Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰৱেশ পৰীক্ষা পৰিচালনাৰ বাবে নেশ্যনেল টেষ্টিং এজেন্সী গঠনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে উচ্চ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা পৰিচালনা কৰাৰ বাবে নেশ্যনেল টেষ্টিং এজেন্সী (এন টি এ) গঠনত অনুমোদন জনাইছে। ছ’চাইটীজ ৰেজিষ্ট্ৰেশ্যন এক্ট,১৮৬০ৰ অধীনত গঠিত হ’বলগীয়া এই এজেন্সিসমূহে স্বায়ত্ত আৰু স্বয়ংচালিত সংস্থা হিচাপে কাম কৰিব।

বিশেষত্বঃ

  • বৰ্তমান চি-বি-এছ-ইয়ে পৰিচালনা কৰা প্ৰৱেশ পৰীক্ষাসমূহ এন-টি-এই পৰিচালনা কৰিব।
  • পিছলৈ এন-টি-এই অন্যান্য পৰীক্ষাসমূহ পৰিচালনাৰ দায়িত্বও গ্ৰহণ কৰিব।
  • পৰীক্ষাৰ্থীসকলক পৰ্যাপ্ত সুযোগ প্ৰদানৰ উদ্দেশ্যৰে বছৰত কমেও দুবাৰ অনলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
  • গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে, জিলা অথবা উপ-জিলা পৰ্যায়ত কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু যিমান দূৰ সম্ভৱ ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰশিক্ষণ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব।

গঠনঃ

  • মানৱ সংসাধন বিকাশ মন্ত্ৰালয়ে নিয়োগ কৰা শিক্ষাবিদে এন-টি-এৰ অধ্যক্ষতা কৰিব।
  • মুখ্য কাৰ্যবাহী বিষয়াক সঞ্চালক প্ৰধান হিচাপে চৰকাৰে নিয়োগ কৰিব।
  • কেইবাজনো সদস্যৰে এখন বিশেষ পৰিষদ গঠন কৰা হ’ব।
  • শিক্ষাবিদ/বিশেষজ্ঞৰ অধ্যক্ষতাত গঠিত ৯টা বিভাগৰ দ্বাৰা সঞ্চালক প্ৰধানক সহযোগিতা আগবঢ়োৱা হ’ব। 

বিত্তঃ

এন-টি-এৰ কাম-কাজ চলোৱাৰ বাবে প্ৰাৰম্ভিক বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এককালীন মঞ্জুৰী ২৫ কোটি টকা আগবঢ়োৱা হ’ব। ইয়াৰ পিছত এই সংস্থা বিত্তীয়ভাৱে স্বয়ংচালিত হ’ব।

প্ৰভাৱঃ

বিভিন্ন প্ৰবেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰায় ৪০ লাখ ছাত্ৰ-ছাত্ৰী এই এন-টি-এ স্থাপনৰ ফলত উপকৃত হ’ব। এই প্ৰবেশ পৰীক্ষা পৰিচালনাৰ দায়িত্বৰ পৰা চি-বি-এছ-ই, এ-আই-চি-টি-ই আৰু আন সংস্থাসমূহে সকাহ পাব আৰু পৰীক্ষাৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মেধা, সমস্যা সমাধানৰ যোগ্যতা নিৰূপণৰ প্ৰক্ৰিয়া সৰল হ’ব।

পটভূমিঃ

অন্যান্য উন্নত দেশসমূহৰ দৰে ভাৰততো এনে এক বিশেষ সংস্থাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিত্তমন্ত্ৰীয়ে ২০১৭-১৮ চনৰ বাজেট ভাষণত প্ৰবেশ পৰীক্ষা পৰিচালনাৰ বাবে এই নেশ্যনেল টেষ্টিং এজেন্সি স্থাপনৰ কথা ঘোষণা কৰে।

 

*****

AKT/VBA/SH/BM