প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত প্রশান্তি কুটিৰমৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে কন্নড় ভাষাত শুভেচ্ছা জ্ঞাপন কৰে আৰু বেংগালুৰুত যোগৰ উল্লেখযোগ্য শক্তি অনুভৱ কৰা বুলি আনন্দ প্ৰকাশ কৰে। কৰ্ণাটক বহু শতিকা ধৰি যোগৰ কেন্দ্ৰ আৰু পৰম্পৰাক সমৃদ্ধ কৰা অসংখ্য শিক্ষক আৰু গৱেষকৰ জন্মস্থান বুলি উল্লেখ কৰি তেওঁ কন্নড় চলচ্চিত্ৰৰ কিংবদন্তি ড০ ৰাজকুমাৰৰ অৱদানৰ কথাও স্মৰণ কৰে। “যোগৰ এনে অনুশীলনকাৰী ইয়াতো আছে যিয়ে কলা জগতৰ লগতে যোগৰ প্ৰতিও সেৱা আগবঢ়াইছিল”, শ্ৰী মোদীয়ে মন্তব্য কৰে।
কৰ্ণাটকৰ সমৃদ্ধ ঐতিহ্যৰ মাজত প্ৰশান্তি কুটিৰমৰ সেৱা আৰু উৎসর্গাৰ ৫০ বছৰীয়া অভূতপূৰ্ব যাত্ৰাক প্ৰতিজন নাগৰিকে জনা উচিত বুলি বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা সৰু কেন্দ্ৰৰ পৰা এটা বৃহৎ আন্দোলনলৈ ইয়াৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। “এটা সাধাৰণ যোগ কেন্দ্ৰ কেনেকৈ ইমান বৃহৎ আন্দোলনত পৰিণত হৈছে সেয়া নিজেই এক অনুপ্ৰেৰণা”, প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
এই সাফল্য উদযাপনৰ সময়ত চৌহদত কেইবাটাও নতুন সুবিধাৰ উদ্বোধনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এছ-ব্যাসা পৰিয়ালক তেওঁলোকৰ ধাৰাবাহিক পদক্ষেপৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। “মই আপোনালোক সকলোকে, আৰু প্রশান্তি কুটিৰমৰ সৈতে জড়িত লাখ লাখ সাধকক সোণালী জয়ন্তী উপলক্ষে অভিনন্দন জনাইছোঁ”, শ্ৰী মোদীয়ে কয়।
এই বছৰ প্ৰশান্তি কুটিৰমৰ সোণালী জয়ন্তীৰ সৈতে একেলগে সংযোগ ঘটা এইচ ভি শেষাদ্ৰীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশক সফলতাৰ শিখৰত উপনীত কৰিবলৈ উৎসৰ্গিত, সক্ষম আৰু শৃঙ্খলাবদ্ধ নাগৰিকৰ প্ৰয়োজন- এই কথাক স্বীকৃতি দি শেষাদ্ৰীয়ে নিজৰ সমগ্ৰ জীৱনটো চৰিত্ৰ-নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ অভিযানৰ প্ৰতি উৎসৰ্গা কৰিছিল।
এইচ ভি শেষাদ্ৰীৰ সৰলতা, প্ৰভাৱশালী ব্যক্তিত্ব, বিশাল অভিজ্ঞতা আৰু নিজে আঁৰত থাকি আনক আগুৱাই নিবলৈ, মানুহক একত্ৰিত কৰিবলৈ আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে প্ৰস্তুত কৰিবলৈ নিজে দৃশ্যপটৰ আঁৰত থকাৰ গভীৰ নমনীয়তাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষাদ্ৰীয়ে সততে উল্লেখ কৰা এটা উদাহৰণ দাঙি ধৰে য’ত তেওঁ প্ৰায়েই এগৰাকী মাতৃৰ পৰা শিকাৰ কথা উল্লেখ কৰিছিল। যিয়ে নিঃস্বাৰ্থভাৱে নিজৰ সন্তানক লালন-পালন আৰু সেৱা কৰিবলৈ গোটেই ৰাতি উজাগৰে থাকে। “যদি আমি সমাজৰ বাবে এই ভাবনা সম্প্ৰসাৰণ কৰোঁ, তেন্তে সমাজৰ বাবে কিমান ডাঙৰ ভাল কাম কৰা হ’ব”, শ্ৰী মোদীয়ে মন্তব্য কৰে।
এইচ ভি শেষাদ্ৰীয়ে এগৰাকী মাতৃৰ বিশুদ্ধতাৰে আৰু স্বাৰ্থহীনভাবে সমাজৰ প্ৰতি সেৱা আগবঢ়াইছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাবে শেষাদ্ৰীৰ মৰম আৰু পথ নিৰ্দেশনা লাভ কৰাটো তেওঁৰ বাবে সৌভাগ্য বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তেওঁৰ সৈতে অতিবাহিত কৰা সময়ৰ স্মৃতি আৰু তেওঁৰ পৰামৰ্শবোৰ আজিও মোৰ বাবে অতি মূল্যৱান।”
যেতিয়া কোনোৱে দুয়োখন হাতেৰে সমাজক অৱদান দিয়ে, সমাজে লাখ লাখ হাতেৰে ইয়াক ঘূৰাই দিয়ে – এইচ ভি শেষাদ্ৰীৰ এই অবিস্মৰণীয় শিক্ষাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ নিজৰ জীৱনত এই সত্যটোৱে বাৰে বাৰে ফল দেখুৱাইছে। “জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াওঁতে মোক সদায় আশীৰ্বাদ দিয়া হৈছে আৰু এয়া মোৰ জীৱনৰ এটা অতি ডাঙৰ সম্পদ”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
এই একেই নিঃস্বাৰ্থ সেৱাৰ মনোভাৱ এইচ ভি শেষাদ্ৰীৰ পৰিয়ালৰ সকলোৰে মাজত স্পষ্ট বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ উৎসর্গিত কামৰ জৰিয়তে তেওঁৰ অভিযান আগবঢ়াই নিয়াৰ বাবে ড° এইচ আৰ নাগেন্দ্ৰ আৰু ড° আৰ নাগৰত্নক প্ৰশংসা কৰে। “মই তেওঁলোকৰ প্ৰতিটো প্ৰচেষ্টাক প্ৰশংসা কৰোঁ আৰু তেওঁলোকক অভিনন্দন জনাইছোঁ”, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
যেতিয়া ভাৰত ঔপনিৱেশিক শাসনৰ শিকলিত আৱদ্ধ আছিল আৰু লাখ লাখ স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতাৰ বাবে যুঁজ দিছিল সেই যুগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ আধ্যাত্মিক চেতনা জাগ্ৰত কৰাত স্বামী বিবেকানন্দৰ দৰে ৰাষ্ট্ৰ ঋষিসকলে পালন কৰা সমান্তৰাল ভূমিকাৰ ওপৰত আলোকপাত কৰে। “তেওঁ ভাৰতৰ যুৱপ্ৰজন্মক যোগৰ পথ দেখুৱাইছিল”, শ্ৰী মোদীয়ে উল্লেখ কৰে।
স্বামী বিবেকানন্দৰ দৰে ঋষিৰ পৰা অনুপ্ৰেৰণাই প্ৰশান্তি কুটিৰম আৰু এছ-ব্যাসাৰ দৰে প্ৰতিষ্ঠানৰ জন্ম দিছিল, যিয়ে কেৱল জনসাধাৰণক যোগৰ সৈতে সংযোগ কৰাই নহয়, বৰঞ্চ আধুনিক বৈজ্ঞানিক গৱেষণা, প্ৰশিক্ষিত অনুশীলনকাৰী, শিক্ষক, চিকিৎসক আৰু দাৰ্শনিকসকলে বিশ্বব্যাপী সেৱা আগবঢ়াইছে আৰু যোগ, আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা আৰু আধুনিক চিকিৎসাক একত্ৰিত কৰি এক সামগ্ৰিক সুস্থতা পৰিৱেশতন্ত্ৰ নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মানসিক চাপ আৰু জীৱনশৈলীজনিত ৰোগৰ সন্দৰ্ভত তেওঁলোকৰ গৱেষণাৰ প্ৰশংসা কৰে। “এই দিশত কৰা গৱেষণা কাৰ্যই সমগ্ৰ বিশ্বৰ সেৱা কৰিছে আৰু এই প্ৰচেষ্টাৰ বাবে মই প্ৰশান্তি কুটিৰমক প্ৰশংসা কৰোঁ”, প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
বিগত ১২ বছৰ ধৰি ভাৰতে সম্পূৰ্ণ আত্মবিশ্বাসেৰে বিশ্বৰ সন্মুখত নিজৰ সংস্কৃতি, পৰিচয় আৰু বৈজ্ঞানিক ঐতিহ্য উপস্থাপন কৰা বুলি গুৰুত্ব আৰোপ কৰি সমগ্ৰ অষ্ট্ৰেলিয়া, আফ্ৰিকা আৰু আমেৰিকাত কোটি কোটি অংশগ্ৰহণকাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদয়াপন কৰাৰ লগতে বিশ্বজুৰি বিদ্যালয়, প্ৰতিষ্ঠান আৰু কৰ্মক্ষেত্ৰত যোগৰ প্ৰৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ছৌদি আৰবে যোগক এটা ক্ৰীড়া হিচাপে স্বীকৃতি দিছে আৰু ইয়াৰ ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে। “বিদেশী নাগৰিকসকলে নিৰন্তৰভাৱে যোগৰ প্ৰচাৰ কৰাৰ উদাহৰণ পোহৰলৈ আহিছে, আৰু দেশখনেও তেওঁলোকক পদ্মশ্ৰীৰে সন্মানিত কৰি তেওঁলোকৰ গৌৰৱ বৃদ্ধি কৰিছে”, শ্ৰী মোদীয়ে কয়।
যোগৰ গোলকীয় বৰ্ধিত পৰিচিতিয়ে ভাৰতৰ প্ৰতি কৌতূহল আৰু ইয়াৰ সংস্কৃতি তথা পৰম্পৰাগত জ্ঞানৰ প্ৰতি আকৰ্ষণৰ সৃষ্টি কৰাৰ লগতে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে গোলকীয় সংযোগৰ নতুন পথ মুকলি কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সমান্তৰালভাৱে আয়ুৰ্বেদৰো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে। “বিশ্বৰ বিভিন্ন দেশত ১৫০ৰো অধিক আয়ুৰ্বেদ প্ৰশিক্ষণ পাঠ্যক্ৰমক স্বীকৃতি দিয়া হৈছে আৰু আয়ুৰ্বেদৰ সম্প্ৰসাৰণত সহযোগিতাৰ বাবে বিশ্বৰ ২৮খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে”, প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।
চৰকাৰে যোগৰ প্ৰচাৰৰ লগতে কেইবাটাও নিয়ম সংশোধন কৰিছে যাতে যোগ আৰু আয়ুৰ্বেদৰ লাভালাভ প্ৰতিজন নাগৰিকৰ ওচৰলৈ যায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোগাসনক ভাৰতত এটা প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে স্বীকৃতি দিয়া হৈছে আৰু খেলো ইণ্ডিয়া তথা ৰাষ্ট্ৰীয় ক্ৰীড়াত নিৰ্দিষ্ট স্থান দিয়া হৈছে। “এই পৰিৱৰ্তন ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো যোগৰ সৈতে জড়িত লোকসকলৰ বাবেও প্ৰতিযোগিতামূলক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰাৰ পথ মুকলি হৈছে”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
ভেষজ ৰপ্তানিৰ সমান্তৰালভাবে কেইবালাখো কোটি টকাৰ আয়ুষ অৰ্থনীতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উৎসর্গিত আয়ুষ মন্ত্ৰালয় গঠনৰ জৰিয়তে চৰকাৰৰ আয়ুৰ্বেদৰ ধাৰাবাহিক প্ৰচাৰ তথা আয়ুৰ্বেদিক গৱেষণা আৰু পেটেণ্টৰ বাবে সমৰ্থনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঘৰুৱাভাবে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ব্যৱহাৰ কৰি অহা ভাৰতীয় হালধিৰ বাবে গোলকীয় চাহিদা বৃদ্ধি হৈছে। শ্ৰী মোদীয়ে হালধি ৰপ্তানি বৃদ্ধিৰ বাবে প্ৰাতিষ্ঠানিক পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। “হালধিৰ উৎপাদন, গুণগত মান আৰু ৰপ্তানিৰ ক্ষেত্ৰত নতুন শক্তি প্ৰদান কৰিবলৈ আমি ৰাষ্ট্ৰীয় হালধি পৰিষদ গঠন কৰিছোঁ”, প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।
তৰুণসকলৰ বাবে সুযোগ সৃষ্টি কৰাৰ সময়ত ভাৰতৰ প্ৰাচীন বিজ্ঞান আৰু আধুনিক গৱেষণাৰ সুবিধাসমূহ মানৱীয়তাৰ সৈতে ভাগ-বাটোৱাৰা কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশী চিকিৎসা পৰ্যটকসকলৰ বাবে ভ্ৰমণ সহজ কৰি তুলিবলৈ ই-আয়ুষ ভিছা সুবিধা আৰম্ভ কৰা আৰু জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় পৰম্পৰাগত চিকিৎসা কেন্দ্ৰ স্থাপনৰ কথা উল্লেখ কৰে। “ইয়াৰ জৰিয়তে পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত গৱেষণা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰ হৈছে”, শ্ৰী মোদীয়ে কয়।
বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনত প্ৰায় ৫০কোটি ভাৰতীয়ই ১২ৰ পৰা ১৩ বছৰত অত্যধিক দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে প্ৰশান্তি কুটিৰমৰ সমৰ্থনত পৰিয়ালসমূহৰ বাবে যোগৰ জৰিয়তে স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ নতুন পথ মুকলি কৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ১৪০ কোটি নাগৰিকে শক্তিশালী বিকশিত ভাৰতৰ দিশত কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোক নতুন লক্ষ্যৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।”প্রশান্তি কুটিৰমেও ইয়াৰ যৌৱন শক্তিৰ সুবিধা লাভ কৰিব আৰু দেশখনেও ইয়াৰ দ্বাৰা উপকৃত হ’ব”, প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য আগবঢ়ায়।
****
MJPS/SS/VJ/PRK/HS
Delighted to join the Golden Jubilee celebrations of Prashanti Kutiram in Bengaluru. Its efforts to integrate modern science with India's spiritual wisdom are commendable. https://t.co/CRe0lrSZZl
— Narendra Modi (@narendramodi) November 13, 2026
प्रशांति कुटीरम की Golden Jubilee के साथ ही... इस वर्ष हम श्रद्धेय एच. वी. शेषाद्रि जी की जन्मशताब्दी भी मना रहे हैं। मैं उन्हें श्रद्धापूर्वक नमन करता हूं। शेषाद्रि जी ने अपना पूरा जीवन ‘व्यक्ति निर्माण से राष्ट्र निर्माण’ के मिशन को आगे बढ़ाने में लगाया: PM @narendramodi
— PMO India (@PMOIndia) November 13, 2026
जब देश गुलामी की बेड़ियों में जकड़ा हुआ था तब एक ओर लाखों स्वतंत्रता सेनानी, आज़ादी की लड़ाई लड़ रहे थे... तो दूसरी ओर, स्वामी विवेकानंद जैसे राष्ट्र ऋषि भी थे जिन्होंने भारत की आध्यात्मिक चेतना को जागृत किया। भारत के युवाओं को योग का मार्ग दिखाया: PM @narendramodi
— PMO India (@PMOIndia) November 13, 2026
पिछले 12 वर्षों में भारत, अपनी संस्कृति, अपनी पहचान और अपने ज्ञान-विज्ञान को पूरे आत्मविश्वास के साथ दुनिया के सामने रख रहा है। इसी का परिणाम है भारत की पहल पर अब पूरा विश्व अंतर्राष्ट्रीय योग दिवस मनाता है: PM @narendramodi
— PMO India (@PMOIndia) November 13, 2026
भारत में योगासन को प्रतिस्पर्धी खेल के रूप में भी मान्यता दी गई है। खेलो इंडिया और नेशनल गेम्स जैसे आयोजनों में भी योगासन के लिए नई जगह बनी है। ये बदलाव भारत के लिए बहुत महत्वपूर्ण है। इससे योग से जुड़े लोगों के लिए प्रतिस्पर्धी प्रतियोगिताओं में हिस्सा लेने के भी रास्ते खुल गए हैं: PM @narendramodi
— PMO India (@PMOIndia) November 13, 2026
हमने आयुर्वेद से जुड़ी research और आयुर्वेद आधारित patents को प्रोत्साहन दिया और आज इसका भी परिणाम हमारे सामने है। भारत से आयुष और herbal उत्पादों का निर्यात लगातार बढ़ रहा है: PM @narendramodi
— PMO India (@PMOIndia) November 13, 2026