পি এম ইণ্ডিয়া



ক্ৰেডাইৰ সৈতে জড়িত সকলো নৱপ্ৰজন্মৰ সতীৰ্থ আৰু জ্যেষ্ঠ ব্যক্তিসকলক বহুত বহুত অভিনন্দন জনাইছো৷ এই যুৱসমাৱেশ এনে সময়ত হৈছে, যিসময়ত নতুন ভাৰতৰ ক্ষেত্ৰত আমাৰ অগ্ৰণী পদক্ষেপ এক নতুন পর্যায়লৈ পর্যবসিত হৈছে। অলপ সময়ত পূৰ্বে সংসদৰ অধিৱেশন সমাপ্ত হোৱাৰ পাছত আপোনালোকৰ কাষলৈ আহিছো। আপোনালোক সকলোৱেই নতুন ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ গুৰুত্বপূর্ণ স্তম্ভ। আপোনালোকে সাধাৰণ জনতা তথা নিজৰ পৰিয়ালৰ বাবে গৃহ নির্মাণৰ সপোন বাস্তবায়িত কৰিবলৈ একত্রিত হৈছে৷
বন্ধুসকল, ক্রেডায়ে বিগত দুইদশক ধৰি প্ৰত্যেক দেশবাসীক নিজা আৱাসৰ সপোন বাস্তবায়নৰ কাম কৰি আহিছে। মোক জনোৱা মতে ২৩খন ৰাজ্যৰ ২০৫খনকৈ চহৰত আপোনালোকৰ সংগঠনৰ কাম–কাজ চলি আছে। সমগ্ৰ দেশত আপোনালোকৰ ১২ হাজাৰতকৈও অধিক সদস্য আছে। যি হাৰত দেশত ৰিয়েল ইষ্টেটৰ ব্যৱসায় সম্প্ৰসাৰিত হৈছে, তাৰ সৈতে সংগ ৰাখি আপোনালোকৰ সংগঠনো ডাঙৰ হৈ গৈ আছে। মই অতিশয় আনন্দিত যে আপোনালোকে শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীৰ আশীর্বাদ লৈ যাত্রা আৰম্ভ কৰিছিল। আৰু সেই আশীর্বাদৰ পুণ্যফলতে আপোনালোকে এই সাফল্য অৰ্জন কৰিছে।
বন্ধুসকল, শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী সকলোৰে আগত চহৰবাসী দুখীয়া আৰু মধ্যবিত্ত গৃহহীনৰ গৃহ নির্মাণৰ সপোন বাস্তবায়িত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিল। ২০০১ চনত লক্ষ্মৌৰ পৰা দেশৰ বস্তিবাসীৰ বাবে বাল্মীকী–আম্বেদকাৰ আবাস যোজনাৰ শুভাৰম্ভ কৰিছিল। তাঁৰ আমোলতে দেশত অধিক সংখ্যক গৃহ নির্মাণ আৰু নগৰোন্নয়নৰ ক্ষেত্রত বেচৰকাৰী বিনিয়োগৰ পথ প্ৰশস্ত হৈছে আৰু ইয়াৰ জৰিয়তে চহৰৰ দুখীয়া লোকসকলৰ বাবে প্রায় ১৫ লাখ গৃহ নির্মিত হৈছিল।
বন্ধুসকল, যেতিয়া আমি এই ধৰণৰ গৃহ নির্মাণৰ পৰিসংখ্যা দিও, তেতিয়া আমাৰ সন্মানীয় ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলে আৰু সংবাদ মাধ্যমে, যিসকলে আমাক খুব ভাল পায়, তেওঁলোক ইমান ভালপোৱা বর্ষণ কৰে যে তেওঁলোক কয় এই ধৰণৰ প্ৰকল্পতো আগতেও আছিল! তেওঁলোকে ঠিকে কয় এই ধৰণৰ প্ৰকল্প অৱশ্যেই আগতেও আছিল! কিন্তু সত্য এইটোৱেই যে প্ৰধানমন্ত্রী আবাস যোজনা আৰু আগৰ চৰকাৰী আবাস যোজনাৰ মাজত দৃষ্টিভংগীৰ পার্থক্য আছিল।
বন্ধুসকল, এই আবাস যোজনা আৰম্ভ কৰি আমি কাৰো নাম অমৰ কৰাৰ চেষ্টা কৰা নাই। যিয়েই প্ৰধানমন্ত্রী নহওক কিয়, নিঃস্বার্থভাবে স্বজন–তোষণমুক্ত দুর্নীতিমুক্ত পদ্ধতিৰে এই প্ৰকল্প আমি ৰূপায়ণ কৰিছো। আৰু বৈজ্ঞানিক পদ্ধতিত প্ৰযুক্তিৰ মাধ্যমে আমি ইয়াৰ দ্বাৰা যিসকল উপকৃত হ’ব, তেওঁলোকক বাছনি কৰিছো। আগতে যিমান বিশিষ্ট লোকৰ পৰামৰ্শত হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভূক্ত হৈছেল বা নাম বাদ দিয়া হৈছিল, বহু ক্ষেত্রত গৃহ নির্মাণকাৰী ঠিকাদাৰসকলৰ তুলনাত পৰামৰ্শদাতাই বেছি ৰোজগাৰ পাইছিল। আমি সেইবোৰ বন্ধ কৰিছো।
বন্ধুসকল, তৃতীয়তে আমি উৎকর্ষৰ দিশত নজৰ দিছো। আগতে দুখীয়ালোকসকলৰ বাবে যি গৃহ নির্মাণ কৰা হৈছিল, মই দায়িত্ব লৈয়ে কৈছো সেই ক্ষেত্রত মূল লক্ষ্য আছিল – নামী নেতাৰ নাম অমৰ কৰা। সেইবাবে চাৰিখন বেৰ তুলি দিয়েই দায়িত্ব শেষ কৰিছিল। সম্প্ৰতি মই এটা টিভি প্ৰতিবেদন দেখিলো, নাজানো আপোনালোকে দেখিছেনে নাই। উত্তৰ প্ৰদেশৰ আমেথিত নামী পৰিয়ালৰ কোনো সদস্যই তাৰ জনগণক খুব ভাল পাইছিল, চকু বন্ধ কৰি ভাল পাইছিল। সেই টিভি প্ৰতিবেদনত কোৱা হৈয়ে যে ১০ বছৰ আগতে তাৰে এক দলিত বস্তিত এইধৰণৰ আবাস নিৰ্মাণ কৰা হৈছিল আৰু তাত প্ৰতিটো ঘৰত সেই মহামান্যবৰৰ নামো লিখা হৈছিল। কিন্তু আজি এনে অৱস্থা হৈছে যে বেৰতো মহামান্যবৰৰ নাম লিখি দিয়া হৈছিল, ১০ বছৰৰ ভিতৰত সেই বেৰসমূহ ধ্বংস হৈ গৈছে।
বন্ধুসকল, এতিয়া সেই বস্তিবোৰত প্ৰধানমন্ত্রী আবাস যোজনাৰ মাধ্যমে যি গৃহ নির্মিত হৈছে, তাৰ আয়তন আগৰ তুলনাত ডাঙৰ আৰু তাত শৌচালয়ো নির্মাণ কৰা হৈছে। ৰন্ধনগৃহত এলপিজি গেছ সংযোগ আৰু প্ৰত্যেক ঘৰত বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে। এইবোৰৰ বাবে দুখীয়া লোকসকলৰ ক’তো ৰচিৰে বন্ধাৰ প্ৰয়োজন নাই।
বন্ধুসকল, চতুর্থ পৰিৱর্তন হ’ল– পূৰ্বৰ তুলনাত অধিক মাত্রাত আৰু দ্ৰুতগতিত গৃহ নির্মাণ কৰা হৈছে। পূর্বৰ চৰকাৰৰ ১০ বছৰত চহৰৰ দুখীয়ালোকসকলৰ বাবে ১৩ লাখ গৃহ অনুমোদন জনোৱা হৈছিল। আৰু বিগত চাৰে চাৰি বছৰত ইয়াৰ প্রায় ছয়গুণ ৭৩ লাখ গৃহ অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পৰ বাবে বিগত চৰকাৰৰ আমোলত প্রায় ৩৮ হাজাৰ কোটি টকা আৱণ্টন জনোৱা হৈছিল। সেই তুলনাত যোৱা চাৰে চাৰি বছৰত প্রায় চাৰি লাখ কোটি টাকা আবণ্টন হৈছে। পূর্বৰ চৰকাৰৰ ১০ বছৰত চহৰৰ দুখীয়ালোকসকলক ৮ লাখ গৃহ প্ৰদান কৰা হৈছিল। আৰু বিগত চাৰে চাৰি বছৰত ইয়াৰ প্রায় ১৫ লাখ গৃহ প্ৰদান কৰা হৈছে – প্রায় দুগুণ! এই গতিত আগুৱাই গ’লে আমি ২০২২ চনৰ ভিতৰত দেশৰ প্ৰত্যেক গৃহহীনৰ মুৰৰ ওপৰত ছাঁদ সুনিশ্চিত কৰিব পাৰিম৷
দুখীয়ালোকসকলৰ নিজা ঘৰৰ সপোন বাস্তবায়িত কৰাৰ সমান্তৰালভাৱে, আমি স্বাধীনতাৰ পাছত প্ৰথমবাৰ মধ্যবিত্ত গৃহহীনৰ বাবেও গৃহ নির্মাণৰ কথা ভাবিছো। সেইবাবে আমি ক্রেডিট লিংক চিষ্টেম বিস্তাৰিত কৰিছো।
প্ৰধানমন্ত্রী আবাস যোজনাৰ মাধ্যমে স্বাধীনতাৰ পৰ প্ৰথমবাৰ বছৰে ১৮ লক্ষ টাকা আয়সম্পন্ন মধ্যবিত্তৰ গৃহঋণৰ ক্ষেত্রত সুদত ৰেহাই দিয়া হৈছে। এই প্ৰকল্পৰ জৰিয়তে যিসকলে ঘৰ কিনিব, তেওঁলোকৰ মুঠ চাৰে পাঁচৰ পৰা চাৰে ছয় লক্ষ টকা ৰাহি হ’ব। যোৱা বছৰ আমি এলআইজি আৰু এমআইজি গৃহৰ ক্ষেত্ৰফলো বৃদ্ধি কৰিছো।
বন্ধুসকল, মধ্যবিত্ত ভাই–ভনীৰ বাবে বিশেষকৈ নৱ প্ৰজন্মৰ বন্ধুসকলৰ সপোন বাস্তবায়িত কৰাৰ বাবে এইবাৰৰ বাজেটত বিশেষ ব্যৱস্থা কৰা হৈছে। ৫ লাখ টকা লৈকে আয়ত ৰেহাই দিয়া হৈছে। সেইবাবে বৃত্তিগত জীৱনৰ উপাৰ্জনেৰে তেওঁলোক ঘৰ কিনিবলৈ উৎসাহিত হ’ব। কৰ ৰেহাই দিয়াত চৰকাৰৰ ক্ষতি হৈছে আৰু আপোনালোক উপকৃত হৈছে। চিন্তা নকৰিব, মই আপোনালোকৰ ব্যৱসায় নাকী ল’গাব বিচৰা নাই, মই আপোনালোৰ প্ৰতিযোগীও নহয়!
আগতে ১ লাখ ৮০ হাজাৰ টকালৈকে ভাড়া দিলে কৰ দিবলগীয়া হৈছিল৷ কিন্তু এতিয়া সেয়া বৃদ্ধি কৰি ২ লাখ ৪০ হাজাৰ টকা কৰা হৈছে। এইবাৰৰ বাজেটৰ ফলত গৃহ নির্মাণ ব্যৱসায় যথেষ্ট উৎসাহ পাব। সংসদত আমাৰ এই বিষয়টো বুজি পাওতে বহু কষ্ট হৈছিল। যে পৰিয়ালসমূহে নিজৰ প্ৰয়োজন অনুসাৰে ঘৰ কিনে, তেওঁলোকৰ আনুমানিক ভাড়াৰ ওপৰত আয়কৰ দিব লগা হয়৷ এতিয়া আৰু তেওঁলোকে আয়কৰ দিব নালাগে।
আৰু যিসকলৰ পুৰণি ঘৰ আছে, তেওঁলোকে অধিক দামত সেইটো বিক্রী কৰি অলপ চহৰৰ বাইৰলৈ গৈ সস্তাত ঘৰ কিনিছে। তেওঁলোকৰ ক্ষেত্রতো অনেক কৰ ৰেহাই দিয়া হৈছে। এতিয়া কেপিটেল গেইন টেক্স ৰাহি কৰাৰ বাবে মানুহে এই গৃহ বিক্রীৰ জৰিয়তে লাভ কৰা ধন দিয়ে একেই স্থানত দুটাকৈ ঘৰ নির্মাণৰ কামত লগাব পাৰে। ইমানদিনলৈকে ঘৰ বিক্রী কৰি পোৱা ধন এবছৰৰ ভিতৰত অন্য ঘৰ কিনাৰ বাবে ব্যৱহাৰ কৰিলে কেপিটেল গেইন টেক্সৰ বাবদ ৰেহাই এটা ঘৰৰ ক্ষেত্রতে পাইছিল। এতিয়া দুটা ঘৰতে এই ৰেহাই পোৱা যাব। এতিয়া আপোনালোকে পুৰণি বাংলা কিনি ফ্লেট নিৰ্মাণৰ প্ৰকল্প যিসকলে নিৰ্মাণ কৰিছিল, তেওঁলোকৰ কওঁ যে আমাৰ এই পৰামর্শৰ বাবে কোনো কৰ নালাগে।
বন্ধুসকল, দেশত দ্রুত উন্নয়নৰ ফলত যি নতুন মধ্যবিত্ত শ্রেণী গঢ় লৈ উঠিছে, তেওঁলোকৰ সপোন আৰু আকাংক্ষা অভূতপূর্ব উচ্চতা স্পর্শ কৰাত আপোনালোকৰ ব্যৱসায়ৰ ভৱিষ্যৎ উজ্জ্বল হৈছে। এই সপোনৰ সূত্ৰপাত হয় নিজৰ ঘৰৰ পৰা। সেইবাবে আপোনালোকৰ ব্যৱসায় কিদৰে বৃদ্ধি কৰিব সেই দায়িত্ব এতিয়া আপোনালোকৰ হাতত।
বিভিন্ন আন্তর্জাতিক সমীক্ষাৰ প্ৰতিবেদন মতে ভাৰতৰ অধিকাংশ দৰিদ্ৰ লোকে দ্রুতগতিত দাৰিদ্র্যসীমাৰ পৰা উন্নীত হৈছে। ফলস্বৰূপে যি নতুন মধ্যবিত্ত শ্রেণী গঢ় লৈ উঠিছে, তেওঁলোকৰ প্ৰত্যাশাক গুৰুত্ব দিব লাগিব। তেওঁলোকৰ মানসিকতা বুজি নিজৰ প্ৰকল্প গঢ়ি তোলক। এই ক্ষেত্রত মই আপোনালোকক নিৰমাৰ উদাহৰণ দিব বিচাৰিছো। নিৰমাৰ মালিকে যেতিয়া চাইকেল কৰি ঘৰে ঘৰে সস্তাত ডিটাৰজেণ্ট পাউডাৰ বিক্রী কৰিছিল, তেতিয়া তেওঁৰ লক্ষ্যই নাছিল নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ ওচৰ পাবগৈ বুলি৷ আৰু এইদৰে তেওঁ বহুজাতিক কোম্পানীসমূহৰ প্ৰতিদ্বন্দ্বী হৈ উঠে, তাৰপাছৰখিনি ইতিহাস। আপোনালোকৰ সন্মুখতো এতিয়া সেই সুযোগ আহিছে। নব্য মধ্যবিত্তৰ প্ৰত্যাশাক বুজি আৰু সেইদৰে ব্যৱসায়ৰ কৌশল নির্ধাৰণ কৰক। মই নিশ্চিত যে আপোনালোকে ২ – ৫ বছৰৰ অভিজ্ঞতাসম্পন্ন কোম্পানী হ’লেও ১০–২০ বছৰৰ পাছত বহুত ডাঙৰ ডাঙৰ ৰথী–মহাৰথীক চেৰ পেলাই যাব।
বন্ধুসকল, আপোনালোকৰ মাজত বহুতেই আকৌ দ্বিতীয় প্ৰজন্মৰ ডেভেলপাৰ্চ আছে, যিসকলে পৰৱর্তী প্ৰজন্মৰ প্ৰয়োজন আৰু নতুন ভাৰতৰ নতুন পৰিৱর্তনকো বুজিব পাৰিছে। আপোনালোকৰ কান্ধত দেশৰ ৰিয়েল ইষ্টেট ক্ষেত্ৰক নতুন ভাৰতৰ আকাংক্ষা আৰু সংবেদনশীলতাৰ ভিত্তিত পৰিৱর্তন কৰাৰ দায়িত্ব আছে।
বন্ধুসকল, কেন্দ্রীয় চৰকাৰে বিগত চাৰে চাৰি বছৰত এই পৰিৱর্তনৰ অনুকূল পৰিৱেশ গঢ়ি তুলিছে। সহজে ব্যৱসায় কৰাৰ সুযোগ গঢ়ি তোলাৰ সমান্তৰালভাৱে কিছু ভুল পৰম্পৰাক আঁতৰ কৰাৰো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। মই জানো যে বিগত কেইবা দশকত ৰিয়েল ইষ্টেট খণ্ডত যি সমস্যাই আটাইতকৈ গুৰুতৰ হৈ উঠেছিল, সেইটো হ’ল ব্যৱস্থাৰ ওপৰত মানুহৰ আস্থা কমি গৈছিল। চাৰে চাৰি বছৰৰ পূৰ্বে ইয়াৰ এনে পৰিস্থিতি আছিল যে মধ্যবিত্ত লোকসকলে অর্থ বিনিয়োগৰ পূৰ্বে ১০০ বাৰ ভাবিছিল। লাখ লাখ মানুহে নিজৰ তেজক পানী কৰা ধনেৰে ক্ৰয় কৰা ঘৰ দখল কৰিবলৈ আদালতৰ দ্বাৰস্থ হ’বলগীয়া হৈছিল৷
বিগত চাৰে চাৰি বছৰত আমি এই আস্থাৰ পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ বাবে যথাযথ প্ৰচেষ্টা লৈছো। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ পদক্ষেপটো হ’ল বিমুদ্রাকৰণ। যিসকলে দুর্নীতিৰ জৰিয়তে লুণ্ঠনৰ ধন ৰিয়েল ইষ্টেটত বিনিয়োগ কৰি উফণ্ডি উঠিছিল, বিমুদ্রাকৰণে তেওঁলোকৰ বাঢ়ি থোৱা ভাতত ছাই ঢালি দিলে। এতিয়া যিসকলে সততাৰে ধন উপাৰ্জন কৰে, তেওঁলোকে এইক্ষেত্রত আগুৱাই যাব পাৰিব।
মই জানো যে আপোনালোকৰ এই অভিজ্ঞতা আৰু গুজৰাটবাসী গৃহ নির্মাণকাৰীৰ বিগত ১৩ বছৰৰ অভিজ্ঞতা পূর্বৰ অভিজ্ঞতাতকৈ ভিন্ন। মই যেতিয়াই যি চৰকাৰৰ নেতৃত্ব দিছো, মোৰ প্ৰত্যেক সিদ্ধান্ত বাস্তবায়িত কৰাৰ ক্ষেত্রত আৰম্ভণিৰ পৰা বহু সমস্যা হৈছে। কাৰণ, সেই সিদ্ধান্তসমূহ সময়তকৈ আগুৱাই গৈছিল। সেইবোৰ বুজিবলৈ বহুত সমস্যা হৈছে। এবাৰ গুজৰাটৰ কৃষকসকল মোৰ ওচৰলৈ বিদ্যুতীকৰণৰ দাবী লৈ আহিছিল, মই তেওঁলোকক সুধিলো যে আপোনালোকৰ আগতে বিদ্যুৎ, জলসিঞ্চন বিচৰা নাছিল! তেওঁলোকে ক’লে যে আগতে বিনামূলীয়া বিদ্যুৎ বিচৰা নাচিলো। সকলো ৰাজনৈতিক দলে প্ৰতিশ্রুতি দিছে। মই জানো বহু ৰাজনীতিকে লোকসকলৰ বিদ্যুতৰ তাঁৰ হাতত ধৰিয়েই বহুতৰ সর্বনাশ কৰিছে, মই আপোনালোকৰ জলসিঞ্চনৰ পানী প্ৰদান কৰি জীৱিত ৰাখিব বিচাৰো। আপোনালোকে বিশ্বাস নকৰিব যে মোৰ নিজৰ দলৰ লোকসকল প্ৰতিবাদত অনশনত বহিছিল, গাঁৱে–গাঁৱে মোৰ প্ৰতিকৃতি দাহ কৰা হৈছিল, আচলতে তেওঁলোকে ভয় খাইছিল যে কৃষকসকলৰ ক্ষোভে মোদীক ডুবাই দিব আৰু ইয়াৰ লগতে আমাকো ডুবাব। কিন্তু মই নিজৰ সিদ্ধান্তত অটল আছিলো। প্ৰতি বিন্দুত অধিক ফচল, ড্রিপ ইৰিগেচনৰ মাধ্যমে কম পানী ব্যৱহাৰ কৰি অধিক ফচল উৎপাদন অভিযানত অটল থাকি গুজৰাটৰ কৃষি ক্ষেত্রৰ উন্নয়নত একেৰাহে ১০ শতাংশ বৃদ্ধি সুনিশ্চিত কৰিব পাৰিছিলো। অতি ঊষৰ ভূমিক এইদৰে পৰিমিত সুজলা–সুফলা কৰি তুলিব পাৰিছিলো। আৰু দেৰিকে হ’লেও মোৰ কৃষক বন্ধুসকলে মোৰ উদ্দেশ্য বুজিব পাৰিছিল আৰু সেই সাফল্য লৈয়েই আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছো। এতিয়াও মোৰ সন্মুখত নির্বাচন আছে। তথাপিও যিটো সঠিক বুলি ভাবো সেয়া আপোনালোকৰ সন্মুখত স্পষ্টকৈ কোৱাৰ সাহস কৰিছো।
দেশৰ বাবে ভৱিষ্যৎ প্ৰজন্মৰ বাবে আত্মবিশ্বাসেৰে কৈছো। আমি ৰিয়েল ইষ্টেট ৰেগুলেশন এক্ট বা ৰেৰা আইন প্ৰণয়নৰ মাধ্যমেৰে গ্রাহক আৰু আপোনালোকৰ মাজত আস্থাৰ সম্পর্কক মজবুত ভিত্তি প্ৰদান কৰিছে। আপোনালোকে গভীৰভাবে চিন্তা কৰিলে জনমানসত ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব পাৰিব। মই বিচাৰো যে আপোনালোকে এই বিষয়বোৰক লৈ কর্মশালা অনুষ্ঠিত কৰক, আপোনালোক ঐক্যবদ্ধ হওক।
আজি আপোনালোক বিশ্বৰ যি কোনো দেশলৈ গৈ সেই দেশৰ যি কোনো নাগৰিকৰ সৈতে হাত মিলালেই ধৰিব পাৰিব যে ভাৰত সম্পর্কে আন্তর্জাতিক ক্ষেত্রত ধ্যান–ধাৰণাৰ কিমান পৰিৱর্তন হৈছে। আগতে হাত মিলালে ভাৰতীয় বুলি শুনিলেও কৰমর্দন শিথিল হৈ গৈছিল। আৰু এতিয়া ভাৰতীয় শুনিলে বিদেশীয়ে হাত এৰিবই নিবিচাৰে। এতিয়া বিশ্ববাসীয়ে আপোনালোকৰ চকুত চকু ৰাখি কথা কোৱাৰ আগ্ৰহ বোধ কৰিছে। এই পৰিৱর্তন কিদৰে আহিছে? চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত গ্ৰহণৰ প্ৰক্রিয়া আৰু কর্মশৈলী থকা উচিৎ। সঠিক সিদ্ধান্ত ল’লে সেই সিদ্ধান্তৰ পৰিৱেশগত প্ৰভাৱ এনে হয় যে আন্তর্জাতিক ক্ষেত্রত দেশবাসীৰ সন্মান বৃদ্ধি পায়। ২০১৩ – ১৪ চনত দেশৰ বাতৰিকাকতত অথবা টেলিভিশন চেনেলসমূহত চর্চাৰ বিষয় আছিল বিভিন্ন কেলেংকাৰি। গুজৰাটৰ বাহিৰে মোক কোনেও চিনি পোৱা নাছিল বুলি টিভিত মোক প্ৰধানমন্ত্রী কৰাক লৈ বিতর্ক হৈছিল। মোৰ বিদেশ নীতিক লৈ কোনো অভিজ্ঞতা নাই বুলি চর্চা হৈছিল। মোক যেতিয়া সাংবাদিকে এই লৈ প্ৰশ্ন কৰিছিল, তেতিয়া মই স্বীকাৰ কৰি লৈছিলো যে সঁচাই মোৰ কোনো অভিজ্ঞতা নাই। কিন্তু মোৰ জীৱনৰ মন্ত্ৰ হ’ল, যি কৰিম দেশৰ বাবে কৰিম। এই শক্তি লৈয়েই মই সকলো সিদ্ধান্ত লৈছি। আৰু আপোনালোকেও ইয়াৰ পৰিণাম দেখিছে। সেই বাবে মই ক’ব বিচাৰো যে আপোনালোকৰ ব্যৱসায়ৰ পৰিপ্রেক্ষিতত চৰকাৰী সিদ্ধান্তসমূহ সম্পর্কে আপোনালোকৰ মূল কর্মীসকলক প্ৰশিক্ষিত কৰি তুলিব লাগিব৷ তেতিয়াই বুজিব পাৰিব যে চৰকাৰে কেনে আইনত পৰিৱর্তন আনিনে। আমি চিন্তা কৰিয়েই কোনো বীজ ৰোপন কৰো আৰু নিজৰ ইচ্ছা মতে অংকুৰিত কৰি ইপ্সিত বৃক্ষক মহীৰূহত পৰিণত কৰো।
ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটী বা ৰেৰা প্ৰসংগত জক্সে যেতিয়া কথা পাতিছিলো, তেতিয়া আপোনালোকে হাঁহিছিল। আপোনালোকেৰ হাঁহিৰ অৰ্থ মই অনুভৱ কৰিছো। কিন্তু মই এইটো বিশ্বাস কৰো যে আপোনালোকৰ মনত নতুন অভিযান গ্ৰহণৰ ইচ্ছাশক্তি আছে, সেই বাবে আপোনালোকক অভিনন্দন জনাইছো। আপোনালোকৰ মাজত কোনো কোনোৱে এতিয়াও দ্বিধাগ্ৰস্ত থাকিলেও সোনকালেই আপোনালোকে দৃঢ় সংকল্পৰে কামত লাগি যাব পাৰিব। মই কালিক লৈ জীয়াই থকা নাই, অনাগত দিনৰ বিশ্বাস লৈ নতুন ভৱন নিৰ্মাণ কৰাৰ দর্শনত বিশ্বাস কৰো। ৰেৰা ২৮খন ৰাজ্যত সূচিত কৰা হৈছে। ২১খন ৰাজ্যত ট্রাইবুনেলও কাম কৰিছে। আজি দেশত প্রায় ৩৫ হাজাৰ ৰিয়েল ইষ্টেট প্রকল্প আৰু ২৭ হাজাৰ ৰিয়েল ইষ্টেট এজেন্টৰ মাধ্যমেৰে নথিভুক্ত হৈছে। এই প্ৰকল্পৰ মাধ্যমেৰে লাখ লাখ নতুন ফ্লেট নির্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে কি লাভ হ’ব? চাওক মই কোনো উপদেশ দিব বিচৰা নাই, বন্ধু হিচাপে কৈছো। গৃহ নির্মাণ প্ৰকল্পৰ সৈতে আপোনালোকৰ ভৱিষ্যৎ যিমান জড়িত হৈ আছে, তেনে কোটি কোটি লোকৰ আশা–আকাংক্ষা জড়িত হৈ আছে। বৰ্তমান সময়ত আপোনালোকেই সর্বাধিক লোকক কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি দিছে। ৰাজমিস্ত্রীৰ পৰা আৰম্ভ কৰি চিমেণ্ট উৎপাদক কর্মী অথবা তীখা উৎপাদক কর্মীসকলেও উপকৃত হৈছে। আৰু ভাল আবাস নিৰ্মাণ হৈ উঠিলে তাত উদ্যানকর্মীৰ পৰা আৰম্ভ কৰি বাতৰি কাকত বিক্রেতা, গাখীৰ বিক্রেতা আৰু আৰু বিভিন্ন বৃত্তিৰ লোকে কর্মসংস্থাপন পাব।
মই জক্সয়ক সৰুৰে পৰাই চিনি পাও বাবেই মোৰ দৃঢ় বিশ্বাস যে তেওঁৰ নেতৃত্বত যি প্ৰচেষ্টা আৰম্ভ হৈছে, সেইটোৱে সফলতাৰ শিখৰ স্পর্শ কৰিব। আগতে মই আপোনালোকৰ মাজত যিসকলক হীৰা শিল্পৰ সৈতে জড়িত আছিল, তেওঁলোকৰ সৈতে বহু কথা পাতিছো। তেতিয়া মই ৰাজনীতিত নাছিলো। বহুতেই কন বয়সৰ পৰাই হীৰা কটা, পলিচ কৰাৰ দক্ষতা অর্জন কৰি ৰপ্তানিকাৰক হৈ উঠিছে, কোম্পানীৰ মালিক হৈছে, ৫–১০ হাজাৰ কোটি টকাৰ হীৰা ৰপ্তানি কৰে। কিন্তু আপোনালোকৰ গৰিমা বৃদ্ধি পোৱা নাই কিয়? এয়া ২০–২৫ বছৰৰ আগৰ কথা। মোৰ কথা শুনি বহুতে নির্দিষ্ট প্ৰক্রিয়া মানি কাজ কৰি গৈছে। ফলত আপোনালোকে কিমান লিখাপঢ়া জানে, সেইটো গুৰুত্বপূর্ণ হৈ নুঠে। কিন্তু দেশ–বিদেশত আপোনালোকৰ সন্মান আৰু আপোনালোকৰ কাম–কাজ বৃদ্ধি পাইছে। আচলতে কিমান টকা উপাৰ্জন কৰিলে, তাতকৈ অগ্রাধিকাৰ দিয়া উচিৎ আপোনালোকৰ বৃত্তিৰ গৰিমা বৃদ্ধি। আপোনালোকেও কৈছে, কিদৰে ঘৰ নির্মাণ কৰিছে, তাতকৈও অধিক গুৰুত্বপূর্ণ আপোনালোকৰ বৃত্তিৰ গৰিমা বৃদ্ধি। বহুত ভাল প্ৰকল্প, উন্নত নক্সা, উৎকৃষ্ট উপাদান ইত্যাদিৰ জৰিয়তে আপোনালোকে যদি এবাৰ জনমানসত আস্থা গঢ়ি তুলিব পাৰে, তেতিয়াহ’লে দেখিব, আকাশ কিদৰে আপোনালোকৰ সন্মুখলৈ নামি আহিবলৈ আৰম্ভ কৰিছে! ইমান গুৰুত্বপূর্ণ ক্ষেত্ৰ, তাৰ এক সামাজিক প্ৰতিষ্ঠা আৰু স্বীকৃতি গঢ়ি উঠা উচিৎ। পৰিশ্ৰমী মানুহৰ জীৱনক গৰিমাময় কৰি তুলি যি কোনো পিতা–মাতাৰ বাবে অগ্রাধিকাৰ থাকে সন্তানৰ শিক্ষা, তাৰপাছত কর্মসংস্থাপন, তাৰপাছত বিবাহ। ইয়াৰ সমান্তলাভাৱে, তেওঁলোকে এক নিজস্ব গৃহৰ সপোন দেখে৷ আৰু এই সপোন বাস্তবায়িত কৰাৰ বাবে নিজৰ উপার্জনৰ সর্বস্ব আপোনালোকৰ হাতত তুলি দিয়ে। তাত যেতিয়া কোনো প্ৰতাৰিত হয়, তেতিয়া সমগ্ৰ ব্যৱস্থাৰ প্ৰতি অবিশ্বাস ১০ গুণ বৃদ্ধি পায়। আপোনালোকে যদি এই সমস্যাক হৃদয়ংগম কৰি নিজৰ বৃত্তিৰ গৰিমা বৃদ্ধি কৰিব পাৰে, তেতিয়া হ’লে দেখিব বহুত ডাঙৰ পৰিৱর্তন আহিব।
বন্ধুসকল, আগৰ তুলনাত নিৰ্মাণৰ অনুমতিকে ধৰি সমস্ত অনুমতি অতি দ্রুতগতিত পোৱা যায়। সেইবাবে সহজে ব্যৱসায়ৰ তালিকাত ভাৰত চাৰে চাৰ বছৰত ৬৭ ঢাপ আগুৱাই গৈছে। এদিনাখন বিশ্ব বেংকৰ অধ্যক্ষই মোক ফোন কৰি কৈছে যে ভাৰত বিশ্বৰ বৃহৎ দেশসমূহৰ ভিতৰত দ্রুততম গতিত আগুৱাই যোৱা অর্থনীতিৰ দেশত পৰিণত হৈছে। এই পৰিৱর্তন দেখি আশ্বৰ্য প্ৰকাশ কৰিছে। আৰু বিশ্ব বেংকৰ সম্পূর্ণ দলক আমাৰ দেশলৈ পঠিয়ালে। আপোনালোকে যদি ভাৰতৰ এই পৰিৱর্তিত গৰিমাৰ সুযোগ নলয়, তেতিয়া হ’লে ডাঙৰ ক্ষতি হ’ব। আপোনালোকে এই সুযোগ এৰি নিদিব৷
ৰিয়েল ইষ্টেট ব্যৱসায়ৰ ক্ষেত্রত ডেভেলপাৰ্ছ তথা ক্রেতা উভয়ৰ বাবেই জিএছটি লাভদায়ক হিচাপে প্ৰতিপন্ন হৈছে। আগতে গৃহ নির্মাণ ক্ষেত্রত ১৫ – ১৮ শতাংশ কৰ দিবলগীয়া হৈছিল৷ আৰু কিছু গৃহ নির্মাণ সামগ্ৰী যেনে–ৰঙ, টাইলছ, শৌচালয়, চাৱাৰ, কেবল আৰু তাঁৰৰ ক্ষেত্রত ৩০ শতাংশতকৈও বেছি কৰ দিবলগীয়া হৈছিল। কিন্তু জিএছটি আৰম্ভ হোৱাৰ পাছত মধ্যবিত্ত ক্রেতাসকলৰ ক্ষেত্রত ৮ শতাংশ আৰ উচ্চবিত্তসকলৰ বাবে ১২ শতাংশ জিএছটি নিৰ্ধাৰণ কৰা হৈছে৷ ব্যৱসায়িক সম্পত্তিৰ কৰো বহু পৰিমাণে হ্রাস পাইছে। তেনেদৰে উপৰোক্ত গৃহ নির্মাণ সামগ্রীসমূহৰ ক্ষেত্রত মাত্ৰ ১৮ শতাংশ জিএছটি দিব লাগে৷ ইটাৰ ক্ষেত্ৰত জিএছটি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে। আপোনালোকে হাত চাপৰি নবজাব নে সেইটো জানি। মই ক’বলৈ অহা নাই, শুনিবলৈ আহিছো। কি চলি আছে তাক জানিবলৈ আহিছো৷
বন্ধুসকল, চলিত বাজেটত আমি মধ্যবিত্তসকলৰ গৃহ নির্মাণত সহায় কৰাৰ বাবে আয়কৰ ৰেহাই দিছো৷ ১৯১৬ৰ নিয়মত ৮০ আইবিএ ধাৰা যুক্ত কৰা হৈছে। সুলভ গৃহ নির্মাণ প্ৰকল্পৰ অধীন গৃহ নির্মাণৰ নির্ধাৰিত সময় ৩ বছৰৰ পৰা বৃদ্ধি কৰি ৫ বছৰ কৰা হৈছে। চলিত বৰ্ষৰ ৩১ মার্চ, ২০১৯লৈকে যিসকলে সম্পূর্ণ কৰাৰ কথা আছিল, তেওঁলোকৰ ৩১ মার্চ, ২০২০ৰ ভিৰতত সম্পূর্ণ কৰাৰ আবেদনত অনুমোদন জনোৱা হৈছে। বিক্রী নোহোৱা আচবাবৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ‘নেচনেলল ৰেণ্টেল ইনকাম’ বাবদ কৰ অহা দুবছৰলৈ লোৱা নহয়৷ মধ্যবিত্তৰ গৃহ নির্মাণৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে বিগত চাৰে চাৰ বছৰত এই ধৰণৰ বহু ব্যৱস্থা হাতত লোৱা হৈছে।
বন্ধুসকল, ৰিয়েল ইষ্টেট আৰু গৃহ নির্মাণৰ ক্ষেত্ৰত ধনৰ যোগান বজাই ৰাখিবলৈ নিয়মিত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। দুবছৰ আগতে ৰিয়েল ইষ্টেট আৰুআন্তঃগাঁথনি বিনিয়োগ ট্রাষ্টক ঋণ বজাৰৰ পৰা অর্থ সংগ্ৰহৰ অনুমতি প্ৰদান কৰা হৈছিল। এই ধৰণৰ ট্রাষ্টসমূহক ২০১৭চনৰ পৰাই ডিভিডেন্ট ডিষ্ট্ৰিবিউচন কৰো ৰেহাই দিয়া হৈছে। গৃহ নির্মাণত বিনিয়োগকাৰী কোম্পানীসমূহৰ বিদেশৰ পৰা অর্থ সংগ্ৰহ কৰাৰ প্ৰক্রিয়াক সহজ কৰিবলৈ যোৱা বছৰ ছেক্টৰেল ৰেমিটেন্সক লোৱা হোৱা নাই৷
বন্ধুসকল, গৃহ নির্মাণৰ ক্ষেত্ৰত কোটি কোটি লোকে কর্মসংস্থাপন লাভ কৰিছে। ইয়াৰ ভিতৰত অধিকাংশই অসংঠিত ক্ষেত্ৰৰ। এই অসংগঠিত ক্ষেত্ৰৰ বন্ধুসকলৰ ভিতৰত যিসকলৰ আয় মাহে ১৫ হাজাৰ টকাতকৈ কম, তেওঁলোকক ৬০ বছৰ বয়সৰ পাছত মাহে তিনি হাজাৰ টকা পেন্সন সুনিশ্চিত কৰা হৈছে। এই প্ৰকল্পৰ সৈতে জড়িত হ’বলৈ এই শ্ৰমিকসকলে মাহে গড়ে ১০০ টকাকৈ জমা কৰিব লাগিব আৰু একেই পৰিমাণৰ টকা কেন্দ্রীয় চৰকাৰেও তেওঁলোকৰ পেন্সন একাউণ্টত জমা কৰিব।
বন্ধুসকল, আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে আপোনালোকৰ ব্যৱসায়েৰে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ সপোন বাস্তবায়িত কৰাকৈ অনুকূল কৰি তোলক, তেওঁলোককো এই পেন্সন আঁচনিৰ সৈতে জড়িত হোৱাৰ বাবে উৎসাহিত কৰক আৰু আপোনালোকৰ ফালৰ পৰাও কিছু অৱদান আগবঢ়াওক। এইদৰেই আপোনালোকে প্ৰধানমন্ত্রী জীৱন জ্যোতি বীমা যোজনা আৰু সুৰক্ষা বীমা যোজনাৰ জৰিয়তে মধ্যবিত্তসকলৰ কাষত থিয় দিব পাৰিব। মধ্যবিত্ত লোকসকলে যাতে দেখে, দৈনিক ৯০ পইচাকৈ বীমা আছে আৰু তেওঁলোক ইয়াৰ দ্বাৰা উপকৃত হৈছে–এইটো সুনিশ্চিত কৰক। ইতিমধ্যে এই ধৰণৰ পৰিয়ালে বীমাৰ বাবদ হাজাৰ হাজাৰ কোটি টকা লাভ কৰিছে। আপোনালোকৰ কর্মীসকলেও যাতে এই আঁচনিৰ সুযোগ লাভ কৰে, তাক সুনিশ্চিত কৰন। যি সামাজিক দায়িত্ব লৈ আপোনালোকে কাম কৰিছে, এই সামাজিক সুৰক্ষাই আপোনালোকৰ প্ৰচেষ্টাক নতুন প্রাণশক্তি যোগাব, সম্প্ৰসাৰিত কৰিব। মোক জনোৱা মতে আপোনালোকে দৰিদ্ৰ শিশুৰ শিক্ষা, দক্ষতা উন্নয়ন আৰু স্বচ্ছ ভাৰত অভিযানত নিয়মিত অৱদান আগবঢ়াইছে। সেইবাবে মই আপোনালোকক আন্তৰিক অভিনন্দন জনাইছো।
বন্ধুসকল, আপোনালোকৰ দৰে ভৱিষ্যত প্ৰজন্মৰ নেতাসকলেই নতুন ভাৰতৰ আচল কর্ণধাৰ। আপোনালোকৰ নতুন চিন্তাধাৰা আৰু সামৰ্থ্যৰ ওপৰত ভৰসা কৰিয়েই মই বহু কঠিন লক্ষ্য নির্ধাৰণ কৰিব পাৰো। মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ এই সামর্থ্যই দেশক আৰু অধিক শক্তিশালী কৰি তুলিব, গৃহ নির্মাণ আৰু সুলভ কৰি তুলিব। এই বিষয়ক লৈ আজিৰ কর্মসূচিত বিভিন্ন আলোচনা হ’ব আৰু নতুন নতুন চিন্তা মনলৈ আহিব। গৃহ নির্মাণৰ ক্ষেত্ৰত বহনক্ষম উন্নয়ন আৰু উদ্ভাবনী প্ৰযুক্তিৰ অধিকতম ব্যৱহাৰ কিদৰে কৰা যায়, তাক লৈ আলোচনা কৰাৰ প্ৰয়োজন আছে। পৰিৱেশ প্ৰদূষণমুক্ত শক্তি উৎপাদনত দক্ষতা, জল সংৰক্ষণ, নির্মাণ উপকৰণৰ পুনৰ ব্যৱহাৰ তথা নির্মিত ভৱনসমূহত আধুনিক বর্জ্য ব্যৱস্থাপনা সুনিশ্চিত কৰা আপোনালোকে অগ্রাধিকাৰ দিয়া উচিৎ। প্ৰধানমন্ত্রী আবাস যোজনাৰ জৰিয়তে প্রায় ১২ লাখ গৃহ নির্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ সুনিশ্চিত কৰা হৈছে। ইয়াৰ জৰিয়তে নির্মাণ ব্যয় হ্রাস পাইছে আৰু কামৰ গতিও বৃদ্ধি পাইছে। নির্মাণ খণ্ডত বিশ্বৰ শ্রেষ্ঠ প্ৰযুক্তিসমূহৰ সৈতে পৰিচয় কৰোৱাৰ বাবে অহা মাহত দিল্লীত গ্ল’বেল হাউচিং টেকন’লজি চেলেঞ্জ শীর্ষক আলোচনা–চক্ৰ আয়োজন কৰা হৈছে। আপোনালোকো ইয়াৰ অংশীদাৰ হৈ উঠিব পাৰে।
বন্ধুসকল, নিজৰ ঘৰৰ সপোন লৈ বহি থকা বহু সাধাৰণ লোকৰ আশা আপোনালোকে পুৰণ কৰি আছে। আপোনালোকে তেওঁলোকৰ এই আশা পূৰণত সক্ষম হ’ব, এই বিশ্বাস লৈ আপোনালোকৰ কিছু ক’ব বিচাৰিছো। মই অলপ সময়ৰ পূৰ্বে জক্সয়ক সুধিছিলো যে আপোনালোকৰ নতুন গৃহ নির্মাতাসকলৰ মাজত কোনো প্ৰতিযোগিতা নহয় নেকি! তেওঁ ক’লে যে নহয়, এইদৰে আমি কেতিয়াও ভবা নাই! মই ক্রেডাই সংস্থাৰ বাবে আবেদন কৰো যে নির্মাণ প্ৰযুক্তিত উদ্ভাৱন, উদ্ভাৱনৰ বাবে প্ৰচেষ্টাৰত ষ্টার্ট আপ কোম্পানীসমূহে নতুন পদ্ধতিত ইতিবাচক পদক্ষেপ ল’লে, পৰিৱেশ সজাগতাৰ ফালৰ পৰাও কোনো নতুন উদ্ভাৱনৰ ফলিত প্ৰয়োগৰ বাবে তথা বর্জ্য সামগ্ৰীক কিদৰে নির্মাণৰ ক্ষেত্ৰত পুনৰ ব্যৱহাৰ কৰিব পৰা যায়, তাক লৈ কোনো সাফল্য যদি আপোনালোকে দেখে, সেই ক্ষেত্ৰত এক অভিজ্ঞ বিচাৰকমণ্ডলীয়ে তেওঁলোকক পুৰস্কৃত কৰিব পাৰে।
দ্বিতীয়তে, মোৰ আন এটি পৰামর্শ আপোনালোকৰ ভাল লাগিব। আপোনালোকৰ মাজত বহু মহিলাৰ দ্বাৰা পৰিচালিত সংস্থা আছে, যাৰ ভিতৰত যিকেইজন আছে, যিসকল নিজেই কোনো কোম্পানীৰ মালিক। আৰু অন্যসকলে বিভিন্ন কোম্পানীৰ মালিকৰ স্ত্রী আৰু পৰিয়ালৰ সদস্যা। মই বিচাৰো যে বিভিন্ন কোম্পানীৰ মালিকসকলৰ স্ত্রী আৰু পৰিয়ালৰ সদস্যাসকল, যিসকলে ব্যৱসায় নকৰে, তেওঁলোকক বেলেগ কৈ সংগঠন গঠন কৰক। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, তেতিয়া এক পৰীক্ষামূলক প্ৰয়োগ কৰিছিলো। মই বহু ৰে’ল লাইনৰ পার্শ্বৱর্তী বস্তিবাসীৰ বাবে গৃহ নির্মাণ কৰি দিছিলো। কিন্তু এক মানসিক সমস্যা অনুভৱ কৰিছিলো। আপোনালোকে হয়তো কমল হাছান অভিনীত এখন চিনেমাৰ কথা মনত আছে, মোৰ নামটো মনত নাই। সেই চিনেমাত কমল হাছানে এনে ৰে’ল লাইনৰ পার্শ্বৱর্তী বস্তিত আছিল, নির্দিষ্ট ৰে’ল গাড়ীৰ শব্দত তেওঁৰ টোপনি আহিছিল। পুনৰ সংস্থাপনৰ পাছত ৰে’লগাড়ীৰ শব্দ বন্ধ হৈ যোৱাত তেওঁৰ ৰাতিৰ টোপনি নাইকিয়া হৈ গৈছিল। তেতিয়া সেই ৰে’লগাড়ীৰ শব্দ টেপ কৰি আনি সেই আৱাজ চলাই শুইছিল। এই উদাহৰণ এইবাবেই দিছো যে নতুন ঘৰত গৈ আমাৰ বস্তিবাসীৰ বন্ধুসকলৰ বহুতেই এনেকৈ খাপ খুৱাৱ নোৱাৰে, এনে অনুমান কৰি মই হিতাধিকাৰীসকলৰ প্ৰশিক্ষণৰ বাবে এক বেচৰকাৰী সংগঠনক দায়িত্ব দিলো। শৌচালয়ৰ ব্যৱহাৰ, বর্জ্য ব্যৱস্থাপনা, পানীৰ টেপ ব্যৱহাৰ কৰা, বিদ্যুতৰৰ ছুইচ আৰু মিটাৰ সম্পর্কে সাধাৰণ জ্ঞান, খিড়ীকী খোলা আৰু বন্ধ কৰা, পুৰণি শাড়ীৰে পর্দা লগোৱাৰ তিনি সপ্তাহৰ প্ৰশিক্ষণে বস্তিবাসীৰ বিশ্বাস বহুখিনি বৃদ্ধি কৰিছিল। তেওঁলোকেও ঘৰৰ পৰা প্লাষ্টিকৰ চকী, শতৰঞ্জি, পর্দা, ৰেডিঅ’, টিভি ইত্যাদি আনি প্ৰশিক্ষণক যথেষ্ট ফলপ্ৰসূ কৰি তুলিছিল। আপোনালোকৰ মহিলা সংগঠনে যদি এইধৰণৰ বেচৰকাৰী সংস্থা গঠন কৰি গৃহ নির্মাণ আঁচনিৰ দ্বাৰা উপকৃত লোকসকলক এই ধৰণৰ প্ৰশিক্ষণ দিব পাৰে, তেতিয়া হ’লে তেওঁলোকো উন্নত নাগৰিক হৈ উঠিব। আৰু আপোনালোকেও তেওঁলোকৰ এই পৰিৱর্তন দেখি, তেওঁলোকৰ চকুত আপোনালোকৰ প্ৰতি সন্মান দেখি সাফল্যৰ আনন্দ উপভোগ কৰিব পাৰিব।
যিসকলে নতুন উদ্ভাৱনধর্মী কিবা কৰিব পাৰে, তেওঁলোকৰ মনৰ দিশৰ পৰাও নবীন থাকিব। পৰিৱেশৰ পৰা কিবা গ্ৰহণ কৰাৰ ক্ষমতাই আমাৰ মগজুক নবীন কৰি তোলে। মই দ্রুতগতি কাম কৰিবলৈ ভালপাও। সেইবাবে নৱ প্ৰজন্মৰ লোকসকলৰ সৈতে মোৰ ৰসায়ন যথেষ্ট ভাল হয়। আপোনালোক আৰু মোৰ মাজত কোনো বয়স অথবা পদৰ দূৰত্বত নাথাকে। মনৰ ভিতৰত সকলো সময়ত আপোনালোকৰ সৈতে মিলিত হোৱাৰ, কথাবার্তা কোৱাৰ, আপোনালোকক লৈ চিন্তা–ভাৱনা কৰাৰ তথা দেশৰ বাবে একেলগে মিলি কাম কৰাৰ প্ৰবল আগ্ৰহে মোৰ হৃদয় আলোকিত কৰি ৰাখে।
এই ভাৱনাৰে পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। যি চিত্ৰশিল্পীয়ে মোতকৈও সুন্দৰ কৰি মোৰ ছবি অংকন কৰিছে, তেওঁক মই কৃতজ্ঞতা জনাইছো। মই জক্সয়ক কৈছো তেওঁৰ ঠিকনা দিবলৈ মই নিশ্চিতভাৱে সেই বন্ধুক চিঠি লিখি ধন্যবাদ জনাব বিচাৰো।
মই পুনৰবাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। যিবোৰ ক’লো দেশৰ স্বার্থৰ কথা কৈছো। আপোনালোকৰ ভালো লাগিলে গ্ৰহণ কৰিব, নালাগিলে পাহৰি যাব।
বহুত বহুত ধন্যবাদ।
*****
অতুল তিৱাৰী/শ্বাহবাজ হছিবি/বাল্মিকী মাহাতো/মমতা ছাহনি/নিৰ্মল শৰ্মা/দিগন্ত
देश का गरीब के घर का सपना पूरा हो, 2022 तक हर बेघर को अपना पक्का घर मिले, इस दिशा में तेज़ी से काम किया जा रहा है।
— PMO India (@PMOIndia) February 13, 2019
प्रधानमंत्री आवास योजना के तहत देश के गांव और शहरों में लगभग 1.5 करोड़ गरीबों के घर बनाए जा चुके हैं, जिसमें से लगभग 15 लाख घर शहरी गरीबों के बनाए जा चुके हैं: PM
जब किसी योजना से नाम का या स्वार्थ का भाव निकाल देते हैं तो नीति स्पष्ट हो जाती है
— PMO India (@PMOIndia) February 13, 2019
इसलिए करप्शन का, अपने-पराए का भाव भी निकाल दिया।
अब तकनीक का उपयोग कर लाभार्थियों का चयन होता है, किसी के कहने पर लिस्ट में नाम कटने या जोड़ने का काम जो होता था उसको बंद कर दिया है: PM
RERA के माध्यम से ग्राहक और आप सभी के बीच का भरोसा और मजबूत हुआ है।
— PMO India (@PMOIndia) February 13, 2019
आज RERA 28 राज्यों में नोटिफाई किया जा चुका है।
आज देशभर में करीब 35 हजार रियल एस्टेट प्रोजेक्ट्स और 27 हजार रियल एस्टेट एजेंट्स इससे रजिस्टर हो चुके हैं और लाखों नए फ्लैट्स का निर्माण किया जा रहा है: PM
इसी तरह कंस्ट्रक्शन परमिट सहित तमाम दूसरी परमिशन अब पहले की तुलना में तेज़ी से मिल रही हैं।
— PMO India (@PMOIndia) February 13, 2019
जिसका परिणाम ये हुआ कि ईज़ ऑफ डूइंग बिजनेस रैंकिंग में देश ने बड़ी छलांग बीते साढ़े 4 वर्षों में लगाई: PM
पहले कंस्ट्रक्शन सेक्टर पर 15-18% का टैक्स लगता था। जो सामान है, जैसे पेन्ट, टाइलें, टॉयलेट का सामान, केबल, वायर ऐसी तमाम चीजों पर 30% से ज्यादा टैक्स लगा करता था।
— PMO India (@PMOIndia) February 13, 2019
GST के बाद मध्यम वर्ग के घरों के लिए टैक्स कम हुआ है। इसी तरह कंस्ट्रक्शन मटीरियल पर भी GST को कम किया गया है: PM
पेन्ट, वायर, इलेक्ट्रिकल फिटिंग से जुड़ा सामान, सेनिटरीवेयर, प्लायवुड, टाइल जैसे अनेक सामान पर GST 28 प्रतिशत से घटाकर 18 प्रतिशत लाया गया है।
— PMO India (@PMOIndia) February 13, 2019
वहीं ईंटों पर GST 12 प्रतिशत से घटाकर 5 प्रतिशत किया गया है: PM