Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ক’ভিড-১৯ক প্ৰতিহত কৰাৰ উদ্দেশ্যে এঘাৰটা ক্ষমতাসম্পন্ন গোটৰ সৈতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পুনৰীক্ষণ বৈঠক


প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ অধ্যক্ষতাত আজি ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ক্ষমতাসম্পন্ন গোটে গ্ৰহণ কৰা প্ৰয়াসসমূহৰ পুনৰীক্ষণৰ বাবে এক বৈঠকৰ আয়োজন কৰা হয়৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই মহামাৰীক প্ৰতিহত কৰিবলৈ বিভিন্ন পৰ্যায়ত চলিত প্ৰয়াসসমূহৰ পুনৰীক্ষণ কাৰ্য চলি আছে৷

মুখ্য সচিবে ক্ষমতাসম্পন্ন গোটে গ্ৰহণ কৰা প্ৰয়াসসমূহ পুনৰীক্ষণ কৰে৷ আলোচনাৰ বিষয়বস্তু আছিল অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উপলব্ধতাৰ বাবে লজিষ্টিক ব্যৱস্থাপনা, জড়িত হৈ থকা ষ্টেকহ’ল্ডাৰসমূহৰ সুবিধাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসসমূহ, সামাজিক ব্যৱধান মানি চলি কৃষকক তেওঁলোকৰ শস্য চপোৱাৰ বাবে কৰা সাহায্য, গৃহ মন্ত্ৰালয়ে প্ৰদান কৰা বিভিন্ন নিৰ্দেশৱালীৰ অনুপালন ইত্যাদি৷ এই পৰ্যন্ত ১,৪৫,৯১৬টা নমুনা পৰীক্ষণ হোৱাৰ পৰিপ্ৰেক্ষিতত বৈঠকত উপস্থিত লোকসকলে সন্তুষ্টি প্ৰকাশ কৰে৷

প্ৰব্ৰজিত শ্ৰমিক আৰু গৃহহীন লোকসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে ৰাজ্যসমূহৰ মুখ্য সচিবক দিয়া নিৰ্দেশৰ বিষয়ে অৱগত কৰোৱা হয়৷ পিপিইৰ নিৰ্মাণ আৰু স্বাস্থ্যসেৱা খণ্ডৰ কৰ্মচাৰীসকলক সামৰ্থ নিৰ্মাণৰ বিষয়েও নিশ্চিতি প্ৰদান কৰা হয়৷ তাৰোপৰি এনজিঅ’ আৰু সামাজিক কল্যাণ সংস্থাসমূহকো ম’বিলাইজ কৰা বুলি বৈঠকখনত উল্লেখ কৰা হয়৷
পিএম গৰীৱ কল্যাণ যোজনাৰ জৰিয়তে সাহায্যমূলক পেকেজসমূহৰ বিতৰণৰ প্ৰক্ৰিয়া সন্দৰ্ভতো বৈঠকখনত উল্লেখ কৰা হয়৷

সমাজৰ অন্তিমটো প্ৰান্তলৈকে সময়মতে তথ্য বিতৰণৰ ক্ষেত্ৰত আঞ্চলিক ভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়৷
আজিৰ বৈঠকখনত উপস্থিত আছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথা ভাৰত চৰকাৰৰ অন্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল৷

*****

VRRK/KP/MANN