পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (এ) ত অনুমোদন জনাইছে য’ত ৫টা ষ্টেচনৰ সৈতে ৬.০৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ আছে। দ্বিতীয় পৰ্যায় (এ) ৰ কাৰ্য্যকৰীকৰণৰ পাছত আহমেদাবাদ-গান্ধীনগৰত ৭৭.৬৩কিলোমিটাৰ সক্ৰিয় মেট্ৰ’ ৰে’ল নেটৱৰ্ক থাকিব। দ্বিতীয় পৰ্যায়ৰ (এ) কৰিডৰত থকা ষ্টেচনসমূহৰ নাম হ’ল-আশ্ৰম পথ, কোটেশ্বৰ প্ৰাচীন মন্দিৰ, সবৰমতী নদী, চৰ্দাৰ নগৰ আৰু বিমানবন্দৰ।
প্ৰকল্পটোৰ বাবে আই ডি চি (নিৰ্মাণৰ সময়ত সুদ) সহ সম্পূৰ্ণ কৰাৰ মুঠ ব্যয় হ’ব ২,১৬৯.০৪ কোটি টকা।
লাভ আৰু বৃদ্ধিৰ বিকাশঃ
আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (এ)-এ চহৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ প্ৰতিনিধিত্ব কৰে। দ্বিতীয় পৰ্য্যায় (এ)-এ চহৰখনত মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ হিচাপে কাম কৰে।
উন্নত সংযোগঃ
আহমেদাবাদ মেট্ৰ’ প্ৰকল্পৰ দ্বিতীয় পৰ্য্যায় (এ) ত প্ৰায় ৬,০৩২ কিলোমিটাৰ নতুন মেট্ৰ’ কৰিডৰৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে, যাৰ লক্ষ্য হৈছে বিমানবন্দৰলৈ নিৰবিচ্ছিন্ন সংযোগ প্ৰদান কৰি ৰাজহুৱা পৰিবহণ যথেষ্ট বৃদ্ধি কৰা আৰু বৰ্তমান দক্ষ পৰিবহণ প্ৰৱেশাধিকাৰৰ অভাৱ থকা মূল আৱাসিক তথা বাণিজ্যিক অঞ্চলসমূহক সংযোগ কৰা।
এই পৰ্যায়ৰ লক্ষ্য হৈছে আৱাসিক আৰু বাণিজ্যিক কেন্দ্ৰকে ধৰি মূল অঞ্চলসমূহক বিদ্যমান আহমেদাবাদ–গান্ধীনগৰ কৰিডৰৰ সৈতে নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰা। ইয়াৰ উপৰি, বিশ্ব পুলিচ গেমছ ২০২৯ আৰু কমনৱেলথ গেমছ ২০৩০ ৰ বাবে ওচৰতে ক্ৰীড়া সুবিধাও বিকশিত কৰাৰ সম্ভাৱনা আছে।
এই গুৰুত্বপূৰ্ণ অঞ্চলসমূহক মেট্ৰ’ নেটৱৰ্কৰ সৈতে সংযোগ কৰি, দ্বিতীয় পৰ্য্যায় (এ)-এ কেৱল সংযোগ বৃদ্ধি কৰাই নহয়, অৰ্থনৈতিক কাৰ্যকলাপ তথা পৰ্যটনকো উৎসাহিত কৰাৰ লগতে বাসিন্দা আৰু দৰ্শনাৰ্থী উভয়ৰে বাবে নগৰীয়া চলাচল সহজ কৰি তুলিব।
আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (এ) চহৰখনৰ বাবে এক পৰিৱৰ্তনমূলক উন্নয়ন হ’ব। ই উন্নত সংযোগ, যান-জঁট হ্ৰাস, পাৰিপাৰ্শ্বিক লাভালাভ, অৰ্থনৈতিক বিকাশ আৰু জীৱনৰ মান উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মূল নগৰীয়া প্ৰত্যাহ্বানসমূহক ভেটি প্ৰদান কৰি, দ্বিতীয় পৰ্য্যায় (এ)-এ চহৰখনৰ উন্নয়নৰ গতিপথ আৰু স্থায়িত্ব গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
আহমেদাবাদ মেট্ৰ’ দ্বিতীয় পৰ্যায়ে–য়ে নিৰ্মাণৰ শীৰ্ষ সময়ছোৱাত প্ৰায় ২,০০০ লোকৰ নিযুক্তিৰ সৃষ্টি কৰিব আৰু ব্যৱস্থাটোৰ সঞ্চালন তথা ৰক্ষণাবেক্ষণৰ সময়ত ৫০০ জন লোকে কাম কৰাৰ সম্ভাৱনা আছে।
পথৰ মানচিত্ৰঃ

***
MJPS/MK