পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুৰিনামৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপেৰছাদ সান্তোখী জীৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া কেৱল ছুৰিনামৰ বাবেই নহয়, বিশ্বজুৰি প্ৰসাৰিত হৈ থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবেও এক অপূৰণীয় ক্ষতি। প্ৰয়াত নেতাগৰাকীৰ সৈতে হোৱা বহু বৈঠকৰ কথা মনত পেলাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে ছুৰিনামৰ বাবে সান্তোখী জীৰ অক্লান্ত সেৱা আৰু ভাৰত-ছুৰিনামৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা তেওঁলোকৰ পাৰস্পৰিক মত বিনিময়ত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। সংস্কৃতত শপত গ্ৰহণ কৰাৰ সময়ত তেওঁ বহু লোকৰ হৃদয় জয় কৰা বুলি উল্লেখ কৰি ভাৰতীয় সংস্কৃতিৰ প্ৰতি সান্তোখী জীৰ বিশেষ আকৰ্ষণৰ ওপৰতো আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
‘মোৰ বন্ধু তথা ছুৰিনামৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চন্দ্ৰিকাপেৰছাদ সান্তোখী জীৰ আকস্মিক মৃত্যুত গভীৰভাৱে হতবাক হোৱাৰ লগতে মৰ্মাহত হৈছো।এয়া কেৱল ছুৰিনামৰ বাবেই নহয়, বিশ্বজুৰি প্ৰসাৰিত হৈ থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবেও এক অপূৰণীয় ক্ষতি।
তেওঁৰ লগত হোৱা বহু বৈঠক মোৰ ভালদৰেই মনত পৰে। ছুৰিনামৰ বাবে তেওঁৰ অক্লান্ত সেৱা আৰু ভাৰত-ছুৰিনামৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা আমাৰ পাৰস্পৰিক মত বিনিময়ত স্পষ্টভাৱে প্ৰতিফলিত হৈছিল। ভাৰতীয় সংস্কৃতিৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছিল। সংস্কৃতত শপত গ্ৰহণ কৰি তেওঁ বহু লোকৰ হৃদয় জয় কৰিছিল।
এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু ছুৰিনামৰ জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।
আমাৰ বিভিন্ন মত বিনিময়ৰ পৰা কিছু আভাস শ্বেয়াৰ কৰিলোঁ…”
Deeply shocked and saddened by the sudden demise of my friend and the former President of Suriname, Mr. Chandrikapersad Santokhi Ji. This is not only an irreparable loss to Suriname but also to the global Indian diaspora.
I fondly recall my many meetings with him. His tireless… pic.twitter.com/2Yy7sppwDy
— Narendra Modi (@narendramodi) March 31, 2026
***
MJPS/VJ/DB