Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক আতিথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক আতিথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি মাননীয় জে ডি ভেন্সৰ সৈতে দেশখনৰ দ্বিতীয় মহিলা শ্ৰীমতী ঊষা ভেন্স, তেওঁলোকৰ সন্তান আৰু আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ সদস্যসকলৰে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে জানুৱাৰী মাহত তেওঁৰ ৱাশ্বিংটন ডিচি ভ্ৰমণ আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা তেওঁৰ ফলপ্ৰসূ আলোচনাৰ কথা আনন্দৰে স্মৰণ কৰে, যিয়ে ‘মে’ক আমেৰিকা গ্ৰেট এগেইন’ (এমএজিএ) আৰু ‘বিকশিত ভাৰত ২০৪৭’ৰ শক্তিৰ সুবিধা গ্ৰহণ কৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ পথ-মানচিত্ৰ নিৰ্ধাৰণ কৰে।

প্ৰধানমন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰপতি ভেন্সে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা আৰু ইতিবাচক মূল্যায়ন কৰে।

তেওঁলোকে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে পাৰস্পৰিক ভাৱে লাভজনক হোৱা আলোচনাৰ গুৰুত্বপূৰ্ণ অগ্ৰগতিক আদৰণি জনায়। দ্বিপাক্ষিক বাণিজ্য চুক্তিত দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণত গুৰুত্ব আৰোপ কৰা হৈছিল। একেদৰে, তেওঁলোকে শক্তি, প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ দিশত অব্যাহত থকা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ বিজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে আৰু আগবাঢ়ি যোৱাৰ পথ হিচাপে আলোচনা আৰু কূটনীতিৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে উপৰাষ্ট্ৰপতি, দ্বিতীয় মহিলা আৰু তেওঁলোকৰ সন্তানসকলক ভাৰতত এক মনোৰম আৰু ফলপ্ৰসূ ভ্ৰমণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই বছৰৰ শেহৰ ফালে তেওঁৰ ভাৰত ভ্ৰমণৰ বাবে বাট চাই আছে।

***

MJPS/VJ/SKS/KB