প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে ষোড়শ বিত্ত আয়োগৰ কাৰ্যকালত কেন্দ্ৰীয় খণ্ডৰ আঁচনি ‘এষ্টেটছ মেনেজমেণ্ট আঁচনি’ অব্যাহত ৰখাৰ বাবে ডাক বিভাগে দাখিল কৰা প্ৰস্তাৱত অনুমোদন জনাইছে। পাঁচ বছৰীয়া এই আঁচনিখনৰ বাবে মুঠ ১,৪৯১ কোটি টকাৰ বিত্তীয় ব্যয় ধাৰ্য কৰা হৈছে।
কৌশলগত উদ্দেশ্য:
এই আঁচনিৰ লক্ষ্য হৈছে ডাক বিভাগৰ আন্তঃগাঁথনিৰ সামগ্ৰিক ৰূপান্তৰ সাধন আৰু আধুনিকীকৰণ। এই আঁচনিৰ অধীনত ডাকঘৰ আৰু আৱাসিক আৱাসবোৰৰ নিৰ্মাণ, পুনৰ্নিৰ্মাণ, মেৰামতি আৰু আধুনিকীকৰণ, একক ব্ৰেণ্ডিং তথা ভাৰতৰ ঐতিহ্যবাহী ডাকঘৰবোৰৰ সংৰক্ষণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই আধুনিকীকৰণ কৌশলে সমগ্ৰ দেশতে সেৱাৰ প্ৰথম পৰ্যায়ৰ বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে বিত্তীয় অন্তৰ্ভুক্তিক উৎসাহিত কৰিব আৰু নাগৰিক–কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা উন্নত কৰিব। ইয়াৰ জৰিয়তে ডিজিটেল ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ বৃহত্তৰ দৃষ্টিভংগীৰ সৈতেও সংগতি ৰক্ষা কৰা হ’ব।
১.৬৫ লাখ ডাকঘৰেৰে (ইয়াৰ ভিতৰত ১,৪৯,৩৮৫টা গ্ৰামাঞ্চলত অৱস্থিত) বিশ্বৰ অন্যতম বৃহৎ ডাক নেটৱৰ্ক হিচাপে ভাৰতীয় ডাক ব্যৱস্থাই চিঠি–পত্ৰৰ আদান–প্ৰদান, বেংকিং সেৱা (POSB/IPPB), বীমা সেৱা (PLI), আধাৰ সেৱা, ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰ আৰু ডাকঘৰ নিৰ্যাৎ কেন্দ্ৰ (DNKs)-ৰ জৰিয়তে গ্ৰামাঞ্চলৰ কাৰিকৰী শিল্পীসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ৰূপায়ণৰ সময়সীমা:
এই আঁচনিখন ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে পাঁচ বছৰৰ ভিতৰত পৰ্যায়ক্ৰমে ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
অনুমোদিত আঁচনিখনৰ ঘাই ঘাই দিশবোৰ:
*****
MJPS/PK