পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি গৌণ উৎসৰ পৰা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ পৃথকীকৰণ আৰু উৎপাদনৰ বাবে দেশত পুনৰ ব্যৱহাৰৰ সামৰ্থ্য বিকাশৰ বাবে ১৫০০ কোটি টকাৰ উদগনিমূলক আঁচনিত অনুমোদন জনায়।
এই আঁচনিখন গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা সক্ষমতা আৰু যোগান শৃংখলৰ সুস্থিৰতা অনাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযান (এনচিএমএম)ৰ এটা অংশ। অন্বেষণ, নিলাম আৰু খনি পৰিচালনা, আৰু বিদেশী সম্পত্তি অধিগ্ৰহণকে ধৰি জটিল খনিজ মূল্য শৃংখলৰ এক নিৰ্দিষ্ট সময় থাকে, তাৰ পূৰ্বে তেওঁলোকে ভাৰতীয় উদ্যোগলৈ গুৰুত্ব খনিজ যোগান ধৰিব পাৰে।অদূৰ ভৱিষ্যতে যোগান শৃংখলৰ বহনক্ষমতা নিশ্চিত কৰাৰ এটা বিচক্ষণ উপায় হ’ল গৌণ উৎসৰ পুনৰ ব্যৱহাৰ।
এই আঁচনিখনৰ সময়সীমা ছবছৰ। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে আঁচনিখন চলিব। ই-আৱৰ্জনা, লিথিয়াম আয়ন বেটাৰী (এল আই বি) স্ক্ৰেপ আৰু এলআইবি স্ক্ৰেপৰ উপৰি পৰিত্যক্ত বাহনৰ অন্তিম অনুঘটকীয় ৰূপান্তৰক ইয়াৰ যোগ্য ফিডষ্টক। বৃহৎ, প্ৰতিষ্ঠিত পুনৰ ব্যৱহাৰকাৰীৰ লগতে সৰু, নতুন পুনৰ ব্যৱহাৰকাৰী (ষ্টাৰ্ট-আপকে ধৰি) হ’ব প্ৰত্যাশিত হিতাধিকাৰী, যাৰ বাবে আঁচনিৰ ব্যয়ৰ এক তৃতীয়াংশ নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিখন নতুন ইউনিটত বিনিয়োগৰ লগতে বৰ্তমানৰ ইউনিটসমূহৰ ক্ষমতা সম্প্ৰসাৰণ/আধুনিকীকৰণ আৰু বৈচিত্ৰ্যৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।এই আঁচনিখনে কেৱল ব্লেক মাছ উৎপাদনৰ সৈতে জড়িত মূল্য শৃংখলৰ বাবে নহয়, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰকৃত নিষ্কাশনৰ লগত জড়িত পুনৰ ব্যৱহাৰৰ মূল্য শৃংখলৰ বাবে উদগনি প্ৰদান কৰিব।
অ’পেক্স ৰাজসাহায্য, যিটো ভিত্তি বৰ্ষত (২০২৫-২৬ বিত্তীয় বৰ্ষ) বৰ্ধিত বিক্ৰীৰ বাবে উদগনি হ’ব। অৰ্থাৎ দ্বিতীয় বছৰত যোগ্য অ’পেক্স ৰাজসাহায্যৰ ৪০% আৰু বাকী ৬০% ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে পঞ্চম বছৰত নিৰ্দিষ্ট হাৰত বৰ্ধিত বিক্ৰী লাভ কৰাৰ ওপৰত ভিত্তি কৰিব। অধিকসংখ্যক হিতাধিকাৰী নিশ্চিত কৰিবলৈ প্ৰতিটো সত্তাৰ বাবে মুঠ উদগনি (কেপেক্স প্লাছ অ’পেক্স ৰাজসাহায্য) বৃহৎ প্ৰতিষ্ঠানৰ বাবে ৫০ কোটি টকা আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ বাবে ২৫ কোটি টকাৰ সামগ্ৰিক সীমা নিৰ্ধাৰণ কৰা হ’ব, যাৰ ভিতৰত ক্ৰমে ১০ কোটি আৰু ৫ কোটি টকাৰ অ’পেক্স ৰাজসাহায্যৰ সীমা থাকিব।
মূল ফলাফলৰ ক্ষেত্ৰত আঁচনিৰ উদগনিসমূহে বাৰ্ষিক কমেও ২৭০ কিলোটন পুনৰ ব্যৱহাৰৰ সামৰ্থ্য বিকাশ কৰাৰ আশা কৰা হৈছে যাৰ ফলত বাৰ্ষিক প্ৰায় ৪০ কিলোটন গৰুত্বপূৰ্ণ খনিজ উৎপাদন হ’ব। ইয়াৰ বাবে প্ৰায় ৮,০০০ কোটি টকা বিনিয়োগ হ’ব আৰু প্ৰায় ৭০,০০০ প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব। আঁচনিখন প্ৰণয়নৰ পূৰ্বে নিৰ্দিষ্ট বৈঠক, আলোচনা চক্ৰ আদিৰ জৰিয়তে উদ্যোগ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কেইবালানি আলোচনা অনুষ্ঠিত কৰা হৈছে।
MJPS/BM/DB
This decision by the Union Cabinet pertaining to an incentive scheme to promote critical mineral recycling will boost capacities to recycle battery waste and e-waste, promote investment and encourage job creation.https://t.co/6deRyQekLM
— Narendra Modi (@narendramodi) September 3, 2025