Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ মুৰব্বীৰূপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-মিয়ঙে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-মিয়ঙে জনোৱা  আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে।এপ্ৰিল মাহত ৰাষ্ট্ৰপতি লী জে-মিয়ঙে ভাৰত ভ্ৰমণ কৰা কথাও প্ৰধানমন্ত্ৰীয়ে সস্নেহে স্মৰণ কৰে। সেই ভ্ৰমণে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে দুয়োখন দেশে বহুমুখী সহযোগিতা আৰু অধিক গভীৰ কৰাৰ লগতে বিশ্ব শান্তি, স্থিৰতা ,  সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যাব।

শ্ৰী মোদীয়ে এক্সত এনেদৰে লিখিছে—

“ৰাষ্ট্ৰপতি লী জে-মিয়ং , আপোনাৰ আন্তৰিক শুভেচ্ছাৰ  বাবে আপোনাক ধন্যবাদ।এপ্ৰিল মাহত আপোনাৰ ভাৰত ভ্ৰমণৰ কথা মই সস্নেহে স্মৰণ কৰিছো। সেই ভ্ৰমণে আমাৰ বিশেষ কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিছিল।মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমি একেলগে আমাৰ বহুমুখী সহযোগিতা আৰু অধিক গভীৰ কৰাৰ লগতে বিশ্ব শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমাৰ উমৈহতীয়া দৃষ্টিভংগী আগুৱাই নিব পাৰিম।”

@Jaemyung_Lee

 

****

MJPS/SS/VJ/DM