Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি (CIE) উৎপাদন ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ১১,০০০ কোটি টকাৰ আঁচনিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ১১,০০০ কোটি টকাৰ আৰ্থিক ব্যয় সাপেক্ষে “নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি (CIE) উৎপাদন ব্যৱস্থাৰ উন্নীতকৰণৰ আঁচনি” ত অনুমোদন জনাইছে। গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ (MHI) দ্বাৰা ৰূপায়ণ হ’বলগীয়া এই আঁচনিৰ লক্ষ্য হৈছে নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি (CIE) তথা ইয়াৰ বিভিন্ন উপাদানৰ ঘৰুৱা উৎপাদনক উৎসাহিত কৰা আৰু দেশত এক বিশেষ চি আই ই পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা। ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ লগতে বিশ্বৰ চি আই ই বজাৰত ভাৰতক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় হ’ব।

বৰ্তমান ভাৰতৰ নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি (CIE) উদ্যোগটো চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম উদ্যোগ। ২০২৪–২৫ বিত্তীয় বৰ্ষত এই উদ্যোগটোৰ বজাৰ মূল্য প্ৰায় ৯৭,৫০০ কোটি টকা আছিল। আন্তঃগাঁথনি (পথ আৰু বন্দৰ) তথা গৃহ নিৰ্মাণ খণ্ডৰ দ্ৰুত বিকাশৰ ফলত ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত এই উদ্যোগটোৰ বৰ্তমানৰ বজাৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি পাই প্ৰায় ২,২৮,১০০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে।

নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডৰ দ্ৰুত বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ জৰিয়তে জাহাজৰ পৰা পাৰলৈ সামগ্ৰী উঠা–নমা কৰা ক্ৰেন, সুৰংগ খনন যন্ত্ৰ, হাইড্ৰ’লিক খনন যন্ত্ৰ, অফ–হাইৱে ট্ৰাক56 আদিৰ দৰে প্ৰযুক্তিগতভাৱে উন্নত সঁজুলিৰ উৎপাদনক উৎসাহিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি, এই আঁচনিৰ অধীনত দেশত অত্যাধুনিক প্ৰযুক্তিসম্পন্ন এক বিশেষ নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি (CIE) পৰীক্ষণ কেন্দ্ৰ

২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা আঠ বছৰীয়া কাৰ্যকালৰ এই আঁচনিখনত উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে দুবছৰীয়া প্ৰস্তুতিমূলক সময়সীমা (২০২৬–২৭ৰ পৰা ২০২৭–২৮ বিত্তীয় বৰ্ষলৈ) অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছত পাঁচ বছৰীয়া উদগনি প্ৰদানৰ সময়সীমা (২০২৮–২৯ৰ পৰা ২০৩২–৩৩ বিত্তীয় বৰ্ষলৈ) থাকিব। আনহাতে, ২০৩৩–৩৪ বিত্তীয় বৰ্ষটো ২০৩২–৩৩ বিত্তীয় বৰ্ষৰ অতিৰিক্ত বিক্ৰীৰ বিপৰীতে উদগনিমূলক ধনৰাশি নিষ্পত্তিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

 

এই আঁচনিখনত দুটা বিভাগ আছে:

১) বিক্ৰীসম্পৰ্কিত উদগনি – দুটা শ্ৰেণীৰ অধীনত অনুমোদিত আবেদনকাৰীসকলক, অৰ্থাৎ যোগ্য মূল সঁজুলি নিৰ্মাতা (OEMs) আৰু উপাদান নিৰ্মাতাসকলক যোগ্য নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি (CIE) তথা ইয়াৰ উপাদানসমূহৰ অতিৰিক্ত বিক্ৰীৰ মূল্যৰ ওপৰত উদগনি প্ৰদান কৰা হ’ব। পাঁচ বছৰীয়া সময়ছোৱাত অতিৰিক্ত বিক্ৰীৰ মূল্যৰ ওপৰত উদগনিৰ হাৰ ১৩ শতাংশৰ পৰা ৮ শতাংশলৈ ক্ৰমাগতভাৱে নিৰ্ধাৰণ কৰা হৈছে।

২) চি আই ই পৰীক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে অনুদান – এক বিশেষ নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি (CIE) পৰীক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ব্যৱহাৰিকতা ব্যৱধান পূৰণ পুঁজিৰ আৰ্হিত সৰ্বাধিক ৩৭৫ কোটি টকাৰ অনুদান প্ৰদান কৰা হ’ব।

ভাৰত চৰকাৰৰ এই আঁচনি দেশৰ নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলি উৎপাদন ব্যৱস্থা শক্তিশালী কৰাৰ লগতে বিশ্বৰ বজাৰত প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধিৰ দিশত এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। চি আই ই উৎপাদনৰ ক্ষেত্ৰত স্বদেশী সক্ষমতা বিকাশৰ জৰিয়তে এই আঁচনিয়ে যোগান শৃংখলৰ সুৰক্ষা নিশ্চিত কৰিব, নিয়োগৰ সুযোগ বৃদ্ধি কৰিব আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক আগুৱাই নিব। বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰযুক্তিগতভাৱে আত্মনিৰ্ভৰশীল, বিশ্বৰ বজাৰত প্ৰতিযোগিতামূলক আৰু বহনক্ষম ঔদ্যোগিক ভেটি গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটাইছে এই আঁচনিয়ে।

 

****

 

MJPS/PK