পি এম ইণ্ডিয়া
জো বলে সো নিহাল, সত শ্ৰী অকল!
হাৰিয়ানাৰ ৰাজ্যপাল অসীম ঘোষ জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী নয়ব সিং ছাইনী জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, ৰাও ইন্দ্ৰজিৎ সিং জী, কৃষণ পাল জী, হাৰিয়ানা এছজিপিচি-ৰ অধ্যক্ষ জগদীশ সিং ঝিন্দা জী, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল!
আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।
বন্ধুসকল,
৫–৬ বছৰ পূৰ্বে আন এক উল্লেখযোগ্য কাকতলীয়া ঘটনা সংঘটিত হৈছিল। ২০১৯-ৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ সন্দৰ্ভত ৰায়দান কৰাৰ সময়ত মই কৰতাৰপুৰ কৰিডৰ উদ্বোধনৰ বাবে ডেৰা বাবা নানকত আছিলো। সেইদিনা মই ৰাম মন্দিৰ নিৰ্মাণৰ পথ মুকলি হোৱাৰ লগতে কোটি-কোটি ৰামভক্তৰ আকাংক্ষা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিছিলো। একেদিনাই ৰাম মন্দিৰৰ সপক্ষে ৰায়দান দিয়াত সকলোৰে প্ৰাৰ্থনাই বাস্তৱ ৰূপ পাইছিল। আজি অযোধ্যাত ধৰ্ম ধ্বজা প্ৰতিষ্ঠাতো মই পুনৰবাৰ শিখ সংগতৰ পৰা আশীৰ্বাদ বিচৰাৰ সুযোগ লাভ কৰিছো।
বন্ধুসকল,
কিছু সময়ৰ পূৰ্বে কুৰুক্ষেত্ৰৰ ভূমিত ‘পাঞ্চজন্য স্মৃতিসৌধ’ উদ্বোধন কৰা হৈছে। ঠিক এই মাটিতে ভগৱান শ্ৰীকৃষ্ণই সত্য আৰু ন্যায়ৰ সুৰক্ষাক সৰ্বোচ্চ কৰ্তব্য বুলি ঘোষণা কৰিছিল। কৃষ্ণৰ বাণীয়ে কৈছে যে সত্যৰ পথৰ বাবে আৰু নিজৰ কৰ্তব্যৰ বাবে নিজৰ জীৱন দিয়াটোৱেই সৰ্বোচ্চ। শ্ৰী গুৰু টেগ বাহাদুৰ জীয়েও সত্য, ন্যায়, বিশ্বাসৰ প্ৰতিৰক্ষাক নিজৰ ধৰ্ম বুলি গণ্য কৰিছিল আৰু তেওঁ নিজৰ প্ৰাণ আহুতি দি এই ধৰ্মক সমৰ্থন কৰিছিল। এই ঐতিহাসিক উপলক্ষে ভাৰত চৰকাৰে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ স্মৰণত এটা স্মাৰক ডাক টিকট আৰু বিশেষ মুদ্ৰা উৎসৰ্গা কৰাৰ সৌভাগ্য লাভ কৰিছে। চৰকাৰে গুৰু পৰম্পৰাৰ সেৱা অব্যাহত ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
বন্ধুসকল,
কুৰুক্ষেত্ৰৰ পবিত্ৰ ভূমি শিখ পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। শিখ পৰম্পৰাৰ প্ৰায় সকলো গুৰুৱেই পবিত্ৰ যাত্ৰাৰ সময়ত এই ভূমি ভ্ৰমণ কৰিছিল। নৱম গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ জী এই পবিত্ৰ ভূমিলৈ আহি গভীৰ তপস্যা আৰু নিৰ্ভীকতাৰ গভীৰ ছাপ এৰি থৈ গৈছিল।
বন্ধুসকল,
শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ দৰে ব্যক্তিত্ব ইতিহাসত বিৰল; গুৰু চাহিবৰ জীৱন পৰিক্ৰমা, ত্যাগ, চৰিত্ৰ প্ৰেৰণাৰ গভীৰ উৎস হৈয়েই আছে। মোগলৰ আক্ৰমণৰ যুগত গুৰু চাহিবে সাহস আৰু শৌৰ্য্যৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছিল। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ শ্বহীদ বৰণৰ পূৰ্বে কাশ্মীৰী হিন্দুসকলক মোগল আগ্ৰাসীসকলে বলপূৰ্বকভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰাইছিল। এই সংকটত নিপীড়িতসকলৰ এটা দলে গুৰু চাহিবৰ সমৰ্থন বিচাৰিছিল। গুৰু চাহিবে তেওঁলোকক স্পষ্টকৈ ঔৰংজেবক জনাবলৈ কৈছিল যে যদি শ্ৰী গুৰু টেগ বাহাদুৰে নিজেই ইছলাম মানি লয় তেন্তে তেওঁলোকেও ধৰ্ম গ্ৰহণ কৰিব।
বন্ধুসকল,
এই কথাই শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ নিৰ্ভীকতাৰ চূড়ান্ত ৰূপকে প্ৰতিফলিত কৰে। যিটো আশংকা কৰা হৈছিল সেয়া অৱশেষত ঘটিছিল, কিয়নো নিষ্ঠুৰ ঔৰংজেবে গুৰু চাহিবক বন্দী কৰি ল’বলৈ নিৰ্দেশ দিছিল, কিন্তু গুৰু চাহিবে নিজেই দিল্লীলৈ যোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। মোগল শাসকসকলে তেওঁক প্ৰলোভনেৰে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও শ্ৰী গুৰু টেগ বাহাদুৰ অটল হৈ থাকি তেওঁৰ বিশ্বাস আৰু নীতিৰ সৈতে আপোচ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ সংকল্প ভংগ কৰি তেওঁক নিজৰ পথৰ পৰা আঁতৰাই নিবলৈ মোগলে তেওঁৰ তিনিজন সংগী — ভাই দয়ালাজী, ভাই সতী দাস জী, ভাই মাটি দাস জীক তেওঁৰ চকুৰ সন্মুখত নিৰ্মমভাৱে মৃত্যুদণ্ড দিছিল। তেতিয়াও গুৰু চাহিব অদম্য হৈয়েই আছিল, তেওঁৰ দৃঢ়তা অখণ্ড হৈ আছিল। গুৰু চাহিবে ধৰ্মৰ পথ পৰিত্যাগ কৰা নাছিল আৰু গভীৰ ধ্যান-ধাৰণাৰ অৱস্থাত বিশ্বাসৰ ৰক্ষাৰ বাবে জীৱন বলি দিছিল।
বন্ধুসকল,
মোগল ইয়াতেই থমকি ৰোৱা নাছিল, কিয়নো সিহঁতে গুৰু মহাৰাজক অসন্মান কৰাৰ অপচেষ্টা কৰিছিল। ভাই জয়তা জীয়ে নিজৰ বীৰত্বৰ জৰিয়তে গুৰুৰ শিৰটো কঢ়িয়াই আনন্দপুৰ চাহিবলৈ লৈ গৈছিল।
বন্ধুসকল,
আজি গুৰু চাহিবৰ বলিদানৰ ভূমিয়েই দিল্লীৰ ছিছ গঞ্জ গুৰুদ্বাৰে প্ৰেৰণাৰ জীৱন্ত স্থান হিচাপে থিয় দিছে। আনন্দপুৰ চাহিবৰ তীৰ্থযাত্ৰা আমাৰ ৰাষ্ট্ৰীয় চেতনাৰ শক্তিকেন্দ্ৰ। ভাৰতৰ যি ৰূপ আজিও আছে, সেই ৰূপটোৱেই গুৰু চাহিবৰ দৰে যুগান্তকাৰী ব্যক্তিসকলৰ ত্যাগ আৰু সমৰ্পণক মূৰ্ত কৰি তুলিছে। এই পৰম ত্যাগৰ বাবেই শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবক ‘হিন্দ দি চাদাৰ’ হিচাপে শ্ৰদ্ধা কৰা হয়।
বন্ধুসকল,
আমাৰ গুৰুসকলৰ পৰম্পৰাই হৈছে আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰ, আমাৰ সংস্কৃতি আৰু আমাৰ মূল আত্মাৰ আধাৰ। বিগত ১১ বছৰত চৰকাৰে এই পবিত্ৰ পৰম্পৰা আৰু প্ৰতিটো শিখ উদযাপনক ৰাষ্ট্ৰীয় উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰা কাৰ্য্য পৰম সন্তোষৰ কথা। আমাৰ চৰকাৰে শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫০ সংখ্যক প্ৰকাশ পৰ্ব, শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জীৰ ৪০০ সংখ্যক প্ৰকাশ পৰ্ব আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৩৫০ সংখ্যক প্ৰকাশ পৰ্বক ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ উৎসৱ হিচাপে উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছে। সমগ্ৰ দেশৰ জনতাই নিজৰ বিশ্বাস, পৰম্পৰা আৰু বিশ্বাসৰ উৰ্ধত থাকি এই উদযাপনত অংশগ্ৰহণ কৰিছে।
বন্ধুসকল,
আমাৰ চৰকাৰে গুৰুসকলৰ সৈতে জড়িত পবিত্ৰ স্থানসমূহক বিশাল আৰু ঐশ্বৰিক ৰূপ দিয়াৰ সৌভাগ্য লাভ কৰিছে। বিগত দশকত মই ব্যক্তিগতভাৱে গুৰু পৰম্পৰাৰ সৈতে জড়িত অনুষ্ঠানসমূহৰ অংশ হৈ পৰিছো। কিছুদিন পূৰ্বে আফগানিস্তানৰ পৰা গুৰু গ্ৰন্থ চাহিবৰ তিনি মৌলিক ৰূপ ভাৰতলৈ অহা কাৰ্য্য প্ৰতিজন নাগৰিকৰ বাবেই গৌৰৱৰ মুহূৰ্ত হৈ পৰিছিল।
বন্ধুসকল,
আমাৰ চৰকাৰে গুৰুসকলৰ পবিত্ৰ স্থানসমূহক আধুনিক ভাৰতৰ দৃষ্টিভংগীৰে সংযুক্তকৰণৰ প্ৰয়াস কৰিছে- সেয়া কৰতাৰপুৰ কৰিডৰৰ কাম সম্পূৰ্ণ কৰাই হওক, হেমকুণ্ড চাহিবত ৰ’পৱে’ প্ৰকল্প স্থাপন কৰাই হওক, আনন্দপুৰ চাহিবত বিৰাসত-এ-খলছা সংগ্ৰহালয়ৰ সম্প্ৰসাৰণ কৰাই হওক— আৰু এই সকলোবোৰ প্ৰচেষ্টা সম্পূৰ্ণ নিষ্ঠা সহকাৰে, গুৰুসকলৰ গৌৰৱময় পৰম্পৰাৰ পৰা প্ৰেৰণা আহৰণেৰে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছে।
বন্ধুসকল,
আমি সকলোৱে জানো যে মোগলে সাহসী চাহিবজাদাৰ সৈতেও নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰিছিল, চাহিবজাদাসকলে সকলো কষ্ট স্বীকাৰ কৰিও কেতিয়াও নিজৰ কৰ্তব্য বা বিশ্বাসৰ পথ পৰিত্যাগ কৰা নাছিল, এই আদৰ্শক সন্মানাৰ্থে আমি এতিয়া প্ৰতি বছৰে ২৬ ডিচেম্বৰত বীৰ বাল দিৱস পালন কৰো। চৰকাৰে শিখ পৰম্পৰাৰ ইতিহাস আৰু গুৰুসকলৰ শিক্ষাকো ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে যাতে সেৱা, সাহস, সত্যৰ আদৰ্শ নতুন প্ৰজন্মৰো চিন্তাধাৰাৰ আধাৰ হৈ পৰে।
বন্ধুসকল,
মই বিশ্বাস কৰো যে আমি সকলোৱে নিশ্চয় ‘যোদা চাহাব’ৰ পবিত্ৰ দৰ্শন লাভ কৰিছো। মোৰ কেবিনেট সতীৰ্থ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে মোৰ সৈতে এই গুৰুত্বপূৰ্ণ অৱশিষ্টসমূহৰ বিষয়ে প্ৰথমবাৰৰ বাবে আলোচনা কৰাৰ সময়ত কৈছিল যে তেওঁৰ পৰিয়ালে গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘যোদা চাহিব’ প্ৰায় তিনিশ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছে। এতিয়া এই পবিত্ৰ ঐতিহ্য সমগ্ৰ দেশ আৰু বিশ্বৰ শিখ সমাজৰ বাবে উৎসৰ্গা কৰা হৈছে। ইয়াৰ পিছত পবিত্ৰ ‘যোদা চাহিব’ক সম্পূৰ্ণ সন্মান আৰু মৰ্যাদাৰে বৈজ্ঞানিক পৰীক্ষা কৰা হয় যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰিব পৰা যায়। সকলো তথ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰু মহাৰাজে শৈশৱৰ এক উল্লেখযোগ্য অংশ কটাবলগীয়া হোৱা পবিত্ৰ ‘যোদা চাহিব’ক তখত শ্ৰী পাটনা চাহিবলৈ উৎসৰ্গা কৰাৰ সামূহিক সিদ্ধান্ত লোৱা হয়। যোৱা মাহত এক পবিত্ৰ যাত্ৰাৰ অংশ হিচাপে গুৰু মহাৰাজৰ পূজনীয় ‘যোদা চাহিব’ক দিল্লীৰ পৰা পাটনা চাহিবলৈ লৈ যোৱা হৈছিল, তাত ময়ো এই পবিত্ৰ অৱশেষত মূৰ দোঁৱাৰ সুযোগ পাই ধন্য হৈছিলোঁ, মই গুৰুসকলৰ বিশেষ কৃপাতে এই পবিত্ৰ ঐতিহ্যক সেৱা কৰা, নিজকে উৎসৰ্গা কৰা আৰু ইয়াৰ সৈতে জড়িত হ’বলৈ সুযোগ লাভ কৰিছো।
বন্ধুসকল,
ভাৰতৰ সংস্কৃতি কিমান বিশাল, উদাৰ আৰু মানৱতাকেন্দ্ৰিক হৈ আহিছে, এই কথা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জীৰ স্মৃতিয়ে আমাক শিকাইছে। গুৰু চাহিবে জীৱনৰ মাজেৰে সৰ্ব্বত দা ভালৰ মন্ত্ৰক বৈধতা প্ৰদান কৰিছিল। আজিৰ এই অনুষ্ঠান কেৱল এই স্মৃতি আৰু পাঠসমূহক সন্মান জনোৱাৰ এক মুহূৰ্তই নহয়, বৰঞ্চ আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবেও এক গুৰুত্বপূৰ্ণ প্ৰেৰণা। গুৰু চাহিবৰ শিক্ষাই কৈছে যে প্ৰতিকূল পৰিস্থিতিতো যি অটল হৈ থাকে তেওঁৱেই প্ৰকৃত জ্ঞানী আৰু প্ৰকৃত সাধক। এই প্ৰেৰণাৰে আমি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি আমাৰ ৰাষ্ট্ৰখনক আগুৱাই নিব লাগিব, ভাৰতক উন্নত কৰি তুলিব লাগিব। গুৰু চাহিবে আমাক শিকাইছিল যে আমি কাকো ভয় খুৱাব নালাগে আৰু কাৰো ভয়ত জীয়াই থাকিব নালাগে। এই নিৰ্ভয়ে সমাজ আৰু ৰাষ্ট্ৰক শক্তিশালী কৰে আৰু আজি ভাৰতেও এই নীতিৰে অগ্ৰসৰ হৈছে। ভাৰতে নিজৰ সীমান্ত ৰক্ষা কৰাৰ লগতে বিশ্বৰ আগত ভ্ৰাতৃত্ববোধৰ কথা কয়। ভাৰতে শান্তি কামনা কৰিলেও নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে, অপাৰেচন সিন্দূৰ ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ। মই দৃঢ়তাৰে ক’ব খোজো, সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে যে নতুন ভাৰতে সন্ত্ৰাসবাদৰ আগত ভয় নকৰে, ৰৈ নাথাকে, প্ৰণাম নকৰে। আজিৰ ভাৰত সম্পূৰ্ণ শক্তি, সাহস আৰু স্পষ্টতাৰে আগবাঢ়িছে।
বন্ধুসকল,
মই এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমাজ আৰু যুৱক-যুৱতী সম্পৰ্কীয় এটা বিষয়ত কথা ক’ব বিচাৰিছো, যি গুৰু চাহিবৰ বাবেও চিন্তাৰ বিষয় আছিল — সেয়া হৈছে ড্ৰাগছ আসক্তি। ড্ৰাগছ আসক্তিয়ে আমাৰ বহু যুৱক-যুৱতীৰ সপোনক গভীৰ প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিছে, চৰকাৰে এই সমস্যাটোক পুলিয়ে-পোখাই উভালি পেলাবলৈ সকলো প্ৰচেষ্টা চলাইছে, এয়াও সমাজৰ আৰু পৰিয়ালসমূহৰ যুঁজ। এনে সময়ত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবৰ শিক্ষাই প্ৰেৰণা আৰু সমাধান দুয়োটা কাম কৰে। যেতিয়া গুৰু চাহিবে আনন্দপুৰ চাহিবৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া তেওঁ অসংখ্য গাঁওক সংগতৰ সৈতে সংযোগ কৰিছিল, তেওঁলোকৰ ভক্তি আৰু বিশ্বাসৰ বিস্তাৰ কৰাৰ লগতে সমাজৰ আচৰণো ৰূপান্তৰিত কৰিছিল। এই গাঁওসমূহৰ ৰাইজে সকলো ধৰণৰ মাদক দ্ৰব্য খেতি কৰা কাৰ্য্য পৰিত্যাগ কৰি গুৰু চাহিবৰ চৰণত নিজৰ ভৱিষ্যত অৰ্পণ কৰিছিল। গুৰু মহাৰাজে দেখুওৱা পথ অনুসৰণ কৰি যদি সমাজ, পৰিয়াল, যুৱক-যুৱতীসকলে মিলি ইয়াৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধ কৰে, তেন্তে এই সমস্যাটোক নিৰ্মূল কৰিব পৰা যাব।
বন্ধুসকল,
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবৰ শিক্ষা আমাৰ আচৰণত শান্তিৰ ভেটি হ’ব লাগে, আমাৰ নীতিত ভাৰসাম্য ৰক্ষা কৰিব লাগে, আমাৰ সমাজৰ ওপৰত বিশ্বাসৰ ভেটি হ’ব লাগে আৰু এইটোৱেই হৈছে এই অনুষ্ঠানৰ সাৰমৰ্ম। সমগ্ৰ দেশতে শ্ৰী গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস যি ধৰণে পালন কৰা হৈছে, সেই কাৰ্য্যই প্ৰতিফলিত কৰিছে যে আজিও সমাজৰ চেতনাত গুৰুসকলৰ শিক্ষা সজীৱ হৈ আছে। এই মনোভাৱেৰে এই উদযাপনসমূহে যুৱ প্ৰজন্মৰ বাবে ভাৰতক আগুৱাই নিয়াৰ অৰ্থপূৰ্ণ প্ৰেৰণা হিচাপে কাম কৰিব লাগে। মই পুনৰবাৰ সকলোকে শুভেচ্ছা জনাইছো।
ৱাহেগুৰু জী কা খলছা, ৱাহেগুৰু জী কী ফাতেহ।
****
MJPS/VJ/AK/VK/SB
Addressing a programme on the 350th Shaheedi Diwas of Sri Guru Teg Bahadur Ji in Kurukshetra. His unwavering courage and spirit of service inspire everyone.
— Narendra Modi (@narendramodi) November 25, 2025
https://t.co/7VHndFt5wT
श्री गुरु तेग बहादुर जी जैसे व्यक्तित्व...इतिहास में विरले ही होते हैं।
— PMO India (@PMOIndia) November 25, 2025
उनका जीवन, उनका त्याग, उनका चरित्र बहुत बड़ी प्रेरणा है।
मुगल आक्रांताओं के उस काल में, गुरु साहिब ने वीरता का आदर्श स्थापित किया: PM @narendramodi
हमारे गुरुओं की परंपरा… हमारे राष्ट्र के चरित्र, हमारी संस्कृति और हमारी मूल भावना का आधार है: PM @narendramodi
— PMO India (@PMOIndia) November 25, 2025
हम सभी जानते हैं कि कैसे मुगलों ने... वीर साहिबजादों के साथ भी क्रूरता की सारी सीमाएं पार कर दी थीं।
— PMO India (@PMOIndia) November 25, 2025
वीर साहिबजादों ने दीवार में चुना जाना स्वीकार किया... लेकिन अपने कर्तव्य और धर्म का मार्ग नहीं छोड़ा।
इन्हीं आदर्शों के सम्मान के लिए, अब हम हर साल 26 दिसंबर को वीर बाल दिवस…
हमारी सरकार ने गुरुओं के हर तीर्थ को आधुनिक भारत के स्वरूप से जोड़ने का प्रयास किया है।
— PMO India (@PMOIndia) November 25, 2025
करतारपुर कॉरिडोर का काम पूरा कराना हो,
हेमकुंड साहिब में रोप वे प्रोजेक्ट का निर्माण करना हो,
आनंदपुर साहिब में विरासत-ए-खालसा संग्रहालय का विस्तार हो,
हमने गुरुजनों की गौरवशाली परंपरा को…
कुछ समय पहले, जब अफगानिस्तान से... गुरु ग्रंथ साहिब के तीन मूल स्वरूप भारत आए थे... तो ये हर देशवासी के लिए गौरव का क्षण बना था: PM @narendramodi
— PMO India (@PMOIndia) November 25, 2025
पिछले महीने, एक पावन यात्रा के रूप में गुरु महाराज के ये पावन ‘जोड़ा साहिब’ दिल्ली से पटना साहिब ले जाए गए।
— PMO India (@PMOIndia) November 25, 2025
और वहां मुझे भी इन पवित्र ‘जोड़ा साहिब’ के सामने अपना शीश नवाने का अवसर मिला।
मैं इसे गुरुओं की विशेष कृपा मानता हूं कि उन्होंने मुझे इस सेवा का, इस समर्पण का और इस…
नशे की आदत ने हमारे अनेक नौजवानों के सपनों को, गहरी चुनौतियों में धकेल दिया है।
— PMO India (@PMOIndia) November 25, 2025
सरकार इस समस्या को जड़ से समाप्त करने के लिए सारे प्रयास भी कर रही है। लेकिन यह समाज की, परिवार की भी लड़ाई है: PM @narendramodi
On his 350th Shaheedi Diwas, we bow to Sri Guru Teg Bahadur Ji. His unparalleled courage and supreme sacrifice inspire millions. pic.twitter.com/84oQU2CGp0
— Narendra Modi (@narendramodi) November 25, 2025
ਉਨ੍ਹਾਂ ਦੇ 350ਵੇਂ ਸ਼ਹੀਦੀ ਦਿਵਸ 'ਤੇ, ਅਸੀਂ ਸ੍ਰੀ ਗੁਰੂ ਤੇਗ ਬਹਾਦਰ ਜੀ ਨੂੰ ਨਮਨ ਕਰਦੇ ਹਾਂ। ਉਨ੍ਹਾਂ ਦੀ ਬੇਮਿਸਾਲ ਹਿੰਮਤ ਅਤੇ ਸਰਵਉੱਚ ਬਲੀਦਾਨ ਲੱਖਾਂ ਲੋਕਾਂ ਨੂੰ ਪ੍ਰੇਰਿਤ ਕਰਦੇ ਹਨ। pic.twitter.com/wlmjWjyGUd
— Narendra Modi (@narendramodi) November 25, 2025