Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জি 7 সন্মিলনৰ সমান্তৰালভাৱে জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

জি 7 সন্মিলনৰ সমান্তৰালভাৱে জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-7 সন্মিলনৰ সমান্তৰালভাৱে জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰে। চলিত বৰ্ষত দুয়োগৰাকী নেতাৰ মাজত এয়া হৈছে দ্বিতীয়খন বৈঠক।

নেতাদ্বয়ে এই বছৰৰ আৰম্ভণিতে চেঞ্চেলৰৰ সফল ভাৰত ভ্ৰমণ তথা ভাৰত-ইউৰোপীয় সংঘৰ এফটিএ আলোচনাৰ সমাপ্তিৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ নতুন গতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰো। ভাৰত আৰু জাৰ্মানীয়ে ২০২৬ চনত কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ সময়তে, দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সেউজ আৰু বহনক্ষম উন্নয়ন, প্ৰযুক্তি, উদ্ভাৱন, শিক্ষা তথা গতিশীলতাকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা ৰোডমেপত স্বাক্ষৰ কৰা আৰু জাৰ্মানীৰ মাজেৰে যাতায়াত কৰা ভাৰতীয় নাগৰিকসকলৰ বাবে ট্ৰানজিট ভিছা ৰেহাই কাৰ্যকৰীকৰণক আদৰণি জনায়।

দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা গোলকীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰে। তেওঁলোকে পশ্চিম এছিয়াত সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে হোৱা বুজাবুজিকো আদৰণি জনায়।

চেঞ্চেলৰ মাৰ্জে এই বছৰৰ শেষৰ ফালে জাৰ্মানীত অনুষ্ঠিত হ’বলগীয়া অষ্টম ভাৰত-জাৰ্মানী আন্তঃ-চৰকাৰী পৰামৰ্শ (আই জি চি) অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়।

 

********

MJPS/SS/ST/MK