Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অসমৰ গুৱাহাটীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানৰ আভাস ভাগ-বতৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

অসমৰ গুৱাহাটীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানৰ আভাস ভাগ-বতৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত এক বৃহৎ সমাৱেশত সম্বোধন কৰি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক আৰু চাহ বাগিচাৰ শ্ৰমিকসকলক সম্ভাষণ জনায়।

 

এক্সত এলানি ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয় ঃ

“গৌৰৱময় বড়ো সংস্কৃতিৰ সৈতে কোকৰাঝাৰৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। অঞ্চলটোৰ বিকাশৰ লক্ষ্যৰে উন্নয়নমূলক প্ৰকল্পসমূহ আৰম্ভ কৰিবলৈ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক কাৰ্যসূচীক সম্বোধন কৰা হয়।”

 

“গুৱাহাটীৰ পৰা একাধিক গুৰুত্বপূৰ্ণ কল্যাণমূলক আৰু আন্তঃগাঁথনিৰ পদক্ষেপ আৰম্ভ কৰা হৈছে, যি অসমৰ উন্নয়নত সহায় কৰিব আৰু সমগ্ৰ ৰাজ্যৰ লোকসকলক উপকৃত কৰিব।”

 

“অসমৰ গুৱাহাটীত থকা মোৰ পৰিয়ালৰ সদস্যসকলৰ উদ্যম আৰু উতসাহে দেখুৱাইছে যে তেওঁলোকৰ উন্নয়নৰ সংকল্প কিমান শক্তিশালী।”

 

‘অসমৰ চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলৰ হাতত মাটিৰ পট্টা গতাই দি মই গভীৰভাৱে সন্তুষ্ট হৈছো। ই তেওঁলোকৰ জীৱন সহজ আৰু উন্নত কৰি তোলাত অতি সহায়ক বুলি প্ৰমাণিত হ’ব।”

 

“অসমৰ গুৱাহাটীত আজি মোৰ কৃষক ভাই-ভনীসকলৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২২সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। এই আঁচনিখনে সমগ্ৰ দেশৰ আমাৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হোৱাত মই অতিশয় আনন্দিত হৈছো।”

 

“বিজেপি-এনডিএ চৰকাৰৰ বাবে আমাৰ কৃষক ভাই-ভনীসকলৰ কল্যাণতকৈ গুৰুত্বপূৰ্ণ একোৱেই নাই। আমাৰ যি কিষাণ সন্মান নিধি আঁচনিক লৈ কংগ্ৰেছ দলে প্ৰশ্ন উত্থাপন কৰিছিল, সেয়া আজি অসমকে ধৰি সমগ্ৰ দেশৰ ক্ষুদ্ৰ কৃষকৰ বাবে সামাজিক সুৰক্ষা আৰু মৰ্যাদাৰ মাধ্যম হৈ পৰিছে।”

 

“দেশৰ শক্তি খণ্ড সম্পৰ্কীয় প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাত অসমে উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। ইয়াত শুভাৰম্ভ কৰা নবীকৰণযোগ্য শক্তি প্ৰকল্পসমূহে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক উপকৃত কৰিব।”

 

“অসমৰ চাহ বাগিচাত কাম কৰা আমাৰ যিসকল মিত্ৰই ৰাজ্যখনক বিশ্বজোৰা পৰিচয় দিছে, তেওঁলোকক ভূমি প্ৰদানৰ বাবে আমি এক বৃহৎ পদক্ষেপ হাতত লৈছো। ইয়াৰ দ্বাৰা তেওঁলোকৰ পকী ঘৰৰ সপোনো পূৰণ হ’ব।”

 

“ডাবল ইঞ্জিন চৰকাৰে অসমৰ পৰ্যটনত কৰ্মসংস্থাপন আৰু উন্নয়নৰ এক ডাঙৰ সুযোগ দেখা পাইছে। ঠিক সেইবাবেই ই জনসমৃদ্ধিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে।”

 

“যুদ্ধৰ পৰা উদ্ভৱ হোৱা সংকটৰ মাজতে উৰাবাতৰি বিয়পোৱাত ব্যস্ত হৈ থকা কংগ্ৰেছে পণ্ডিত নেহৰুৱে ১৫ আগষ্টত লালকিল্লাৰ পৰা দিয়া সেই ভাষণ নিশ্চয় শুনিব লাগে, য’ত তেওঁ মূল্যবৃদ্ধিৰ বাবে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ সংঘাতক দোষী সাব্যস্ত কৰিছে।”

 

***

MJPS/VJ/KD