প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীত ভাৰত মহাসাগৰীয় ৰিম সংস্থা (IORA)ৰ ২৩খন সদস্য ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰতিনিধি দলৰ মুৰব্বীসকলক সাক্ষাৎ কৰে। উল্লেখ্য যে, এই প্ৰতিনিধিসকলে আইঅ’আৰএৰ মন্ত্ৰী পৰিষদৰ ২৫সংখ্যক বৈঠকত অংশগ্ৰহণৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে।
ভাৰত মহাসাগৰে সহস্ৰাব্দ ধৰি গঢ়ি তোলা ঐতিহাসিক তথা সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আইঅ’আৰএৰ অধ্যক্ষ হিচাপে সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ়তাৰে উল্লেখ কৰে।
তেওঁ লগতে কয় যে, ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা, সুস্থিৰতা আৰু উমৈহতীয়া সমৃদ্ধি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ‘মহাসাগৰ’ (MAHASAGAR)ৰ দৃষ্টিভংগী আগবঢ়াই নিয়াৰ অৰ্থে ভাৰতে সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে মিলি কাম কৰিবলৈ আগ্ৰহী।
‘মহাসাগৰ’(MAHASAGAR)ৰ সম্পূৰ্ণ অৰ্থ হৈছে ‘বিভিন্ন অঞ্চলত নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সামগ্ৰিক উন্নয়ন’ (Mutual and Holistic Advancement for Security and Growth Across Regions)।
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত এনেদৰে পোষ্ট কৰিছে—
“নতুন দিল্লীত অনুষ্ঠিত আইঅ’আৰএৰ মন্ত্ৰী পৰিষদৰ ২৫সংখ্যক বৈঠকত অংশগ্ৰহণ কৰা ভাৰত মহাসাগৰীয় ৰিম সংস্থাৰ ২৩খন সদস্য ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী তথা প্ৰতিনিধি দলৰ মুৰব্বীসকলক সাক্ষাৎ কৰি মই আনন্দিত হৈছোঁ।ভাৰত মহাসাগৰে সহস্ৰাব্দ ধৰি আমাৰ জনসাধাৰণক সংযুক্ত কৰি আহিছে। আইঅ’আৰএৰ অধ্যক্ষ হিচাপে ভাৰতৰ ‘মহাসাগৰ’ (MAHASAGAR)ৰ দৃষ্টিভংগী আগবঢ়াই নিয়াৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা, সুস্থিৰতা আৰু সমৃদ্ধি শক্তিশালী কৰাৰ বাবে সকলো অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰতে আগ্ৰহ প্ৰকাশ কৰিছে।”
@IORAofficial”
Delighted to meet the Foreign Ministers and Heads of Delegation of the 23 Indian Ocean Rim Association Member-States participating in the 25th Meeting of the IORA Council of Ministers in New Delhi.
The Indian Ocean has connected our people for millennia. As Chair of IORA, India looks forward to working closely with all partners to advance its vision of MAHASAGAR (Mutual and Holistic Advancement for Security and Growth Across Regions) and to strengthen peace, security, stability and prosperity in the Indian Ocean Region.
@IORAofficial
— Narendra Modi (@narendramodi) November 27, 2026
*****
NKRM/SS/SS/DM