Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ প্ৰধানমন্ত্ৰী মোদীক ফোন যোগে আমন্ত্ৰণ জনালে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ডাঙৰীয়াৰ পৰা  এটা ফোনকল লাভ কৰিছে ।

 

চেলিফোনিক বাৰ্তালাপৰ সময়ত শ্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ডাঙৰীয়াক শেহতীয়া নিৰ্বাচনী জয়ৰ বাবে অভিনন্দন জনায় আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

 

বাৰ্তালাপৰ সময়তে দুয়োগৰাকী নেতাই ভাৰত আৰু কানাডাৰ  জনসাধাৰণৰ মাজত থকা গভীৰ সম্পৰ্কৰ কথা  স্বীকাৰ কৰে আৰু পাৰস্পৰিক সন্মান তথা  উভয়ৰে স্বাৰ্থ ৰক্ষাৰ মনোভাবেৰে  পৰিচালিত হৈ নতুন উদ্যমেৰে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ  দৃঢ় কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আগন্তুক শীৰ্ষ সন্মিলনৰ সময়ত  তেওঁলোকৰ  মাজত বৈঠকৰ বাবে আগ্ৰহী বুলি  প্ৰকাশ  কৰে।

 

এক্সৰ পোষ্টত শ্ৰী মোদীয়ে লিখিছে;

“কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ৰ পৰা ফোন পাই আনন্দিত হৈছো। শেহতীয়া নিৰ্বাচনত  জয়ী হোৱা বাবে তেওঁক অভিনন্দন জনাইছো আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছো। জনসাধাৰণৰ গভীৰ  সম্পৰ্কৰ দ্বাৰা বান্ধ খাই থকা সজীৱ গণতন্ত্ৰ হিচাপে ভাৰত আৰু কানাডাই পাৰস্পৰিক সন্মান তথাম উভয়ৰে স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ নতুন উদ্যমেৰে  একেলগে কাম কৰিব। শীৰ্ষ সন্মিলনত আমাৰ বৈঠকৰ বাবে অপেক্ষা কৰিছো।”

*******

MJPS/ST/DM