পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত মোবাইল কংগ্ৰেছৰ পূৰ্বে আজি ‘সেৱা তীৰ্থ’ত গ্ল’বেল ছিষ্টেম ফৰ মোবাইল কমিউকেশ্যনছ এছ’চিয়েচন (জিএছএমএ)ৰ ব’ৰ্ডৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। জিএছএমএ হৈছে সমগ্ৰ মোবাইল প্ৰণালীক একত্ৰিত কৰা, মোবাইল অপাৰেটৰ, সংস্থাসমূহ আৰু ইয়াৰ আনুষংগিক উদ্যোগসমূহক প্ৰতিনিধিত্ব কৰা এটা বিশ্বজনীন সংস্থা।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে প্ৰযুক্তি সমাবেশী আৰু বহনক্ষম বিকাশৰ এক আহিলা হৈ পৰিব লাগিব। সমাজৰ কোনো এক শ্ৰেণী যাতে পিছপৰি নাথাকে, তাৰ বাবে তেওঁ প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণ অপৰিহাৰ্য বুলি স্পষ্ট কৰি দিয়ে। বিশেষকৈ ‘গ্ল’বেল ছাউথ’ৰ বাবে প্ৰযুক্তি আৰু ডিজিটেল সেৱাসমূহ সুলভ আৰু সহজলভ্য কৰি তোলাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰি তেওঁ ডিজিটেল ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যে প্ৰযুক্তি প্ৰান্তীয় ব্যক্তিৰ ওচৰলৈ লৈ যোৱাৰ গুৰুত্বৰ কথা ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ক বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে এক পৰিৱৰ্তনকাৰী শক্তি হিচাপে উনুকিয়ায়। তেওঁ উল্লেখ কৰে যে কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে ডিপিআই সম্পৰ্কে কৰা আলাপে ইয়াৰ ক্ৰমবৰ্ধমান বিশ্বজনীন গুৰুত্ব প্ৰমাণ কৰিছে আৰু এই ধৰণৰ মঞ্চই গ্ল’বেল ছাউথৰ দেশসমূহৰ বাবে উত্তৰণৰ এক পথ প্ৰশস্ত কৰিব পাৰে।
ডিজিটেল আৰু চাইবাৰ প্ৰৱঞ্চনাৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সমস্যা সমাধানৰ বাবে প্ৰযুক্তিভিত্তিক সমাধানৰ প্ৰয়োজন। তেওঁ সম্ভাৱ্য প্ৰৱঞ্চনামূলক কল সম্পৰ্কে গ্ৰাহকসকলক সতৰ্ক কৰিবলৈ একেৰাহে সচেতনতামূলক বাৰ্তা প্ৰেৰণৰ পৰামৰ্শ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে নতুনকৈ অহা প্ৰযুক্তিসমূহৰ বাবে বিশ্বজনীন মান আৰু উমৈহতীয়া নিয়মৰ প্ৰয়োজনীয়তাৰ বিষয়েও গুৰুত্ব আৰোপ কৰে। ডিপফেক আৰু এআইৰ দ্বাৰা সৃষ্টি কৰা সমলসমূহৰ বাঢ়ি অহা ভাবুকি সম্পৰ্কে তেওঁ ব্যৱহাৰকাৰীসকলে যাতে ইয়াৰ মূল উৎস তাৎক্ষণিকভাৱে চিনাক্ত কৰিব পাৰে, তাৰ বাবে এক ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়ায়।
জিএছএমএ ব’ৰ্ডৰ সদস্যসকলে ডিজিটেল আৰু মোবাইল সংযোগৰ ক্ষেত্ৰত বিশ্বজনীন নেতা হিচাপে ভাৰতৰ উত্থানক প্ৰশংসা কৰে। তেওঁলোকে ৪জি আৰু ৫জিৰ দ্ৰুত সম্প্ৰসাৰণ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিশালতা আৰু টেলিকম তথা মোবাইল নিৰ্মাণ প্ৰণালীৰ বৃদ্ধিৰ কথা বিশেষভাৱে উল্লেখ কৰে। তেওঁলোকে ভাৰতৰ বিনিয়োগ-অনুকূল নীতিৰ প্ৰশংসা কৰে আৰু ধাৰাবাহিক ডিজিটেল বিকাশ সুনিশ্চিত কৰিবলৈ সুৰক্ষিত, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য ডিজিটেল আন্তঃগাঁথনিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ব’ৰ্ডৰ সদস্যসকলে ৫জি, ৬জি, এআই, চাইবাৰ সুৰক্ষা, ডিজিটেল অন্তৰ্ভুক্তি আৰু চেটেলাইট সংযোগকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ৰমবৰ্ধমান সুযোগসমূহৰ কথা স্পষ্ট কৰে।
বৈঠকত যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° পেম্মাছানী চন্দ্ৰশেখৰ, জিএছএমএ ব’ৰ্ডৰ সদস্য আৰু ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
MJPS/SS/ST/DB
In my interaction with the GSMA Board, stressed the following: Technology for the last mile. Affordable access for the Global South. DPI as a force multiplier. Technology-led solutions to cyber fraud. Global standards for emerging tech. Clear identification of AI-generated and deepfake content. Our digital future must expand opportunity while strengthening trust. https://t.co/sHx7OkuHTB
— Narendra Modi (@narendramodi) October 6, 2026