Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কলকাতাত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত সংঘটিত এক অগ্নিকাণ্ডত কেইবাজনো লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি আছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;

“কলকাতাত সংঘটিত এক অগ্নিকাণ্ডত প্ৰাণহানিৰ বিষয়ে জানিব পাৰি অত্যন্ত মৰ্মাহত হৈছো।এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকল অতি সোনকালে সুস্থ হৈ উঠক। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত সকলক সহায় কৰি আছেঃ পিএম @narendramodi “

*****

MJPS/SS/ST/HS