প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ১৮ নৱেম্বৰ, ২০২৬ত ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ মহামান্য প্ৰতিনিধি তথা ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীক সাক্ষাৎ কৰে।
সাক্ষাৎকালত প্ৰধানমন্ত্ৰীয়ে ‘ ভাৰত-ব্ৰিটেইন দৃষ্টিভংগী ২০৩৫’ দ্বাৰা পৰিচালিত আৰু ২০২৬ চনৰ জুলাই মাহত ‘ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি’ (চিইটিএ) কাৰ্যকৰী হোৱাৰ ফলত শক্তিশালী হোৱা ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ধিত গতিশীলতাক আদৰণি জনায়।
প্ৰধানমন্ত্ৰীয়ে গুৰুতৰ পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানসমূহৰ উদ্ভাৱনীমূলক সমাধানক উৎসাহিত কৰাৰ ক্ষেত্ৰত আৰ্থশ্বট বঁটাৰ কাম-কাজৰ শলাগ লয়। তেওঁ ২০২৬ চনৰ ১৭ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা আৰ্থশ্বট বঁটা প্ৰদান অনুষ্ঠানকে ধৰি বিশ্বব্যাপী পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতীয় উদ্ভাৱকসকলক প্ৰদান কৰা স্বীকৃতি আৰু তেওঁলোকৰ অৱদানৰ শলাগ লয়।
এই বৈঠকত প্ৰতিৰক্ষা, স্বাস্থ্য, শিক্ষা, ফিন-টেক (বিত্তীয় প্ৰযুক্তি) আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি ভাৰত-ব্ৰিটেইনৰ সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ সন্দৰ্ভতো মত বিনিময় কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিটেইনৰ ৰজা চাৰ্লছ তৃতীয় আৰু প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্নহামলৈও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
***
MJPS/SS/PRK/DB
It was a pleasure to meet Their Royal Highnesses The Prince and Princess of Wales. Appreciate the Earthshot Prize’s efforts in championing innovative climate solutions worldwide and also showcasing Indian ingenuity in addressing global environmental challenges. Look forward to further strengthening the India-UK Comprehensive Strategic Partnership and building on the momentum of the recently implemented Comprehensive Economic and Trade Agreement, for the shared prosperity of the people of our nations and the wider world. @KensingtonRoyal @RoyalFamily
— Narendra Modi (@narendramodi) November 18, 2026