Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে অসম চুক্তিৰ ৬ নং দফা প্ৰণয়নৰ বাবে উচ্চস্তৰীয় সমিতিক অনুমোদন প্ৰদান কৰিছে বড়োসকলৰ কিছুসংখ্যক দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবেও অনুমোদন প্ৰদান কৰা হৈছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি অসম চুক্তিৰ ৬ নং দফা প্ৰণয়নৰ বাবে তথা বড়ো সম্প্ৰদায়ৰ কিছুসংখ্যক সমস্যা সমাধানৰ বাবে এক উচ্চস্তৰীয় সমিতিক অনুমোদন প্ৰদান কৰিছে৷

১৯৭৯১৯৮৫ চনৰ সময়চোৱাত হোৱা অসম অসম আন্দোলনৰ পিছত ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল৷ এই চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক, ভাষাগত পৰিচয় তথা ঐতিহ্যক সংৰক্ষিত আৰু প্ৰচাৰ কৰাৰ বাবে উচিত সাংবিধানিক আৰু প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰা হব উল্লেখ কৰা হৈছিল৷

কিন্তু অসম চুক্তিৰ ৩৫ বৰ্ষৰ পিছতো ৬নং দফাটো সম্পূৰ্ণৰূপে প্ৰণয়ন কৰা নহল৷ সেইবাবে কেন্দ্ৰীয় কেবিনেটে এক উচ্চস্তৰীয় সমিতি গঠনৰ বাবে অনুমোদন প্ৰদান কৰিছে যি অসম চুক্তিৰ ৬ নং দফাৰ অন্তৰ্গত বিষয়সমূহ সাংবিধানিক, নীতিগত আৰু প্ৰশাসনিক উপায়েৰে প্ৰণয়ন কৰিব৷ এই সমিতিয়ে অসম চুক্তিৰ ৬ নং দফা প্ৰণয়ন কৰাৰ বাবে ১৯৮৫ চনৰ পৰা বৰ্তমানলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰভাৱ সম্পৰ্কে মূল্যায়ন কৰিব৷ সমিতিয়ে সকলো হিতাধিকাৰীসকলৰ সৈতে আলোচনাত বহিব আৰু অসমীয়াৰ বাবে অসম বিধানসভা তথা স্থানীয় পৰ্যায়ত সংৰক্ষণৰ বাবে আসনৰ সংখ্যাৰ পৰিমাপ কৰিব৷ তাৰোপৰি সমিতিয়ে অসমীয়া আৰু অন্য স্থানীয় ভাষাসমূহক সংৰক্ষিত কৰাৰ বাবে, অসম চৰকাৰৰ অধীনৰ নিয়োজনত সংৰক্ষণৰ শতাংশ নিশ্চিত কৰিবলৈ তথা অসমীয়াৰ সাংস্কৃতিক, সামাজিক, ভাষাগত পৰিচয় আৰু ঐতিহ্যক সুৰক্ষিত আৰু প্ৰচাৰ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ গ্ৰহণ কৰিব৷

গৃহ মন্ত্ৰালয়ে সমিতিৰ সংৰচনা আৰু চৰ্তাৱলীসমূহৰ সম্বন্ধত পৃথকে অধিসূচনা জাৰি কৰিব৷ আশা কৰা হৈছে যে এই সমিতিৰ গঠনৰ দ্বাৰা অসম চুক্তিৰ আক্ষৰিক অৰ্থত প্ৰণয়ন কৰাৰ পথ প্ৰশস্ত হব আৰু ইয়াৰ জৰিয়তে অসমবাসীৰ দীৰ্ঘদিনীয়া আশা ফলৱৰ্তী হব৷

কেবিনেটে বড়ো সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ বাবে বিভিন্ন পদক্ষেপৰ অনুমোদন প্ৰদান কৰিছে৷ ২০০৩ চনত বড়ো চুক্তিত স্বাক্ষৰিত কৰা হৈছিল৷ ইয়াৰ ফলস্বৰূপে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ গঠন হৈছিল৷ কিন্তু বড়ো সম্প্ৰদায়ৰ বিভিন্ন সংগঠনে নিজৰ দাবী সম্বন্ধে নিৰৱচ্ছিন্নভাৱে আবেদন জনাই আহিছিল৷

কেবিনেটে আজি বড়ো সংগ্ৰহালয় সহিতে ভাষা তথা সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ স্থাপন, কোকৰাঝাৰত বৰ্তমানৰ অল ইণ্ডিয়া ৰেডিঅতথা দুৰদৰ্শন কেন্দ্ৰক আধুনিকভাৱে নিৰ্মাণৰ বাবে আৰু বিটিএডি হৈ যোৱা এখন ছুপাৰ ফাষ্ট ৰেলৰ নাম আৰনাই এক্সপেছৰখাৰ দাবীক অনুমোদন জনাইছে৷

ৰাজ্য চৰকাৰে ভূমি নীতি আৰু ভূমি আইনৰ সম্বন্ধত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷ ইয়াৰোপৰি ৰাজ্য চৰকাৰে স্থানীয় সম্প্ৰদায়ৰ ৰীতিনীতি, পৰম্পৰা তথা ভাষাসমূহৰ গৱেষণা আৰু তথ্যায়নৰ বাবে বিভিন্ন সংস্থাৰো স্থাপন কৰিব৷

*****

AKT/SH/MANN