Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ শীৰ্ষ পদত ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰে জনোৱা  আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত অব্যাহত যোগাযোগ আৰু সহযোগিতা অক্ষুণ্ণ ৰখাৰ লগতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে পুনৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে  এক্সত এনেদৰে লিখিছে—

“ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰ, আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ। ফিলিপাইনছৰ সৈতে থকা কৌশলগত অংশীদাৰিত্বক ভাৰতে গভীৰ মূল্য দিয়ে।দুয়োখন দেশৰ মাজত অব্যাহত যোগাযোগ আৰু সহযোগিতা অক্ষুণ্ণ ৰখাৰ লগতে আমাৰ বন্ধুত্ব অধিক গভীৰ কৰাৰ বাবে মই আগ্ৰহী।”

@bongbongmarcos

 

****

MJPS/SS/VJ/DM