Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জৰ্দানৰ ৰজাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্দানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই বাৰ্তালাপত তেওঁলোকে পৰস্পৰে পৰস্পৰৰ মাজত উৎসৱ উপলক্ষে শুভেচ্ছা বিনিময় কৰে আৰু অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে কথা পাতি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু এই অঞ্চলত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে প্ৰতিষ্ঠাৰ বাবে আলোচনা আৰু কূটনীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ শক্তিখণ্ডৰ আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণ নিন্দনীয় আৰু ইয়াৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে। শ্ৰী মোদীয়ে নিশ্চিত কৰে যে ভাৰত আৰু জৰ্দান দুয়োখন দেশেই সামগ্ৰী আৰু শক্তিৰ অবাধ প্ৰবাহৰ প্ৰতি সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে অঞ্চলটোত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ ক্ষেত্ৰত জৰ্দানৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখেঃ

“মই মোৰ ভাতৃ জৰ্দানৰ ৰজা মহামহিম দ্বিতীয় আবদুল্লাহক টেলিফোনযোগে ঈদৰ শুভেচ্ছা জনালোঁ। আমি পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছো আৰু এই অঞ্চলত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে প্ৰতিষ্ঠাৰ বাবে আলোচনা আৰু কূটনীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। পশ্চিম এছিয়াৰ শক্তি খণ্ডৰ আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণ নিন্দনীয় আৰু ইয়াৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে। ভাৰত আৰু জৰ্দান দুয়োখন দেশে সামগ্ৰী আৰু শক্তিৰ অবাধ প্ৰবাহৰ সমৰ্থন কৰে।

***

MJPS/PRK/DB