Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰি দিয়া প্ৰধান মন্ত্ৰীৰ ভাষণ

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰি দিয়া প্ৰধান মন্ত্ৰীৰ ভাষণ

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰি দিয়া প্ৰধান মন্ত্ৰীৰ ভাষণ

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰি দিয়া প্ৰধান মন্ত্ৰীৰ ভাষণ


দেশৰ প্ৰক্তন প্ৰধান মন্ত্ৰী সন্মানীয় লালকৃষ্ণ আদৱানী জী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং জী, মন্ত্ৰীসভাৰ উপস্থিত সদস্যসকল, সংসদৰ মোৰ সতীৰ্থসকল, আৰক্ষী বাহিনীৰ বঁটা প্ৰাপকসকল, হট-সপ্ৰীং ইঞ্চিডেন্সৰ প্ৰত্যক্ষদৰ্শীসকল, ছহিদ-পৰিয়ালৰ সদস্যসকল, অন্যান্য অভ্যাগতসকলৰ লগতে মোৰ প্ৰিয় ভাই-ভনীসকল। আমাৰ জীৱনকালত আমি এনে কিছুমান মুহূৰ্তৰ সন্মুখীন হও যেতিয়া আমি স্বতস্ফূৰ্তভাবেই নত-মস্তক হবলগীয়া হয়। এনেবোৰ মুহূৰ্তত আমাৰ হৃদয় গৌৰৱেৰে ভৰি উঠে যদিও কেতিয়াবা এনে একোটা মুহূৰ্ততে হয়তো আমাৰ অন্তৰ বেদনাক্ৰান্তও হৈ পৰে। মোৰ বাবে আজিৰ এই মুহূৰ্তটোও ঠিক তেনেকুৱা হৈয়ে ধৰা দিছেহি। আমাৰ দেশৰ নিৰাপত্তাৰ বাবে জীৱনকো তুচ্ছ কৰি প্ৰাণ-আহুতি দিয়া আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ প্ৰতিগৰাকী সদস্যলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। মই আজিৰ এই আৰক্ষী স্মাৰক দিৱসৰ অনুষ্ঠানত উপস্থিত থকা ছহিদ পৰিয়ালৰ সদস্যসকললৈয়ো মোৰ অন্তৰৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজিৰ এই দিৱস, দেশৰ জনতাৰ বাবে সেৱা আগবঢ়োৱাতে ক্ষান্ত নাথাকি নাগৰিকসকলৰ নিৰাপত্তাৰ স্বাৰ্থত প্ৰয়োজন হলে মৃত্যুকো হেলাৰঙে আকোৱালী লোৱাৰ পৰম্পৰা সৃষ্টি কৰা আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানসকলক স্মৰণ কৰাৰ দিৱস। বৰফাবৃত লাডাখৰ পৰ্বতচূড়াক সুৰক্ষা দানৰ বাবে সন্মুখৰ শাৰীত থিয় দিয়া আৰু মৃত্যু সাৱটি লোৱা সাহসী আৰক্ষী বাহিনীৰ বীৰগাঁথা স্মৰণ কৰাৰো দিৱস এইটো। স্বাধীনতাৰ দিন ধৰি কৰ্তব্যৰ খাতিৰত দিন-ৰাতি একাকাৰ কৰা, জীৱন-যৌৱনক তুচ্ছ জ্ঞান কৰা, জীৱনৰ সৰ্বস্ব ত্যাগ কৰাসকলক সোঁৱৰণ কৰাৰো দিন আজি। মই সেইসকল ব্যক্তিৰ লগতে আপোনালোকৰ প্ৰতিও মোৰ শ্ৰদ্ধা নিবেদন কৰিছো।

বন্ধুসকল, আজিৰ এই পবিত্ৰ দিনটোত সেইসকল ছহিদ তথা আৰক্ষীৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি-সৌধটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ সুযোগ লাভ কৰি মই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছো। দেশৰ প্ৰতিগৰাকী আৰক্ষী জোৱানৰ সামৰ্থ্য, সাহস, সেৱা আৰু আবেগক প্ৰতীকী ৰূপত প্ৰকাশ কৰি এই স্মাৰক নিৰ্মাণ কৰি উলিওৱা হৈছে। স্মাৰকৰ বেদীৰ তলৰে প্ৰবাহিত হৈ থকা জল-ধাৰাই আমাৰ সমাজত বৰ্তি থকা সম্প্ৰীতিৰ কথাকে যেন প্ৰকাশ কৰিছে। স্মাৰকৰ বেৰত দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া ৩৪,৮৪৪গৰাকী ছহিদ-আৰক্ষীৰ নাম খোদিত কৰা হৈছে। নতুনকৈ সংস্থাপিত হোৱা এই স্মাৰকত তেওঁলোকৰ চৰম ত্যাগৰ গাঁথা সংপৃক্ত কৰা হৈছে। এই স্মাৰকৰ দৰ্শনে প্ৰতিগৰাকী নাগৰিকক অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাসী। ই আমাৰ নৱ-প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে আমাৰ দেশৰ ভৱিষ্যতক প্ৰবুদ্ধ কৰি ৰাখিব। এই স্মাৰকে আমাৰ আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ অমৰ গাঁথাক যুগে যুগে সোঁৱৰাই থাকিব। কৰ্তব্যৰ খাতিৰত আপোনালোকে দিনে-ৰাতিয়ে, ৰদে-বৰষুণে, জাৰ-জহ, প্ৰচণ্ড তুষাৰপাতকো নেওচি, উত্সৱ পাৰ্বণত পৰিয়াল-পৰিজনৰ পৰা নিলগত থাকি আপোনালোকে কৰা কঠোৰ পৰিশ্ৰমকো এই স্মাৰকে প্ৰতিজন দৰ্শনাৰ্থীক স্মৰণ কৰাব।

বন্ধুসকল, আপোনালোকৰ বাবেই সদায়ে বিফল মনোৰথে উভতিবলগীয়া হয় দেশৰ শান্তি বিঘ্নিত কৰিব খোজা দুৰবৃত্তৰ দল। দেশত অসুৰক্ষা-অনিশচয়তাৰ বাতাবৰণ সৃষ্টি কৰিব খোজাসকলৰ বহু দুষ্কাৰ্য আপোনালোকে মষিমূৰ কৰি আহিছে। বহুটো ষড়যন্ত্ৰৰ মূলোচ্ছেদ কৰি আপোনালোকে দেশ আৰু নগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিছে। কবলৈ গলে দেশ আৰু দৰাচলতে নাগৰিকসকলে পাৰ কৰা প্ৰতিটো শান্তিৰ মুহূৰ্ত আপোনালোকৰ দায়বদ্ধ আৰু আন্তৰিকতাপূৰ্ণ কৰ্তব্যনিষ্ঠাৰ সুবাদতেহে উপলব্ধ হয়। এনে বহু চক্ৰান্তৰ কথা ৰাইজৰ আগোচৰেই থাকি যায়। এনে দুষ্কাৰ্যৰ বিৰুদ্ধে আপোনালোকে কৰিবলগীয়া হোৱা দুঃসাহসিক আভিযানৰ বহু জীয়া কাহিনীৰো সৰ্ব-সাধাৰণে সম্ভেদ নোপোৱাকৈয়ে থাকি যায়। বন্ধুসকল, আজিৰ এই দিৱস হৈছে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি শান্তি প্ৰতিস্থা কৰিবলৈ যাওতে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী জোৱানক স্মৰণ কৰাৰ। দেশৰ নক্সাল অধ্যুষিত জিলাসমূহত নিয়োজিত আপোনলোকে নিতান্তই প্ৰশংসনীয় কাম কৰিছে। যাৰ ফলশ্ৰুতিত সেইবোৰ অঞ্চললৈ শান্তিৰ বাতাবৰণ উভতি অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আজি যদি দেশত নক্সাল অধ্যুষিত জিলাৰ সংখ্যা কমিবলৈ ধৰিছে, আজি যদি সেইবোৰ অঞ্চলৰ যুৱক-যুৱতীয়ে বৰ্দ্ধিত হাৰত মূলসুঁতিলৈ উভতি অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে তেন্তে, এই ক্ষেত্ৰত আপোনালোকে গ্ৰহণ কৰা পদক্ষেপেই মূল ভূমিকা পালন কৰিছে বুলি ন-দি কব লাগিব। উত্তৰ-পূৰ্বাঞ্চলত সাহসিকতাৰ চৰম নিদৰ্শন দাঙি ধৰা আমাৰ সতীৰ্থসসকলৰ গৌৰৱগাঁথাও আজি আমি সুঁৱৰিব লাগিব। আপোনালোকে আগবঢ়োৱা বিশেষ অৱদানৰ সুবাদতে দেশৰ উত্তৰ-পূৱ প্ৰান্ত আজি শান্তি আৰু সমৃদ্ধিৰ সুন্দৰ নিদৰ্শন হৈ উজলি উঠিছে।

বন্ধুসকল, আজিৰ এই দিৱসত আমি আমাৰ সেইসকল সতীৰ্থৰ কথাও মনত পেলাব বিচাৰিছো, যিসকলৰ কথা হয়তো আমাৰ মুখত সঘনাই উচ্চাৰিত নহয়। যিসকলে দুৰ্যোগ প্ৰশমণৰ বেলিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিসকলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱনকো তুচ্ছ কৰি দু্ৰ্গতসকলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ সেৱা আগবঢ়ায়। দেশৰ যিকোনো প্ৰান্তত যেতিয়াই কোনো প্ৰকৃতিক দুৰ্যোগে তাণ্ডৱ সৃষ্টি কৰি থৈ যায় তেতিয়াই এনডিআৰএফ কিম্বা এছডিআৰএফ লিখা ইফনিফৰ্ম পিন্ধি দুৰ্যোগ-পীড়িতৰ জীৱন বচোৱাৰ ৰণত দিনে-ৰাতিয়ে কৰ্মত ব্ৰতী হোৱা জোৱানসকলক শেহতীয়া বছৰ চেৰেকত আপোনালোক দেশবাসীয়ে চাগৈ বাৰুকৈয়ে প্ৰত্যক্ষ কৰিছে। এইসকলো যে আমাৰ এই খাকী-পোচাকধাৰী আৰক্ষী বাহিনীৰে আংশ সেই কথা সম্ভৱত বহু দেশবাসীয়ে নেজানে। অগ্নিকাণ্ড সংঘটিত হলে, অট্টালিকা এটা ভাগি পৰিলে, নাও এখন ডুবাৰ দৰে অঘটন ঘটিলে আৰ্তজনৰ উদ্ধাৰৰ বাবে ঢপলিয়াই অহা সকল দৰাচলতেনো কোন সেই কথাও হয়তো আমাৰ বহুতেই নাজানে। এইসকল জোৱানৰ সাহস, কৰ্তব্যনিষ্ঠা, তথা সেৱাৰ কথা আমাৰ দেশবাসীয়ে জনাতো উচিত আৰু এইসকল জোৱানক যেন দেশবাসীয়ে কেতিয়াও পাহৰি নাযায়! আজি মই অন্তঃকৰণৰে আপোনালোক আটাইকে অভিনন্দন জ্ঞাপন কৰিছো। দেশৰ যিকোনো প্ৰান্তৰ, যিকোনো ৰাজ্যৰ, যিকোনো থানা, চকীত নিয়োজিত হৈ থকা কিম্বা ৰাষ্ট্ৰীয় সম্পদৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত থকা প্ৰতিগৰাকী জোৱানক আজিৰ এই স্মৃতিদিৱসত মই নমস্কাৰ জনাইছো।

বন্ধুসকল, স্মাৰক একোটা সেৱা কিম্বা সাহসৰ নিদৰ্শন হলেও এই স্মাৰকে কিন্তু চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকো প্ৰতীয়মান কৰে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰসংগত প্ৰতিগৰাকী ভাৰতীয়ই অন্তৰত বহণ কৰি ফুৰা শ্ৰদ্ধাৰ বুনিয়াদো ইয়াৰে সংপৃক্ত হৈ আছে। মই আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিস্তম্ভক লৈ গৌৰাৱান্বিত হৈছো যদিও একে সময়তে মোৰ মনত প্ৰশ্নৰো অৱতাৰণা হৈছে। আৰক্ষীসকলৰ এটা স্মৃতিসৌধৰ বাবে স্বাধীনতাৰ পিচত ৭০টাকৈ বছৰ ৰবলগীয়া হল কিয়! আৰক্ষী স্মাৰক দিৱস উদযাপনৰ অন্যতম উপলক্ষ হট স্প্ৰিং ইঞ্চিডেন্সৰো আনকি ইতিমধ্যে ৬০টা বছৰ পাৰ হৈ গৈছে। তেন্তে ইমান দিন অপেক্ষা কৰিবলগীয়া হল কিয়!

বন্ধুসকল, আৰক্ষী বাহিনীৰ নামত উতসৰ্গিত হব লগা এই স্মাৰক নিৰ্মাণৰ কথা প্ৰথম মনলৈ আহিছিল আজিৰ পৰা ২০-২৫বছৰৰ পূৰ্বে। তেতিয়াৰ চৰকাৰে ইয়াৰ অনুমোদন জনাইছিল যদিও এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল অটল বিহাৰী বাজপেয়ী জীৰ চৰকাৰে। তদানীন্তন চৰকাৰৰ গৃহমন্ত্ৰী লাল কৃষ্ণ অদৱানীয়ে ২০০২চনত এই স্মাৰকৰ আধাৰশিলাও স্থাপন কৰিছিল। আজি সন্মানীয় আদৱানী জী নিজেই এই অনুষ্ঠানত উপস্থিত আছে আৰু তেওঁৰ সপোন সাকাৰ হোৱা দেখি নিশ্চয় গৌৰৱবোধ কৰিছে। যি কি নহওক তেওঁ স্থাপন কৰা এই স্মাৰকটো নিৰ্মাণতনো ইমান দিন কিয় লাগিল সেই কথা তেওঁ নিশ্চয় জানে। হয়, কেতবোৰ আইনী মেৰ-পেচৰ বাবেই এই কামত বিলম্ব হৈছিল। কিন্তু আগৰ চৰকাৰে যদি কৰিম বুলি ভাবিলেহেতেন, তেওঁলোকৰ যদি সঁচায়ে আন্তৰিকতা থাকিলহেতেন এই স্মাৰকৰ নিৰ্মাণকাৰ্য বহু বছৰৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিলহেতেন। দৰাচলতে আদৱানী জীয়ে স্থাপন কৰা আধাৰশিলা ধূলি-বালিৰে পোত যাবলৈ এৰি দিছিল পূৰ্বৰ চৰকাৰে। ২০১৪ চনত এনডিএ চৰকাৰ আহাৰ পিচত এই স্মাৰকলৈ পুঁজিৰ আৱণ্টন দিয়াৰ পাচতহে পুনৰ ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু আজি এই স্মাৰক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিবলৈ আমি সক্ষম হলো। হয়তো এয়া ঈশ্বৰৰে ইচ্ছা আছিল, মই এই স্মাৰক উচৰ্গা কৰাৰ সুযোগ লাভ কৰিলো। আমাৰ কামৰ নিদৰ্শন এয়া, নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ এক সংস্কৃতি আমি গঢ়ি তুলিবলৈ সক্ষম হৈছো।

দিল্লীত অলপতে আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ উন্মোচন কৰাৰ কথা আপোনালোকে চাগৈ মনত ৰাখিছে। সেই স্মাৰকৰ পৰিকল্পনাও ১৯৯২ চনতে আৰম্ভ হৈছিল, পিছে দুৰ্ভাগ্যৰ কথা এয়ে যে এই সম্পৰ্কীয় ফাইলতো ধূলিৰ চামনি পৰি থাকিল বছৰৰ পিছত বছৰ ধৰি। এইখন চৰকাৰ অহাৰ পিছতহে সেই ফাইলৰ ধূলি আঁতৰোৱা হল। যথা সময়ত স্মাৰক নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি আমি ইয়াৰ উদ্ঘাটন কৰিলো। সেইদৰে ২৬, আলিপুৰ ৰোডত থকা দাদা চাহাব আম্বেদকাৰ জীৰ আবাসগৃহৰ স্মাৰকটোৰ নিৰ্মাণ প্ৰস্তুতিও অটল জীৰ কাৰ্যকালতে আৰম্ভ হৈছিল। পিছে তেওঁৰ চৰকাৰ যোৱাৰ পিচত স্মাৰক নিৰ্মাণৰ কামো বন্ধ হৈ পৰিল। স্মাৰকৰ আধাৰশিলা আমাৰ চৰকাৰ আহাৰ পিচতহে স্থাপন কৰা হৈছিল আৰু এই বছৰৰ ১ এপ্ৰিল তাৰিখে স্মৃতিসৌধটো মই আনুষ্ঠানিক ভাবে উন্মোচনৰ সৌভাগ্য লাভ কৰিছিলো। এই ভব্য স্মৃতিস্তম্ভই আজি পৃথিৱীবাসীকে অনুপ্ৰাণিত কৰা দেখি মই আক্ষৰিক অৰ্থতে আহ্লাদিত হৈছো।

বন্ধুসকল, যিসকল ব্যক্তিয়ে দেশ আৰু জাতিৰ বাবে অপৰিসীম সাহস আৰু সৰ্বস্ব ত্যাগৰ পৰকাস্থা দেখুৱাইছিল সেইসকল দেশ-প্ৰাণৰ প্ৰতি পূৰ্বৰ চৰকাৰখনৰ ইমান বিদ্বেষ কিয় আছিল মই আজিও ভাবি নাপাও। এনে আচৰণ কিন্তু কেতিয়াও আমাৰ সংস্কৃতিৰ অংগ নাছিল। আমাৰ সংস্কৃতিয়ে কিন্তু পেটত গামোছা বান্ধিয়ো দেশৰ বাবে যুঁজাৰ নিদৰ্শনহে দাঙি আহিছিল। অৱশ্যে শেহতীয়াকৈ যোৱা চাৰিটা বছৰত আমি সেই পৰম্পৰা পুনৰ প্ৰতিস্থা কৰি আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত বিশেষ অৱদান আগবঢ়োৱাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী ব্যক্তিকে শ্ৰদ্ধা নিবেদন কৰিবলৈ প্ৰয়াস কৰিছো। আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকো এই শৃংখলৰে আংশ আছিল। আজিৰ পৰা ১০দিন পূৰ্বে অৰ্থাত ৩১অক্টোবৰত মই গুজাৰাটৰ কেৱৰিয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ আকাশচুম্বী প্ৰতিমূৰ্তিটো উন্মোচনৰ সুযোগ লাভ কৰিছিলো। পৃথিৱীৰ সবতোকৈ ওখ এই মূৰ্তিয়ে এতিয়া দেশৰ বাবে চৰ্দাৰ জীয়ে আগবঢ়োৱা অৱদানৰ গৌৰৱগাঁথা প্ৰতিম্বিত কৰি আছে।

বন্ধুসকল, এই স্মাৰকসমূহক কেৱল দৰ্শনস্থলী হিচাপেই গণ্য কৰা উচিত নহয়, বৰং এনেবোৰ স্থানক নতুন প্ৰজন্মৰ বাবে দেশৰ পৰম্পৰা আৰু গৌৰৱোজ্জ্বল অতীতৰ জ্ঞান-দৰ্শনৰ স্থলী হিচাপেহে গঢ়ি তোলা উচিত হব। আজিৰ এই আৰক্ষী স্মাৰকেও অনাগত দিনবোৰত নতুন প্ৰজন্মক আমাৰ আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানসকলৰ অমৰ বীৰগাঁথা স্মৰণ কৰোৱাৰ উত্স হিচাপে ভূমিকা পালন কৰিব। সামগ্ৰিকভাবে আমি এনে এক বাতাবৰণ গঢ়ি তোলা উচিত হব যি পৰিবেশত আৰক্ষী কিম্বা অৰ্দ্ধ সামৰিক বাহিনীৰ কোনো জোৱানক দেখিলেই সৰ্ব সাধাৰণ জনতাৰ মনত শ্ৰদ্ধাৰ ভাব জাগ্ৰত হৈ উঠিব পাৰে। আৰক্ষী বাহিনীৰ নামত উচৰ্গিত এই স্মাৰকে তেনে এক বাতাবৰণ ৰচনাৰ দিশেই আমাক আগবঢ়াই নিব। আজিৰ এই পবিত্ৰ দিৱসত মই আপোনলোকৰ আগত এটি বিশেষ ঘোষণা কৰিবলৈ ওলাইছো।

বন্ধুসকল, যিকোনো শোকাবহ ঘটনা কিম্বা প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ প্ৰসংগত সকলোৰে আগত থাকে আমাৰ আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানসকল। দুৰ্যোগ প্ৰশমণৰ কথা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনীৰ অবিহণে ভাবিবই নোৱাৰি। জৰুৰীকালিন পৰিস্থিতিত এইসকল জোৱানে নিজৰ জীৱনৰ কথা এবাৰলৈকো নাভাবি আনৰ জীৱন বচোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰে। সংকটৰ তেনে মুহূৰ্তবোৰত আমি কিন্তু এইসকল জোৱানৰ কথা এবাৰলৈও নাভাবো। সংকট প্ৰশমিত হলেই এইসকল জোৱান নিজ নিজ চকী কিম্বা বেটেলিয়নসমূহলৈ উভটি যায়গৈ। মই আজি সংকটৰ মুহূৰ্তত নিজৰ জীৱনকো তুচ্ছ কৰি আনৰ জীৱন বচোৱা এইসকল জোৱানৰ সন্মান বাবে এটা নতুন বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিব খুজিছো। ভাৰত মাতৃৰ বীৰ সন্তান নেতাজী সুভাস চন্দ্ৰ বসুৰ নামত উচৰ্গিত হবলগা এই বঁটা প্ৰতি বছৰে তেওঁৰ জন্ম দিৱসত প্ৰদান কৰা হব। সুভাস চন্দ্ৰ বসু, যিগৰাকী বীৰ ভাৰত-সন্তানে অসম্ভৱকো সম্ভৱ কৰি তুলিছিল, যিগৰাকী স্বাধীনতা সেনানীয়ে বৃটিছ বাহিনীক ভাৰত ত্যাগ কৰোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেইগৰাকী বীৰ যোদ্ধাৰ নামত উত্সৰ্গিত এই বঁটাই নিশ্চিত ভাবেই এই সন্মানকো মহিমামণ্ডিত কৰিব। তাত্পৰ্যপূৰ্ণ ভাবে আজি তেওঁ গঠন কৰা আজাদ হিন্দ চৰকাৰৰ ৭৫টা বছৰ পূৰ্ণ হোৱা দিনটোতে এই বঁটা ঘোষণা কৰা অন্য কথাই এক মহত্ব প্ৰদান কৰিছে বুলি ভবাৰ নিশ্চয় অৱকাশ আছে।

ভাই-ভনীসকল, সাহস আৰু ত্যাগৰে ৰচিত গৌৰৱময় অতীত আৰু পৰম্পৰাৰ কথা কোৱাৰ মুহূৰ্ততে মই ভৱিষ্যতে সন্মুখীন হব লগা প্ৰত্যহ্বানসমূহৰ কথাও সোঁৱৰাই দিব খুজিছো। সাম্প্ৰতিক সময়ত প্ৰযুক্তিয়ে আমাৰ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। স্বাভাৱিক অৰ্থতে এই প্ৰয়ুক্তিয়ে অপৰাধকো প্ৰভাৱিত কৰিবলৈ লৈছে। কবলৈ গলে আজিৰ অপৰাধীয়ে প্ৰযুক্তিক অপৰাধৰ অস্ত্ৰ কৰি লৈছে। সাম্প্ৰতিক প্ৰেক্ষাপটতত অপপ্ৰচাৰ আৰু চাইবাৰ অপৰাধ সমাজৰ বাবে এক ভয়াবহ প্ৰত্যাহ্বান হৈ মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত আৰক্ষী প্ৰশাসনেও নতুন প্ৰযুক্তি আৰু উদ্ভাৱনসমূহৰে নিজকে সষ্টম কৰি তোলাৰ লগতে আন আন এজেন্সীসমূহৰ সৈতে অধিক সমন্বয় স্থাপনৰে কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। অৱশ্যে এই ক্ষেত্ৰত ইতিমধ্যে বহুবোৰ মহত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে ছচিয়েল মিডিয়া অথবা অন লাইন যোগে এফআইআৰ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। সেইদৰে ট্ৰেফিক সম্পৰ্কীয় বহু কাম-কাজো আজিকালি ছচিয়েল মিডিয়া অথবা অন লাইন ব্যৱস্থাৰে সম্পন্ন কৰাৰ দিহা কৰা হৈছে। এনে পদক্ষেপ নিতান্তই আদৰণীয়, আমি এই ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাই এনে এক পৰ্যয়লৈ লৈ যাব লাগিব যত নিয়মীয়া গোচৰ অথবা সৰু-সুৰা পৰীক্ষণ আদিৰ দৰে কথাৰ বাবে সৰ্ব-সাধাৰণ জনতাৰ আৰক্ষী থানালৈ অহাৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰিব পাৰে।

বন্ধুসকল, আপোনালোক সকলোৱে চাগৈ নিশ্চয় জানে যে আৰক্ষী সেৱাৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰে যোৱা বছৰ এলানি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। আৰক্ষী আধুনিকীকৰণ আঁচনি চমুকৈ, এমপিএফ-ৰ অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ ভিতৰত দেশৰ আৰক্ষীবাহিনীৰ সংস্কাৰ সাধনৰ বাবে প্ৰায় ৪৫,০০০কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে প্ৰযুক্তি-যোগাযোগ ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধনৰ লগতে নতুন প্ৰত্যাহ্বান ৰোধ কৰিব পৰা অস্ত্ৰ-শস্ত্ৰৰে আৰক্ষী বাহিনীক সু-সজ্জিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এইবোৰৰ উপৰিও দেশৰ প্ৰতিখন আৰক্ষী থানাৰ সমন্বয়ত অপৰাধ আৰু অপৰাধীৰ এক ৰাষ্ট্ৰীয় তথ্য-ভাণ্ডাৰ গঢ়ি তোলাৰো দিহা কৰা হৈছে। এই তথ্য-ভাণ্ডাৰৰে ফৰেইনচিক পৰীক্ষাগাৰ আৰু আদালতৰ দৰে ন্যায়িক-প্ৰশাসনৰ অন্য নিকায়সমূহকো সংলগ্ন কৰাৰ কাম-কাজ অব্যাহত ৰখা হৈছে।

আইন-শৃংখলাৰ পৰিস্থিতিৰ লগতে যান-বাহণ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ উন্নতকৰণৰ বাবে চৰকাৰে প্ৰতিখন ৰাজ্যকে অত্যাধুনিক প্ৰযুক্তি প্ৰবন্ধন ব্যৱস্থাৰ বাবে সযোগিতা আগবঢ়োৱাৰ দিহা কৰিছে। যি কি নহওক প্ৰযুক্তি কেতিয়াও মানৱীয় সচেতনতাৰ বিকল্প হব নোৱাৰে। এই প্ৰেক্ষাপটতে আৰক্ষী বাহিনীৰ প্ৰতিগৰাকী সদস্যৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠে। সমাজৰ লাঞ্চিত, বঞ্চিত, নিৰ্যাতিত, প্ৰতাৰিতসকলৰ বাবে আপোনালোকেইতো নিৰাপত্তাৰ প্ৰথম ভৰষা। সংকটৰ বেলিকা আপোনালোকেইতো দুৰ্গতসকলৰ প্ৰথম বান্ধৱ। সেয়ে আইন-শৃংখলাৰ পৰিস্থিতি চম্ভলাৰ দায়িত্ব পালন কৰাৰ লগতে আপোনালোকে কিন্তু জনতাৰ ওজৰ-আপত্তি নিতান্ত সহমৰ্মিতাৰে হৃদয়ংগম কৰি তেওঁলোকৰ দুখৰ চকুপানী মচাৰ গুৰু দায়িত্বও কান্ধ পাতি লব লাগিব। আৰক্ষী থানালৈ আহিবলগীয়া হোৱাসকলক এগিলাচ পানী আগবঢ়াই, আন্তৰিকতাপূৰ্ণ দুআষাৰ কথাৰে আৰ্তজনৰ গোচৰ লোৱাৰ পৰম্পৰা আৰম্ভ কৰিব পাৰিলেও আৰক্ষী আৰু সমাজৰ মাজৰ সম্পৰ্ক অধিক প্ৰগাঢ় হব বুলি আশা কৰিব পাৰি। এই সম্পৰ্ক প্ৰগাঢ় হলেই সমাজ আৰু আৰক্ষীৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব। ই অপৰাধ নিয়ন্ত্ৰণৰ বাবে আপোনালোকে চলোৱা প্ৰতিটো অভিযানৰ সাফল্যৰ ক্ষেত্ৰত ভাবিব নোৱাৰা ধৰণে সহায়ক হৈ উঠিব।

সামৰণিৰ পৰত মই আপোনালোক আটাইকে আৰক্ষী স্মাৰক দিৱসত সংস্থাপিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকৰ বাবে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিলো। মই প্ৰতিখন ৰাজ্যৰ মুখ্য মন্ত্ৰীক এই স্মাৰক দৰ্শন কৰি এইসকল আৰক্ষী জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অহাৰ বাবে আহ্বান জনালো। মই ৰাজ্যৰ তালিকাত সন্নিৱিষ্ট হোৱা আৰক্ষীসকলক সন্মানিত কৰিবলৈও গোহাৰি জনাইছো। আপোনালোকৰ কৰ্তব্যপৰায়ণতা, সাহস, আৰু উতসৰ্গিত মনোভাৱৰ বাবে মই নত-মস্তক হৈ নমস্কাৰ জনোৱাৰ লগতে আহিবলগীয়া উত্সৱৰ বাবে আৰক্ষী-পৰিয়ালবৰ্গলৈ আন্তৰিক শুভ কামনা জনাই মোৰ ভাষণৰ সামৰণি মাৰিলো।

বহুত বহুত ধন্যবাদ।

***

AKT/SH/KT/RSB/AK