পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে সমগ্ৰ দেশবাসীক সম্বোধন কৰে৷ ‘নৱৰাত্ৰ’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক নটা কাৰ্যৰ বাবে অনুৰোধ জনায়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বতে বিয়পি পৰা এই গোলকীয় মহামাৰীক প্ৰত্যাহ্বান জনোৱাৰ বাবে ভাৰতবাসীৰ হাতত এটাই উপায় আছে আৰু সেয়া হ’ল সংযম৷ তেওঁ নাগৰিকসকলক ভাইৰাছবিধৰ দ্ৰুত বিস্তৃতি ৰোধ কৰিবলৈ কিছুমান বিশেষ পদক্ষেপ পালন কৰিবলৈ অনুৰোধ জনায়৷ তেওঁ মহামাৰীবিধক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ দি ইয়াৰ প্ৰতিৰোধৰ বাবে সজাগ আৰু সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায়৷
প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ‘‘যেতিয়া আমি সুস্থ হৈ থাকিম, তেতিয়া সমগ্ৰ বিশ্বই সুস্থ হৈ থাকিব’ মন্ত্ৰষাৰি সৰোগত কৰিবলৈ আহ্বান জনায়৷ তেওঁ ‘সামাজিক দূৰত্ব’ৰ দৰে গুৰুত্বপূৰ্ণ স্ব-সংযমতা পালন কৰিবলৈ আহ্বান জনায়৷ তেওঁ নাগৰিকসকলক প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰ নহ’বলৈ অনুৰোধ জনায়৷ তাৰোপৰি তেওঁ নাগৰিকসকলক ঘৰৰ পৰা কাম কৰিবলৈ আৰু অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলৈও অনুৰোধ জনায়৷ আগন্তুক কেই সপ্তাহমানৰ বাবে তেওঁ ৬০ বয়সৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক ঘৰৰ পৰা বাহিৰ নহ’বলৈ আহ্বান জনায়৷ চিকিৎসালয়ত উদ্ভৱ হোৱা ব্যস্ততাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ প্ৰত্যেককে এই সময়ছোৱাত নিয়মীয়া পৰীক্ষণ বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে সম্ভৱস্থলত অস্ত্ৰোপচাৰৰ তাৰিখ সম্প্ৰসাৰিত কৰিবলৈ অনুৰোধ জনায়৷
‘জনতা কাৰ্ফিউ’
প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকল ২২ মাৰ্চ ২০২০ তাৰিখে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ ‘জনতা কাৰ্ফিউ’ পালন কৰিবলৈ আহ্বান জনায় য’ত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে যাতে কোনো বাহিৰলৈ ওলাবলগীয়া নহয়৷ তেওঁ কয় যে এই ধৰণৰ অনুশীলনৰ জৰিয়তে জনসাধাৰণে আগন্তুক সময়ৰ প্ৰত্যাহ্বানৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰিব৷ তাৰোপৰি ২২ মাৰ্চৰ এই প্ৰয়াসৰ দ্বাৰা দেশৰ স্বাৰ্থৰ খাতিৰত আমাৰ আত্মসংযমৰ সিদ্ধান্তও প্ৰতিফলিত হ’ব বুলি তেওঁ উল্লেখ কৰে৷
এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক নেতৃত্ব গ্ৰহণ কৰিবলৈ দি প্ৰধানমন্ত্ৰীয়ে এনচিচি, এনএছএছ, সাধাৰণ সমাজকে ধৰি সকলো যুৱ সংগঠনক জনসাধাৰণৰ মাজত এই ‘জনতা কাৰ্ফিউ’ৰ বিষয়ে সজাগতা প্ৰদান কৰিবলৈ আহ্বান জনায়৷ তেওঁ প্ৰত্যেককে অতিকমেও দহজন লোকক ফোনেৰে নিজকে কাৰ্ফিউৰ সৈতে জড়িত কৰাৰ বাবে অনুৰোধ জনাবলৈ আহ্বান জনায়৷
নিঃস্বাৰ্থ সেৱা প্ৰদানকাৰীসকললৈ কৃতজ্ঞতা
প্ৰধানমন্ত্ৰীয়ে কয় যে চিকিৎসা কৰ্মী, আৰক্ষী, চৰকাৰী কৰ্মচাৰী, বিমানবন্দৰৰ কৰ্মচাৰী, সংবাদ মাধ্যমৰ লোক, বাছ/ৰে’ল/অটো চালক আদিৰ লগতে হোম ডেলিভাৰী সেৱা প্ৰদান কৰা লোকসকলৰ দৰে এচাম সাহসী লোকে অহৰহ এই ক’ভিড ১৯ বা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে।
দেশৰ এনে এক সংকটকালীন মুহুৰ্ত্তত এনে সেৱা আগবঢ়াই অহা লোকসকললৈ কৃতজ্ঞতা তথা শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দি কয় যে অহা ২২ মাৰ্চ তাৰিখে সন্ধিয়া ৫ বজাত দেশৰ প্ৰতিগৰাকী লোকেই নিজ নিজ ঘৰৰ বেলকনি বা দুৱাৰমুখত থিয় হৈ পাচ মিনিট সময়ৰ বাবে ৰিং বেল বা হাত চাপৰি বজাই তেওঁলোকক কৃতজ্ঞতা জনাওঁক, ধন্যবাদ জনাওঁক বা প্ৰসংশা কৰক।
তেওঁ লগতে সমগ্ৰ দেশৰে ৰাজ্য চৰকাৰসমূহক সন্ধিয়া ৫ বজাৰ লগে লগে এই কাৰ্যৰ সোঁৱৰণৰ বাবে এক চাইৰেন বজাবলৈও অনুৰোধ জনাইছে।
অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা –
বিশ্বত্ৰাস ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধীনত এক ‘ক’ভিড-১৯ অৰ্থনৈতিক সাহায্যৰ টাস্ক ফ’ৰ্চ’ গঠন কৰাৰ কথাও ঘোষণা কৰে। এই টাস্ক ফ’ৰ্চটোৱে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰিব, তেওঁলোকৰ মতামত ল’ব, সামগ্ৰিক প্ৰেক্ষাপটৰ বুজ ল’ব আৰু এইবোৰ তথ্যৰ ভিত্তিতে ইতিমধ্যেই উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ যাৱতীয় সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব। এই টাস্ক ফ’ৰ্চে সংশ্লিষ্ট প্ৰত্যাহ্বানবোৰ নাইকিয়া কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাটোও সুনিশ্চিত কৰিব।
প্ৰধানমন্ত্ৰীয়ে লগতে ব্যৱসায়ী সমাজ আৰু উচ্চ আয়ৰ লোকসকলক আহ্বান জনায় যে তেওঁলোকে যেন বিভিন্ন সেৱা গ্ৰহণ কৰা নিম্ন আয়ৰ লোকসকলৰ অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ দিশবোৰলৈ সুদৃষ্টি ৰাখে বা প্ৰয়োজনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়। ইফালে প্ৰধানমন্ত্ৰীয়ে এইসকল লোকে এইকেইটা দিনত কৰ্মক্ষেত্ৰলৈ আহিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত সেৱা আগবঢ়াব নোৱাৰাৰ বাবে দৰমহা কৰ্তন নকৰিবলৈও আহ্বান জনায়। এনে এক বিপদসংকুল সময়ত মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে আগবঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ।
তেওঁ লগতে দেশবাসীক নিশ্চয়তা প্ৰদান কৰি কয় যে খাদ্য, গাখীৰ, ঔষধ আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কোনোধৰণৰ নাটনিৰ সৃষ্টি নহয়। গতিকে ভয়াৰ্ত হৈ সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকাৰ বাবেও দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।
ক’ভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ দেশবাসীক একত্ৰিত হৈ কাম কৰা আৰু এই ৰোগ নিৰ্মূলৰ বাবে সকলোৱে অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। তেওঁ দেশবাসীক কোনোধৰণৰ ভুৱা বা মিছা তথ্যত পতিয়ন নাযাবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে এক বিশ্ব স্তৰত চলি থকা মহামাৰীৰ সময়ত এটা গুৰুত্বপূৰ্ণ দিশ নিশ্চিত কৰিব লাগে, সেয়া হৈছে ‘মানৱীয়তাৰ জয়েই ভাৰতৰ জয়’।
***
VRRK/AK/MANN/RD
Watch Live! https://t.co/UHSCp7Wcu9
— PMO India (@PMOIndia) March 19, 2020
मेरे प्रिय देशवासियों,
— PMO India (@PMOIndia) March 19, 2020
पूरा विश्व इस समय संकट के बहुत बड़े गंभीर दौर से गुजर रहा है: PM @narendramodi #IndiaFightsCorona
मैं आज प्रत्येक देशवासी से एक और समर्थन मांग रहा हूं।
— PMO India (@PMOIndia) March 19, 2020
ये है जनता-कर्फ्यू।
जनता कर्फ्यू यानि जनता के लिए,
जनता द्वारा खुद पर लगाया गया कर्फ्यू: PM @narendramodi #IndiaFightsCorona
इस रविवार,
— PMO India (@PMOIndia) March 19, 2020
यानि
22 मार्च को,
सुबह 7 बजे से रात
9 बजे तक, सभी देशवासियों को,
जनता-कर्फ्यू का पालन करना है: PM @narendramodi #IndiaFightsCorona
साथियों,
— PMO India (@PMOIndia) March 19, 2020
22 मार्च को हमारा ये प्रयास, हमारे आत्म-संयम,
देशहित में कर्तव्य पालन के संकल्प का एक प्रतीक होगा।
22 मार्च को जनता-कर्फ्यू की सफलता, इसके अनुभव, हमें आने वाली चुनौतियों के लिए भी तैयार करेंगे: PM @narendramodi #IndiaFightsCorona
संभव हो तो हर व्यक्ति प्रतिदिन कम से कम
— PMO India (@PMOIndia) March 19, 2020
10 लोगों को फोन करके कोरोना वायरस से बचाव के उपायों के साथ ही जनता-कर्फ्यू के बारे में भी बताए।
साथियों,
ये जनता कर्फ्यू एक प्रकार से हमारे लिए,
भारत के लिए एक कसौटी की तरह होगा: PM @narendramodi #IndiaFightsCorona
ये कोरोना जैसी वैश्विक महामारी के खिलाफ लड़ाई के लिए भारत कितना तैयार है, ये देखने और परखने का भी समय है।
— PMO India (@PMOIndia) March 19, 2020
आपके इन प्रयासों के बीच, जनता-कर्फ्यू के दिन,
22 मार्च को मैं आपसे एक और सहयोग चाहता हूं: PM @narendramodi #IndiaFightsCorona
मैं चाहता हूं कि
— PMO India (@PMOIndia) March 19, 2020
22 मार्च, रविवार के दिन हम ऐसे सभी लोगों को धन्यवाद अर्पित करें।
रविवार को ठीक
5 बजे,
हम अपने घर के दरवाजे पर खड़े होकर,
बाल्कनी में,
खिड़कियों के
सामने खड़े होकर
5 मिनट तक ऐसे लोगों का आभार व्यक्त करें: PM @narendramodi #IndiaFightsCorona
पूरे देश के स्थानीय प्रशासन से भी मेरा आग्रह है कि
— PMO India (@PMOIndia) March 19, 2020
22 मार्च को
5 बजे,
सायरन की आवाज से इसकी सूचना लोगों तक पहुंचाएं।
सेवा परमो धर्म के हमारे संस्कारों को मानने वाले ऐसे देशवासियों के लिए हमें पूरी श्रद्धा के साथ अपने भाव व्यक्त करने होंगे: PM @narendramodi #IndiaFightsCorona
संकट के इस समय में,
— PMO India (@PMOIndia) March 19, 2020
आपको ये भी ध्यान रखना है कि हमारी आवश्यक सेवाओं पर,
हमारे हॉस्पिटलों पर दबाव भी निरंतर बढ़ रहा है।
इसलिए मेरा आपसे आग्रह ये भी है कि रूटीन चेक-अप के लिए अस्पताल जाने से जितना बच सकते हैं,
उतना बचें: PM @narendramodi #IndiaFightsCorona
कोरोना महामारी से उत्पन्न हो रही आर्थिक चुनौतियों को ध्यान में रखते हुए, वित्त मंत्री के नेतृत्व में सरकार ने एक
— PMO India (@PMOIndia) March 19, 2020
कोविड-19-Economic Response Task Force
के गठन का फैसला लिया है: PM @narendramodi #IndiaFightsCorona
ये टास्क फोर्स,
— PMO India (@PMOIndia) March 19, 2020
ये भी सुनिश्चित करेगी कि, आर्थिक मुश्किलों को कम करने के लिए जितने भी कदम उठाए जाएं,
उन पर प्रभावी रूप से अमल हो: PM @narendramodi #IndiaFightsCorona
संकट के इस समय में मेरा देश के व्यापारी जगत,
— PMO India (@PMOIndia) March 19, 2020
उच्च आय वर्ग से भी आग्रह है कि अगर संभव है तो आप
जिन-जिन लोगों से सेवाएं लेते हैं, उनके आर्थिक हितों का ध्यान रखें: PM @narendramodi #IndiaFightsCorona
मैं देशवासियों को इस बात के लिए भी आश्वस्त करता हूं कि देश में दूध,
— PMO India (@PMOIndia) March 19, 2020
खाने-पीने का सामान, दवाइयां,
जीवन के लिए ज़रूरी ऐसी आवश्यक चीज़ों की कमी ना हो इसके लिए तमाम कदम उठाए जा रहे हैं: PM @narendramodi #IndiaFightsCorona
पिछले दो महीनों में,
— PMO India (@PMOIndia) March 19, 2020
130 करोड़ भारतीयों ने,
देश के हर नागरिक ने,
देश के सामने आए इस संकट को अपना संकट माना है,
भारत के लिए,
समाज के लिए उससे जो बन पड़ा है,
उसने किया है: PM @narendramodi #IndiaFightsCorona
मुझे भरोसा है कि आने वाले समय में भी आप अपने कर्तव्यों का,
— PMO India (@PMOIndia) March 19, 2020
अपने दायित्वों का इसी तरह निर्वहन करते रहेंगे।
हां, मैं मानता हूं कि ऐसे समय में कुछ कठिनाइयां भी आती हैं, आशंकाओं और अफवाहों का वातावरण भी पैदा होता है: PM @narendramodi #IndiaFightsCorona
कुछ दिन में नवरात्रि का पर्व आ रहा है।
— PMO India (@PMOIndia) March 19, 2020
ये शक्ति उपासना का पर्व है।
भारत पूरी शक्ति के साथ आगे बढ़े, यही शुभकामना है: PM @narendramodi #IndiaFightsCorona
On 22nd March 2020, let us observe a Janata Curfew and add strength to the fight against COVID-19. #IndiaFightsCorona. pic.twitter.com/qOqhQaJES5
— Narendra Modi (@narendramodi) March 19, 2020
At 5 PM on 22nd March 2020, the day of the Janata Curfew, I have a special request. Will you all help? #IndiaFightsCorona pic.twitter.com/Qi63adPUJh
— Narendra Modi (@narendramodi) March 19, 2020
At 5 PM on 22nd March 2020, the day of the Janata Curfew, I have a special request. Will you all help? #IndiaFightsCorona pic.twitter.com/Qi63adPUJh
— Narendra Modi (@narendramodi) March 19, 2020
A request to the people of India- please do not indulge in panic buying. #IndiaFightsCorona pic.twitter.com/ZG1ho45hQG
— Narendra Modi (@narendramodi) March 19, 2020