Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ ট্ৰেপ শ্বুটিং প্ৰতিযোগিতাত ঐতিহাসিক সোণৰ পদক লাভ কৰাৰ বাবে নীৰু ধান্দাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ মহিলাৰ একক ট্ৰেপ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হোৱাৰ বাবে নীৰু ধান্দাক অভিনন্দন জনাইছে।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অসাধাৰণ নিখুঁত লক্ষ্য আৰু মানসিক ধৈৰ্য্যৰ ভূয়সী প্ৰশংসা কৰি তেওঁ কয় যে তেওঁৰ এই সফলতাই সমগ্ৰ দেশলৈ অপাৰ গৌৰৱ কঢ়িয়াই আনিছে।

 

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই ঐতিহাসিক সফলতাই বহুতো উদীয়মান খেলুৱৈক শ্বুটিং খেলক আদৰি ল’বলৈ আৰু শীৰ্ষ পৰ্যায়ৰ সন্মান অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব।

 

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক্সত কয়:

 

“নীৰু ধান্দাই ভাৰতবাসীক উদযাপন কৰিবলৈ এক ঐতিহাসিক মুহূৰ্ত উপহাৰ দিলে!

 

এছিয়ান গেমছৰ একক ট্ৰেপ শ্বুটিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হোৱাৰ বাবে তেওঁলৈ শুভেচ্ছা জনালোঁ।

 

তেওঁৰ অসাধাৰণ নিখুঁত লক্ষ্য আৰু মানসিক ধৈৰ্য্যই দেশলৈ অসীম গৌৰৱ কঢ়িয়াই আনিছে। এই পদক লাভে বহু উদীয়মান খেলুৱৈক শ্বুটিং খেলক আদৰি ল’বলৈ আৰু সৰ্বোচ্চ সন্মান অৰ্জনৰ দিশে আগুৱাই যাবলৈ উৎসাহিত কৰিব: প্ৰধানমন্ত্ৰী @narendramodi”

**********

MJPS/SS/ST/DB