Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৰ্ণাটকৰ বেংগালুৰুত ১৫,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন আৰু মুকলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

কৰ্ণাটকৰ বেংগালুৰুত ১৫,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন আৰু মুকলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত ১৫,৬০০ কোটি টকাতকৈও অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু মুকলি কৰে। এই উপলক্ষে সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কানাড়া ভাষাত শুভেচ্ছা জনোৱাৰ লগতে চহৰখনৰ প্ৰধান দেৱী আন্নাম্মা টাই আৰু নাদপ্ৰভু কেম্পেগৌড়াক প্ৰণাম জনাই কয় যে আজি যোগাযোগ আৰু শক্তি সুৰক্ষাৰ প্ৰকল্পৰ জৰিয়তে বেংগালুৰু আৰু কৰ্ণাটকৰ উন্নয়ন যাত্ৰাক নতুন গতি প্ৰদান কৰাৰ দিন। ‘মেট্ৰ’ আৰু ৰে’লৰ সৈতে সংযোগী প্ৰকল্পৰ পৰা শক্তি সুৰক্ষালৈকে, এই সকলোবোৰ প্ৰকল্পই কৰ্ণাটকৰ আন্তঃগাঁথনিক নতুন শক্তি প্ৰদান কৰিব,’শ্ৰী মোদীয়ে কয়।

আন্তঃগাঁথনি আৰু উন্নত সংযোগে প্ৰগতি, নিয়োগ আৰু উদ্যোগৰ বাবে নতুন পথ সৃষ্টি কৰে বুলি গুৰুত্ব আৰোপ কৰি কয় ই সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক ঢুকি পায় আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰে, ই শেহতীয়া বছৰবোৰত প্ৰায় ৫০ কোটি নাগৰিকে চৰম দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰাত প্ৰতিফলিত হয়, প্ৰধানমন্ত্ৰীয়ে নতুনকৈ আৰম্ভ কৰা প্ৰকল্পসমূহৰ বাবে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। ‘তেওঁলোকে বিকশিত কৰ্ণাটকৰ জৰিয়তে বিকশিত ভাৰত নিৰ্মাণত নতুন গতি প্ৰদান কৰিব আৰু একে সময়তে টেক চিটি হিচাপে বেংগালুৰুৰ পৰিচয় অধিক শক্তিশালী কৰিব,’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

অলপ আগতে বেংগালুৰু মেট্ৰ’ৰ নতুন পিংক লাইনৰ উৎসৰ্গাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই কৰিড’ৰটোৱে আইআইএম বেংগালুৰু, অসংখ্য শিক্ষানুষ্ঠান আৰু চহৰখনৰ প্ৰধান ব্যৱসায়, প্ৰযুক্তি তথা বাণিজ্যিক কেন্দ্ৰসমূহৰ সৈতে যোগাযোগ যথেষ্ট উন্নত কৰিব। ‘বেংগালুৰুৰ লাখ লাখ লোকে কেৱল যাতায়াতৰ সুবিধাই লাভ নকৰে, তেওঁলোকে তেওঁলোকৰ ধন আৰু সময়ো ৰাহি কৰিবলৈ সক্ষম হ’ব,’ শ্ৰী মোদীয়ে কয়।

কালি অঞ্চলটোৰ সৈতে গভীৰ সম্পৰ্ক থকা প্ৰয়াত অনন্ত কুমাৰৰ পুণ্য তিথি বুলি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি এই মেট্ৰ’ লাইনটো দেখি তেওঁৰ আত্মাও নিশ্চয় আনন্দিত হৈছে।’

বাংগালুৰুক ভাৰতৰ ছিলিকন ভেলী বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বেংগালুৰু দেশৰ তথ্য  প্ৰযুক্তি ৰপ্তানিত এক তৃতীয়াংশতকৈ অধিক অৰিহণা যোগায় আৰু উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ প্ৰধান ইঞ্জিন হিচাপে কাম কৰে, প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বেংগালুৰু অঞ্চলৰ দ্ৰুত বিকাশক অগ্ৰাধিকাৰ দিছে আৰু ২০১৪ চনত মাত্ৰ ১৭ কিলোমিটাৰৰ পৰা আজি ১০০ কিলোমিটাৰলৈ নাম্মা মেট্ৰ’ সম্প্ৰসাৰণ কৰিছে, যাৰ ফলত দিল্লী-এনচিআৰ আৰু মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ পাছত ১০০ কিলোমিটাৰ মেট্ৰ’ মাইলৰ খুঁটি অতিক্ৰম কৰা বেংগালুৰু ভাৰতৰ তৃতীয়খন চহৰ হিচাপে পৰিগণিত হৈছে। ‘নাম্মা মেট্ৰ’ৰ এই সফলতা হৈছে জীৱন নিৰ্মাণৰ সুচলতা আৰু ভ্ৰমণৰ সুচলতাৰ ক্ষেত্ৰত দেশৰ নতুন চিন্তাধাৰাৰ ফলাফল আৰু মধ্যবিত্ত পৰিয়ালৰ জীৱন উন্নত কৰাৰ বাবে দেশৰ প্ৰতিশ্ৰুতিৰ ফলাফল,’ শ্ৰী মোদীয়ে কয়।

ভাৰতীয় ৰে’লৱেই ইয়াৰ ঔপনিৱেশিক যুগৰ মানসিকতা ত্যাগ কৰি নতুন উত্তৰাধিকাৰ গঢ়ি তুলিছে য’ত বন্দে ভাৰত ৰে’ল আৰু অমৃত ভাৰত ষ্টেচনৰ জৰিয়তে ষ্টেচন, ইঞ্জিন আৰু ডবাবোৰে ভাৰতৰ স্বকীয় পৰিচয় বহন কৰে, যাৰ ভিতৰত আছে চামৰাজনগৰ, চিক্কামাগালুৰু, সক্লেশপুৰ আৰু সুব্ৰহ্মণ্য ৰোডৰ লগতে কৰ্ণাটকৰ ৬০ টাতকৈও অধিক ষ্টেচন। এই ষ্টেচনবোৰে কেনেদৰে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰি আধুনিকতাৰ সৈতে সংবেদনশীলতাৰ সংমিশ্ৰণ ঘটায় সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে,। তেওঁ কয়,‘আগতে বিমানবন্দৰত যি সুবিধা পোৱা গৈছিল, এতিয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক ৰে’ল ষ্টেচনত সেই সুবিধাবোৰ প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে।’

কৰ্ণাটকৰ আবণ্টন ৯ গুণ বৃদ্ধি হোৱাৰ লগতে যোৱা ১০ৰ পৰা ১২ বছৰত ভাৰতৰ ৰে’ল বাজেট বহুগুণে বৃদ্ধি পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে আজি চাৰিটা অমৃত ষ্টেচন আৰু দুটা দ্বৈত তথা বৈদ্যুতিকৰণ প্ৰকল্প লাভ কৰিছে, লগতে ইয়াৰ প্ৰথম বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন লাভ কৰাৰ কেইদিনমানৰ পাছতে কৰ্ণাটকক গোৱাৰ সৈতে সংযোগ কৰা নতুন বন্দে ভাৰত ৰে’ল লাভ কৰিছে । ‘এই ৰে’লখনৰ জৰিয়তে মাংগালুৰুকে ধৰি সমগ্ৰ কৰ্ণাটকৰ উপকূলীয় পথৰ সহযোগীসকলে অৰ্ধ-উচ্চ গতিৰ ৰে’লৰ নতুন অভিজ্ঞতা লাভ কৰিব,’ শ্ৰী মোদীয়ে কয়।

ইৰাণ আৰু উপসাগৰীয় অঞ্চলৰ চাৰিওফালে চলি থকা যুদ্ধই শক্তি সুৰক্ষাৰ গুৰুত্বপূৰ্ণ প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে পেট্ৰ’ল, ডিজেল আৰু এলপিজি উৎপাদন, খাৰুৱা তেল সংৰক্ষণ, সৌৰ, জলবিদ্যুৎ আৰু বায়ু শক্তি, প্ৰায় সম্পূৰ্ণ ৰেল বৈদ্যুতিকৰণ আৰু মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণৰ বাবে ভাৰতে যোৱা দশকত এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত দৃঢ়তাৰে সন্মুখীন হৈছে আৰু তিনিটা নতুন কৰ্ণাটক প্ৰকল্পৰ বিৱৰণ দিয়ে: মাংগালুৰু এলপিজি প্ৰকল্পৰ ৮০,০০০ মেট্ৰিক টন সঞ্চয় ক্ষমতা যোগ , পেট্ৰ’ল, ডিজেল আৰু বিমান ইন্ধন যোগান সুচল কৰা দেৱংগন্থি মাৰ্কেটিং টাৰ্মিনেল আৰু বেংগালুৰু চিবিজি প্ৰকল্পৰ দৈনিক ১৩ টন জৈৱ গেছ উৎপাদন। ‘ই আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰিব আৰু প্ৰাকৃতিক গেছ আমদানিত ব্যয় হোৱা ধনো ৰাহি হ’ব,’ প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

চিপৰ পৰা জাহাজ আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা ডাটা চেণ্টাৰৰ পৰা কোৱাণ্টাম কম্পিউটিঙলৈকে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে বিশ্বজনীন নেতৃত্বৰ বাবে প্ৰয়াস কৰাৰ সময়ত নিৰ্ভৰযোগ্য বিদ্যুৎ উৎপাদন অপৰিহাৰ্য বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশে পৰিষ্কাৰ শক্তিৰ লক্ষ্যত উপনীত হ’বলৈ ইয়াৰ পাৰমাণৱিক শক্তি প্ৰকল্প সম্প্ৰসাৰণ কৰিছে। ‘আজি ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা ৩০০ গিগাৱাট অতিক্ৰম কৰিছে,’ শ্ৰী মোদীয়ে কয়।

কেন্দ্ৰীয় আঁচনিসমূহে ভাৰতীয় নাগৰিকসকলক বিদ্যুৎ উপভোক্তাৰ পৰা বিদ্যুৎ উৎপাদকলৈ ৰূপান্তৰিত কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ ৪০,০০০ ৰো অধিক পৰিয়ালকে ধৰি সমগ্ৰ দেশজুৰি ৬০ লাখৰো অধিক পৰিয়ালে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে প্ৰায় ৮০,০০০ টকাৰ কেন্দ্ৰীয় সাহায্যৰে ছাদৰ ওপৰত সৌৰ প্ৰকল্প স্থাপন কৰিছে, আনহাতে কৰ্ণাটকৰ কৃষকসকলৰ বাবে বিদ্যুতৰ ব্যয় হ্ৰাস কৰিবলৈ আৰু নতুন উপাৰ্জন তথা চাকৰি সৃষ্টি কৰিবলৈ ৮ লাখৰো অধিক সৌৰ পাম্পৰ জৰিয়তে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। ‘অৰ্থাৎ, কৰ্ণাটকৰ অন্নদাতাসকলো এতিয়া শক্তিদাতা হৈ পৰিছে,’ প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।

২০১৪ চনৰ পাছৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ সংকল্পৰ অধীনত উদ্দেশ্যপ্ৰণোদিত ৰাষ্ট্ৰীয় কাৰ্যকৰীকৰণ, ৰাজহুৱা অংশগ্ৰহণ আৰু কৰদাতাৰ ধনৰ সঠিক ব্যৱহাৰে মধ্যবিত্ত শ্ৰেণীক সম্প্ৰসাৰিত কৰিছে আৰু ঘৰুৱা সৰঞ্জাম, দুচকীয়া বাহন, গুণগত শিক্ষা, পুষ্টি, স্বাস্থ্যসেৱা তথা পৰ্যটনৰ অভিজ্ঞতা অন্বেষণ কৰা এটা নতুন উচ্চাকাংক্ষী শ্ৰেণী সৃষ্টি কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বৰ্ধিত আকাংক্ষাই অটোমোবাইল, ইলেক্ট্ৰনিক্স আৰু পৰ্যটনসেৱাত নতুন উদ্যোগ আৰু চাকৰি বৃদ্ধিৰ পথ অৰ্জন কৰিছে, যাৰ ফলত নব্য মধ্যবিত্ত শ্ৰেণী ভাৰতৰ অৰ্থনৈতিক বিকাশৰ এটা প্ৰধান ইঞ্জিন হৈ পৰিছে। ‘কৰ্ণাটক আৰু বেংগালুৰুতো বৃহৎ সংখ্যাত থকা নব্য মধ্যবিত্ত শ্ৰেণীৰ আগ্ৰহ কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম,’ শ্ৰী মোদীয়ে কয়।

কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ হাতত অধিক উপাৰ্জনৰ পথ দিয়াৰ বাবে নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ১২ লাখ টকালৈকে বাৰ্ষিক আয়ক আয়কৰৰ পৰা ৰেহাই দিয়া, জ্যেষ্ঠ নাগৰিক আৰু ভাড়া উপাৰ্জনকাৰীসকলক লাভান্বিত কৰাৰ বাবে টিডিএছ নিয়ম সংশোধন কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰৰ জৰিয়তে দৈনন্দিন সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দৰে পদক্ষেপৰ ওপৰত আলোকপাত কৰে। ‘ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত জিএছটি বাতিল কৰি, আমি বীমাক অধিক সুলভ কৰি তুলিছোঁ,’ প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

কৰ্ণাটকৰ আজিৰ প্ৰকল্পসমূহে দেশৰ উন্নয়নৰ পথ আৰু অধিক ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে আৰু জনসাধাৰণক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰি মধ্যবিত্ত পৰিয়ালৰ সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধি কৰা, তেওঁলোকৰ ক্ৰয় ক্ষমতা শক্তিশালী কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সপোন পূৰণ কৰাৰ লগতে তেওঁলোক দেশৰ অৰ্থনৈতিক প্ৰগতিৰ অংশীদাৰ হোৱাটোৱেই আমাৰ প্ৰচেষ্টা,’ শ্ৰী মোদীয়ে কয়।

*****

 

MJPS/SS/VJ/PRK /MK