Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আগন্তুক সোমনাথ ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ লিখনি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ মে’ত সোমনাথ ভ্ৰমণ কৰাৰ কথা। এই সন্দৰ্ভত তেওঁ এই দিনটোৰ সোমনাথ সম্পৰ্কীত স্থায়ী গুৰুত্ব আৰু ভাৰতৰ সভ্যতাৰ বিশালতাৰ ওপৰত আলোকপাত কৰি এটি লিখনি প্ৰস্তুত কৰিছে।

এক্স-ত এটা পোষ্টত লিখনিটোৰ বিষয়ে সবিশেষ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সোমনাথক সুৰক্ষিত কৰা আৰু ইয়াৰ গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত অবিচল হৈ থাকি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;

১১ মে’ত মোৰ সমাগত সোমনাথ ভ্ৰমণ তথা এই দিনটো সোমনাথ আৰু আমাৰ সভ্যতাৰ বিশালতাৰ ক্ষেত্ৰত সদায় গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হোৱাৰ অন্তৰালৰ দিশসমূহ সামৰি এটা লিখনি প্ৰস্তুত কৰিছো। তদুপৰি সকলো ধৰণৰ প্ৰত্যাহ্বান সহ্য কৰি সদায়ে সোমনাথক সুৰক্ষিত কৰাৰ লগতে ইয়াৰ গৌৰৱ পুনৰুদ্ধাৰ কৰা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

https://www.narendramodi.in/somnath-and-bharat-s-unconquerable-spirit
 

“পুনৰ নিৰ্মাণ কৰা সোমনাথ মন্দিৰ উদ্বোধনৰ ৭৫সংখ্যক বাৰ্ষিকী উপলক্ষে ১১ মে’ত এই মন্দিৰ পুনৰ এবাৰ দৰ্শন কৰাৰ মোৰ সৌভাগ্য হ’ব। এই উপলক্ষই আমাক এই পবিত্ৰ স্থানৰ সুৰক্ষা আৰু পুনৰ নিৰ্মাণৰ বাবে দেশৰ কেইবা প্ৰজন্মই কৰি অহা নিৰন্তৰ সংগ্ৰাম মনত পেলাই দিয়ে। দেশবাসীলৈ লিখা এই পত্ৰখনত মই মহান দিব্যধাম সোমনাথ মন্দিৰৰ প্ৰতি সমৰ্পিত মোৰ অনুভূতি প্ৰকাশ কৰিছো।

https://www.narendramodi.in/hi/somnath-and-bharat-s-unconquerable-spirit

****

MJPS/SS/ST/DD