Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আজি শতবৰ্ষত পদাৰ্পণ কৰা বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ সেৱাত সমৰ্পিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ক আজি শতবৰ্ষত পদাৰ্পণ কৰা বাবে অভিনন্দন জ্ঞাপন কৰে।

মোহন ভাগৱতৰ এটা ভিডিঅ’ৰ লিংক শ্বেয়াৰ কৰি মোদীয়ে কয়:

“ৰাষ্ট্ৰ সেৱাত সমৰ্পিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ আৰএছএছে আজি ১০০ বছৰত পদাৰ্পণ কৰিছে। অবিৰত যাত্ৰাৰ এই ঐতিহাসিক স্তৰত সকলো স্বেচ্ছাসেৱকলৈ মোৰ আন্তৰিক অভিনন্দন আৰু অসীম শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা ভাৰতীৰ প্ৰতি এই সংকল্প আৰু সমৰ্পণে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে ‘বিকশিত ভাৰত’ক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো নতুন শক্তি পূৰণ কৰিব। আজি বিজয়াদশমীৰ শুভ সময়ত মাননীয় সৰসংঘচালক শ্ৰীযুত মোহন ভাগৱত জীৰ ভাষণ নিশ্চিতভাৱে শুনিব লাগিব…”

**********

MJPS/SR