Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীন ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।

পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেলত কয়;

‘অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ খবৰে মৰ্মাহত কৰিছে। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।

পিএমএনআৰএফৰ অধীনত প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SR/DB