Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত ব্ৰঞ্জৰ পদ জয় কৰা পুৰুষৰ ৪×৪০০ মিটাৰ ৰীলেৰ দলটোক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ৪×৪০০ মিটাৰ ৰীলেত উৎকৃষ্ট প্ৰকৰ্শনেৰে  ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কেক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া আছিল দলীয় উদ্যম আৰু উৎসাহেৰে ভৰা এক প্ৰয়াস তথা এই পদক লাভ কৰাটো হৈছে এক যথোচিত সফলতাৰ স্বীকৃতি।

তেওঁ খেলুৱৈসকলৰ আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকে ভৱিষ্যতেও ভাৰতক গৌৰৱান্বিত কৰি যাব বুলি আশা প্ৰকাশ কৰে।শ্ৰী মোদীয়ে কয় যে এই সফলতাই আন খেলুৱৈসকলকো অনুপ্ৰাণিত কৰাত  সহায় কৰিব।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এটা পোষ্টত কয়—

“উৎকৃষ্ট প্ৰদৰ্শনেৰে পুৰুষৰ ৪×৪০০ মিটাৰ ৰীলেত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কেক অভিনন্দন। এয়া আছিল দলীয় উদ্যম আৰু উৎসাহেৰে ভৰা এক প্ৰয়াস আৰু এই পদক লাভ কৰাটো আছিল এক যথোচিত সফলতা। তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তেওঁলোকে যাতে ভৱিষ্যতেও ভাৰতক গৌৰৱান্বিত কৰি থাকে, তাৰ বাবে শুভকামনা জনালোঁ। এই সফলতাই আন খেলুৱৈসকলক অনুপ্ৰাণিত কৰাত যথেষ্ট সহায় কৰিব।”

PM @narendramodi”

 

***********

MJPS/SS/ST/DM