Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গণৰাজ্য দিৱসৰ তাৎপৰ্য সম্পৰ্কে সজাগতা সৃষ্টিৰে সংস্কৃতৰ সুভাষিতম শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গণৰাজ্য দিৱস ভাৰতৰ স্বাধীনতা, সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ এক শক্তিশালী প্ৰতীক। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত এক দৃঢ় সংকল্পৰ সৈতে একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ বাবে দেশবাসীক নতুন শক্তি আৰু প্ৰেৰণা যোগায়।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক সংস্কৃত সুভাষিতাম শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়েঃ-

 “पारतन्त्र्याभिभूतस्य देशस्याभ्युदयः कुतः।

अतः स्वातन्त्र्यमाप्तव्यमैक्यं स्वातन्त्र्यसाधनम्॥”

সুভাষিতামত কোৱা হৈছে যে যি আন দেশৰ ওপৰত নিৰ্ভৰশীল বা বশীভূত, সেই দেশৰ উন্নতি সম্ভৱ নহয়। সেয়েহে স্বাধীনতা আৰু ঐক্যক আমাৰ পথ প্ৰদৰ্শক নীতি হিচাপে গ্ৰহণ কৰিলেহে দেশৰ প্ৰগতি সুনিশ্চিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়;

“গণৰাজ্য দিৱস আমাৰ স্বাধীনতা, সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ এক শক্তিশালী প্ৰতীক। এই উৎসৱে আমাক একত্ৰিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্পৰে আগবাঢ়ি যোৱাৰ নতুন শক্তি আৰু প্ৰেৰণা যোগায়।

पारतन्त्र्याभिभूतस्य देशस्याभ्युदयः कुतः।

अतः स्वातन्त्र्यमाप्तव्यमैक्यं स्वातन्त्र्यसाधनम्॥”

***

MJPS/ST/DB