Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চাৰি দশকৰো অধিক সময়ৰ পাছত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


চাৰি দশকৰো অধিক সময়ৰ পাছত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা হকী দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে, এই সফলতা অসাধাৰণ দক্ষতা আৰু দলীয় প্ৰচেষ্টাৰ ফচল। তেওঁ লগতে দলটোৰ দৃঢ় সংকল্পক প্ৰেৰণাদায়ক বুলি প্ৰশংসা কৰে।

 

শ্ৰী মোদীয়ে দলটোক তেওঁলোকৰ আগন্তুক দিনবোৰৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে এই সফলতাই সমগ্ৰ দেশতে হকীৰ জনপ্ৰিয়তা বৃদ্ধিত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে।

 

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে;

 

“ভাৰতীয় হকীৰ বাবে এক অতি বিশেষ মুহূৰ্ত!

 

৪ দশকৰো অধিক সময়ৰ পাছত এছিয়ান গেমছত বহু প্ৰত্যাশিত সোণৰ পদক অৰ্জন কৰা মহিলা হকী দলটোৰ সাফল্যত ভাৰতবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। এই সফলতা অসাধাৰণ দক্ষতা আৰু দলীয় প্ৰচেষ্টাৰ বাবে সম্ভৱ হৈ উঠিছে। তেওঁলোকৰ দৃঢ় সংকল্প সঁচাকৈয়ে অত্যন্ত প্ৰেৰণাদায়ক। দলটোক তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

 

এই সফলতাই সমগ্ৰ দেশতে হকীৰ জনপ্ৰিয়তা বৃদ্ধিত অৰিহণা যোগাওক: প্ৰধানমন্ত্ৰী@narendramodi”

***

MJPS/SS/ST/DB