Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম বাৰ্ষিকীত মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শ্ৰী পাণ্ডেক ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা দেশৰ আগশাৰীৰ যোদ্ধা হিচাপে প্ৰশংসা কৰে।

এক্সৰ এটা তেওঁ লিখেঃ

“মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁ আছিল ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা দেশৰ আগশাৰীৰ যোদ্ধা। তেওঁৰ সাহস আৰু বীৰত্বৰ কাহিনী দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।”

*****

MJPS/SR/DB