Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ শীৰ্ষ পদত ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিছে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিছে আগবঢ়োৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰত-ছাৰ্বিয়া অংশীদাৰিত্ব শক্তিশালী কৰাত ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ব্যক্তিগতভাৱে আগবঢ়োৱা অৱদানৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে এক্সত এনেদৰে লিখিছে—

“আপোনাৰ আন্তৰিক শুভেচ্ছা আৰু বন্ধুত্বৰ বাবে ধন্যবাদ। ভাৰত-ছাৰ্বিয়াৰ মাজৰ অংশীদাৰিত্ব শক্তিশালী কৰাত আপোনাৰ ব্যক্তিগত অৱদানক মই গভীৰভাৱে প্ৰশংসা কৰোঁ।আপোনাৰ নেতৃত্বত ছাৰ্বিয়াই এক অভূতপূৰ্ব পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে। আপুনি দৃঢ়তা আৰু নিষ্ঠাৰে ছাৰ্বিয়াৰ সেৱা কৰি আহিছে। ভাৰত-ছাৰ্বিয়া অংশীদাৰিত্বক আৰু অধিক উচ্চতালৈ লৈ যাবলৈ মই আগ্ৰহী।”

@avucic

 

****

MJPS/SS/VJ/DM