Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ ন্যাসৰক্ষীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আইজিএনচিএ)ৰ ন্যাসৰক্ষীসকলৰ সৈতে ভাৰতৰ বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ প্ৰচাৰ সম্পৰ্কীয় বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ ন্যাসৰক্ষীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে সাংস্কৃতিক প্ৰসাৰৰ যাত্ৰাত অধিক লোকক জড়িত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। মত-বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰী আৰু ন্যাসৰক্ষীসকলে ডিজিটেল আৰু তৃণমূল পৰ্যায়ৰ পদক্ষেপসমূহৰ জৰিয়তে প্ৰসাৰক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে আৰু ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰত শিল্পী আৰু পণ্ডিতসকলক সমৰ্থন কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখেঃ

“আইজিএনচিএৰ ন্যাসৰক্ষীসকলৰ সৈতে মিলিত হৈ ভাৰতৰ বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ জনপ্ৰিয়কৰণ সম্পৰ্কীয় বিভিন্ন দিশত আলোচনা কৰিলো। আমি এই যাত্ৰাত অধিক লোকক অন্তৰ্ভুক্ত কৰাৰ, ডিজিটেল আৰু তৃণমূল পৰিকল্পনাৰ জৰিয়তে প্ৰসাৰক শক্তিশালী কৰাৰ আৰু আমাৰ সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শিল্পী আৰু শিক্ষাবিদসকলক সমৰ্থন কৰাৰ উপায়সমূহো অন্বেষণ কৰো”।

***

MJPS/PRK/DB