ আৰু উচ্চ লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিব।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘এছিয়ান গেমছত মিক্সড ডাবলছ টেবুল টেনিছ শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে মানুষ শ্বাহ আৰু দিয়া চিতালেক অভিনন্দন জনাইছো। এই পদকে ভাৰতত টেবুল টেনিছৰ বৰ্ধিত জনপ্ৰিয়তাত আন এক গৌৰৱৰ মুহূৰ্ত যোগ কৰিছে। ভৱিষ্যতৰ বাবে তেওঁলোকক শুভেচ্ছা জনালোঁ।
তেওঁলোকৰ সংকল্পই বহু যুৱ খেলুৱৈক এই ক্ৰীড়া গ্ৰহণ কৰিবলৈ আৰু উচ্চ লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিবঃ প্ৰধানমন্ত্ৰী @narendramodi’
Congratulations to Manush Shah and Diya Chitale on winning the Bronze medal in the Mixed Doubles Table Tennis event at the Asian Games.
This medal adds another proud moment to the rising popularity of Table Tennis in India. Best wishes to them for the future.
Their…
— PMO India (@PMOIndia) September 26, 2026
***
MJPS/SS/PRK/MK