প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে নয়ডা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ ৫ টা এলিভেটেড ষ্টেচনৰ সৈতে ৮.৪৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিড’ৰৰ সম্প্ৰসাৰণত অনুমোদন জনাইছে। এই কৰিড’ৰটো সক্ৰিয় হ’লে নয়ডা আৰু গ্ৰেটাৰ নয়ডা চহৰৰ মুঠ ৭১.৮৭৮ কিলোমিটাৰজুৰি সক্ৰিয় মেট্ৰ’ ৰে’ল নেটৱৰ্ক থাকিব।
সুবিধা আৰু সমৃদ্ধিৰ শক্তিশালীকৰণ:
নয়ডা ছেক্টৰ-৫১ৰ পৰা নয়ডা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ সম্প্ৰসাৰণে চহৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে পৰিগণিত হ’ব। এই প্ৰকল্পই চহৰখনত মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ এক বৃহৎ সম্প্ৰসাৰণ হিচাপে কাম কৰিব।
উন্নীত যোগাযোগ:
নয়ডা মেট্ৰ’ প্ৰকল্পৰ নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰ সম্প্ৰসাৰণে প্ৰায় ৮.৪৪৯ কিলোমিটাৰ নতুন মেট্ৰ’ লাইনৰ সূচনা কৰিব, যাৰ ফলত নয়ডা আৰু গ্ৰেটাৰ নয়ডা চহৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি হ’ব, য’ত বৰ্তমান দক্ষ যোগাযোগৰ অভাৱ আছে আৰু লগতে ই নয়ডা ছেক্টৰ-৬১ ব্লু লাইনত অদল-বদলকে ধৰি উচ্চ চাহিদাৰ কৰিড’ৰৰ সৈতেও প্ৰত্যক্ষ যোগাযোগ প্ৰদান কৰিব।
এই পৰ্যায়ৰ লক্ষ্য হৈছে নয়ডাৰ মূল অঞ্চলসমূহক নিৰৱচ্ছিন্নভাৱে সংহত কৰা, য’ত অন্তৰ্ভুক্ত আছে:
এই গুৰুত্বপূৰ্ণ অঞ্চলসমূহক মেট্ৰ’ নেটৱৰ্কৰ সৈতে সংযোগ কৰি নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ সম্প্ৰসাৰণে কেৱল সংযোগ বৃদ্ধি কৰাই নহয়, নিয়োগ, ব্যৱসায়, শিক্ষা আৰু সাধাৰণ পৰিবহণৰ সৈতে জড়িত বাসিন্দা আৰু যাতায়াতকাৰী উভয়ৰে বাবে অৰ্থনৈতিক কাম-কাজক উৎসাহ যোগাব আৰু নগৰীয়া যাতায়াত সূচল কৰি তুলিব।

****
MJPS/HS